নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোমেন বৰগোহাঞিৰ জীৱন–বীক্ষা

জগতক জানিবৰ বাবে মানুহে বিজ্ঞানক আহিলা হিচাপে গঢ়ি লৈছে৷ একেদৰে জীৱনক জানিবৰ বাবে মানুহৰ দুই প্রধান আহিলা হৈছে সাহিত্য আৰু কলা৷ আকৌ জগত আৰু জীৱন নামৰ দুই সত্তাৰ মাজত সেতু বন্ধন কৰিছে দর্শনে৷ এতেকে জগত–জীৱনৰ এক সন্মিলিত সত্তাক জানিবলৈ কিম্বা উপলব্ধি কৰিবলৈ হ’লে সাহিত্য, কলা, বিজ্ঞান আৰু দর্শনৰ সাহায্য মানুহক নহ’লেই নহয়৷ প্রবুদ্ধ জনসমাজত দৃষ্টিপাত কৰিলে অনুমান কৰিব পাৰি যে জীৱন আৰু জগতক সমানে অনুধাৱন কৰাৰ সামর্থ্য খুব তাকৰ মানুহেহে আয়ত্ত কৰিব পাৰে৷ পর্যবেক্ষণৰ এনে সামগ্রিকতা আর্জিবৰ নিমিত্তে যি দৃষ্টিভংগীৰ প্রয়োজন, তাক গঢ়ি তুলিবৰ বাবে প্রচুৰ অধ্যয়নৰ বিকল্প আৰু কি হ’ব পাৰে? আমাৰ বয়সৰ অর্থাৎ স্বৰাজোত্তৰ কালৰ অসমত জন্ম লোৱা লোকসকলক অর্থপূর্ণ অধ্যয়নৰ বাবে যিজন ব্যক্তিয়ে সর্বাধিক প্রেৰণা যোগাইছিল, তেখেতেই আছিল প্রকৃত অর্থত প্রজ্ঞাৰ সাধক হোমেন বৰগোহাঞি মহোদয়৷ ১৯৯৭ চনৰ পৰা ২০০০ চনলৈ প্রায় চাৰি বছৰ কাল মই বৰগোহাঞিদেৱৰ এজন জ্যেষ্ঠ সহযোগী হিচাপে কর্মৰত হোৱাৰ সুযোগ লাভ কৰিছিলোঁ৷ সেই সময়ছোৱাত ব্যক্তি হোমেন বৰগোহাঞিক নিচেই কাষৰ পৰা পাইছিলোঁ৷ কিন্তু এক অনুষ্ঠানস্বৰূপ হোমেন বৰগোহাঞিক মই অষ্টম–নৱম শ্রেণীৰ ছাত্র হৈ থকা কালৰে পৰা (১৯৭২–৭৩) জানিছিলোঁ৷ সেই সময়ত ক্ষমতাশালী চৰকাৰী পদবীৰ পৰা অব্যাহতি লৈ তেখেতে ‘সাপ্তাহিক নীলাচল’ নামৰ কাকতখনৰ সম্পাদনাৰ দায়িত্ব গ্রহণ কৰি অসমত এক বৌদ্ধিক আন্দোলনৰ সূচনা কৰিছিল৷ টান কিতাপ কেনেকৈ পঢ়িব লাগে, সেই বিষয়ত প্রথম পাঠ বৰগোহাঞি ছাৰৰ পৰাই মই পোনতে লাভ কৰিছিলোঁ৷ মুঠতে ‘সাপ্তাহিক নীলাচল’ সেই সময়ৰ অসমৰ বৌদ্ধিক সমাজখনৰ অঘোষিত মুখপত্রত পৰিণত হৈছিল৷ ‘আমাৰ অসম’ নামৰ দৈনিক কাকতখনৰ যোৰহাট সংস্কৰণৰ আৱাসিক সম্পাদক হিচাপে কার্যভাৰ গ্রহণ কৰাৰ পাছত এই কাকতৰ সম্পাদক হোমেন বৰগোহাঞি ছাৰৰ ঘনিষ্ঠ সান্নিধ্যলৈ আহিছিলোঁ৷ এক কথাত ক’বলৈ হ’লে ব্যক্তি হিচাপে তেখেত অত্যন্ত ‘মুডী’৷ সময়ত অতিশয় কঠোৰ আৰু আপোচবিহীন৷ আন সময়ত একেজন মানুহেই অতিশয় ৰসাল আৰু সৌজন্যপূর্ণ৷ যদিও তেখেতৰ লগত মোৰ ব্যক্তিগত সান্নিধ্যৰ স্মৃতি ৰোমন্থন কৰাটো আজিৰ এই লেখাৰ উদ্দেশ্য নহয়, তথাপি এটা দিনৰ কিছু কথা সুঁৱৰিবলৈ মই বিৱশ হৈ পৰিছোঁ৷ সেয়া ১৯৯৭ চনৰ মার্চ মাহৰ কোনোবা এটা দিন৷ স্থান যোৰহাটৰ আৱর্ত ভৱন৷ শ্রদ্ধেয় বৰগোহাঞিদেৱৰ লগত সেয়াই আছিল মোৰ প্রথম আনুষ্ঠানিক সাক্ষাৎ৷ কোঠাটোৰ ভিতৰত সেই মুহূর্তত উপস্থিত থকা আন দুজন ব্যক্তি আছিল প্রয়াত জি এল আগৰৱালা আৰু প্রয়াত কুমাৰ কিশোৰ পুৰকায়স্থ৷ পৰিচয়–পর্বৰ পাছতে বৰগোহাঞি ডাঙৰীয়াই মোক প্রশ্ণ কৰিলে – ‘আপুনি কম বয়সতে অভিধান প্রণয়ন কৰাৰ প্রেৰণা কাৰ পৰা পাইছিল?’ উত্তৰত মই কৈছিলোঁ– ‘১৯৭৮–৭৯ চনত ‘প্রকাশ’ আলোচনীৰ কোনো এটা সংখ্যাত আপুনি ‘ব্যাকৰণ, অভিধান, মনুষ্যত্ব ইত্যাদি’ শিৰোনামেৰে এটা প্রবন্ধ লিখিছিলে৷ ক’বলৈ গ’লে আপোনাৰ সেই প্রবন্ধটোৱেই মোক অভিধান প্রণয়নৰ দিশত প্রণোদিত কৰিছিল৷’ মোৰ কথা শুনি তেখেতে এই মন্তব্য কৰিছিল–”O I got my reward”৷
বৰগোহাঞি ছাৰৰ লগত একাধিকবাৰ একেখন গাড়ীতে ইপিনে–সিপিনে যোৱাৰ সুযোগ পাইছিলোঁ৷ তেনেকৈ এবাৰ ২০০২ খ্রীষ্টাব্দৰ জানুৱাৰী মাহৰ প্রথম সপ্তাহত আমি গুৱাহাটীৰ পৰা বঙাইগাঁৱলৈ যাত্রা কৰিছিলোঁ৷ আমাৰ আন এজন সহযাত্রী আছিল ভৱানীপ্রসাদ অধিকাৰী ডাঙৰীয়া৷ আমাৰ গাড়ীখন গৈ বকো পাওঁতে ছাৰে তাতে চালকক অলপ ৰখাবলৈ কৈ কেইটামান সুমথিৰা টেঙা কিনাই আনি নিজেও খালে আৰু আমাকো দিলে৷ এনেতে বৰগোহাঞি ছাৰক অপ্রাসংগিকভাৱে এটা প্রশ্ণ কৰি পেলালোঁ– ‘ছাৰ, এই বিশাল সৃষ্টিৰ কাৰণ সম্বন্ধে আপোনাৰ ধাৰণা কি?’ থোৰতে তেখেতে উত্তৰ দিলে– ‘একো ধাৰণা নাই৷’ তেখেতৰ মুখত এনে এষাৰ কথা শুনিবলৈ মই মুঠেও প্রস্তুত নাছিলোঁ৷ ভাবিছিলোঁ, আমাৰ সমাজৰ সবাতোকৈ অধ্যয়নপুষ্ট বুলি ভবা ব্যক্তিগৰাকীৰ পৰা গভীৰতম দার্শনিক বিষয়টো সন্দর্ভত কিছু চিন্তাৰ খোৰাক পাম৷ পিছে তেখেতে ক’লে– ‘একো ধাৰণা নাই৷’ কথাষাৰ শুনি মোৰ ভাল নালাগিল৷ বহু পলমকৈহে মোৰ উপলব্ধি হ’ল যে তেখেতৰ সেই তিনিটা শব্দৰ মাজতে এক মহান সত্য লুকাই আছিল৷ অর্থাৎ এই পাৰাপাৰহীন সৃষ্টিৰ কাৰণ সম্বন্ধে এটা নির্ভুল ধাৰণা কৰাটো কোনো মানুহৰ পক্ষে অতীততো সম্ভৱ হোৱা নাছিল আৰু ভৱিষ্যতেও নহ’ব৷ সেয়ে জড়–জগত সম্বন্ধীয় এনেবিলাক বিষয়ত মূৰ ঘমোৱাটো হোমেন বৰগোহাঞিৰ দৰে মানুহৰ বাবে সময়ৰ অপচয় মাথোন৷ কবি নৱকান্ত বৰুৱাই এটি গীতত এনেদৰে কৈছিল– ‘আকাশ আমাৰ অকণি আকাশ দিয়াঁ, মাটিৰ বুকুত উচুপে আমাৰ আকাশপিয়াসী হিয়া৷’ নৱকান্ত বৰুৱাদেৱৰ দৰে হোমেন বৰগোহাঞি মহোদয়ৰ সকলো চিন্তা–চর্চাও সম্ভৱতঃ পৃথিৱীকেন্দ্রিক আছিল৷ যিবিলাক প্রশ্ণৰ উত্তৰৰ অন্বেষণে এই মাটিৰ জীৱনক একো প্রকাৰে প্রভাৱিত নকৰে, সিবোৰৰ অন্বেষণত সময় অপব্যয় কৰাৰ পক্ষপাতী তেখেত নাছিল৷ অৱশ্যে তাৰ অর্থ এইটো নহয় যে মহাবিশ্বৰ ব্যাপকতা অথবা অসীমতা সম্বন্ধে বৰগোহাঞিদেৱ উদাসীন আছিল৷ বৰং সেই বিশালতা অনুভৱ কৰিয়েই তেখেতে এটা লেখাত মন্তব্য কৰিছিল যে শেহান্তৰত এই ভূকেন্দ্রিক জীৱনৰ একো অর্থ নাই৷ তেখেতৰ ৰচনাত তেনে এক মন্তব্য দেখিও মই উচাপ খাই উঠিছিলোঁ৷ প্রকৃততে শুনিবলৈ অপ্রিয় হ’লেও সুদীর্ঘ কালৰ গভীৰ চিন্তাৰ পৰিণতিৰ ৰূপতহে এনে কথা অভিব্যক্ত হয়৷ পৃথিৱীকেন্দ্রিক জীৱনৰ অসাৰতাৰ কথা কোনে কোৱা নাই? সেইবাবেইতো জ্ঞানী লোকসকলে এক মহাজীৱনৰ অস্তিত্বত গুৰুত্ব প্রদান কৰি আহিছে৷ কিন্তু বিজ্ঞান আৰু ধর্মই দাঙি ধৰা মহাজীৱনৰ সংজ্ঞাৰ পার্থক্য মন কৰিবলগীয়া৷ বিজ্ঞানে গ্রহান্তৰত জীৱনৰ সন্ধান কৰি এক মহাজীৱনৰ ভিত্তি নির্মাণ কৰিব খোজে৷ তাৰ বিপৰীতে ধর্মৰাজ্যৰ গুৰিয়ালসকলে জন্মান্তৰবাদৰ জৰিয়তে মহাজীৱনৰ সেতু নির্মাণৰ প্রয়াস কৰে৷ কিন্তু হোমেন বৰগোহাঞিদেৱৰ দৰে চিন্তাশীল ব্যক্তিৰ সমস্ত ধ্যান–ধাৰণা জন্ম–মৃত্যুৱে সীমিত কৰি ৰখা এই পার্থিৱ জীৱনতে কেন্দ্রীভূত৷ সেইসকলৰ দৃষ্টিত এক অখণ্ড জীৱনৰ ধাৰণা চিন্তাৰ বিলাসিতাহে মাথোন৷ সেয়ে আশা–নিৰাশা, হাঁহি–কান্দোনেৰে পৰিপূর্ণ এই মাটিৰ জীৱন শেষ বিচাৰত যিমানেই অর্থহীন নহওক কিয়, ইয়াক মহিমামণ্ডিত কৰি তোলাটোৱেই শিল্পী–সাহিত্যিকসকল্ পুৰুষার্থ ৰূপে প্রতিপন্ন হয়৷
লেখক হিচাপে হোমেন বৰগোহাঞি সততে আছিল যুক্তিবাদী৷ এবাৰ কোনো এটা ভয়ংকৰ প্রাকৃতিক দুর্যোগত লক্ষাধিক লোকে প্রাণ হেৰুওৱাৰ পাছত ‘ইশ্বৰৰ ভৱিষ্যৎ’ শীর্ষৰে তেখেতৰ এটা লেখা প্রকাশ পাইছিল৷ সেই লেখাটোত তেওঁ প্রশ্ণ কৰিছিল যে সেই দুর্ঘটনাত মৃত্যু হোৱা লক্ষাধিক লোকৰ মাজত এজনো প্রকৃত ঈশ্বৰভক্ত লোক নাছিল নেকি৷ অৱশ্যে আধ্যাত্মিকতাৰ বিষয়টো তেওঁ একেবাৰে পৰিহাৰ কৰি চলা নাছিল৷ কিয়নো অসমৰ এগৰাকী লব্ধপ্রতিষ্ঠ সাহিত্যিক চৈয়দ আব্দুল মালিকৰ মৃত্যুৰ পাছত প্রকাশিত লেখা এটাত বৰগোহাঞিদেৱে এই মন্তব্য কৰিছিল – ‘যোৱা কিছুদিন ধৰি মই তেওঁক (মালিকক) এক আধ্যাত্মিক অস্থিৰতাত ভোগা দেখিবলৈ পাইছিলোঁ৷’ এই ‘আধ্যাত্মিক অস্থিৰতা’ৰ সংজ্ঞা অথবা ব্যাখ্যা তেখেতে দাঙি ধৰা নাছিল৷ তথাপি আধ্যাত্মিকতা বুলি যে কিবা এটা বিচাৰধাৰা আছে, তাক বৰগোহাঞিদেৱে প্রকাৰান্তৰে হ’লেও স্বীকাৰ কৰি লোৱা যেন লাগে৷
এইখিনিতে এটা কথা লক্ষণীয় যে হোমেন বৰগোহাঞিদেৱৰ সামগ্রিক চিন্তাধাৰাত প্রাচ্যতকৈ পাশ্চাত্যৰ প্রভাৱ অধিক আছিল৷ পাশ্চাত্যৰ যুক্তিবাদ, মানৱতাবাদ আদি ধাৰণাসমূহৰ দ্বাৰা পুষ্ট হৈ তেখেতে অসমীয়া সাহিত্যলৈ আধুনিকতাৰ জোৱাৰ আনিছিল৷ অৱশ্যে তাৰ অর্থ এইটো নহয় যে ভাৰতীয় চিন্তা–চর্চা সম্বন্ধে তেখেতৰ অধ্যয়ন নাছিল৷ ৰবীন্দ্রনাথৰ পৰা ঋষি অৰবিন্দৰ কর্মৰাজিলৈকে এই সকলো তেখেতৰ অধ্যয়ন–পৰিধিৰ অন্তর্গত আছিল৷ তথাপি পাশ্চাত্যৰ আধুনিক চিন্তাৰাজিয়ে বৰগোহাঞিদেৱৰ দৃষ্টিভংগীক অধিক মাত্রাত প্রভাৱিত কৰিছিল৷ আন কথাত ক’ব পাৰি, তেখেত প্রাচ্য–পাশ্চাত্যৰ মহান চিন্তাৰাজিৰ সেতুবন্ধনত ৰত হৈছিল৷ কিন্তু হোমেন বৰগোহাঞিদেৱৰ দৃষ্টিত ধর্মীয় অনুষ্ঠানসমূহ মানুহৰ বাবে তেনেই অপ্রয়োজনীয়৷ প্রসিদ্ধ পাশ্চাত্যৰ চিন্তানায়ক ভল্টেয়াৰে এষাৰ কথা কৈছিল যে ঈশ্বৰ প্রকৃততে থাকক বা নাথাকক, সময়ে সময়ে এজন ঈশ্বৰ মানুহে গঢ় দি লোৱাটো বেয়া কথা নহয়৷ কিন্তু বৰগোহাঞিদেৱে ভল্টেয়াৰৰ ঠিক বিপৰীত স্থিতি গ্রহণ কৰা বুলি নিশ্চিতভাৱে ক’ব পাৰি৷ অর্থাৎ তেখেতৰ মতে ঈশ্বৰৰ অস্তিত্ব প্রকৃততে থাকক বা নাথাকক, তেওঁ মানুহৰ জীৱনত একো প্রকাৰে প্রাসংগিক নহয়৷ সেয়ে তেখেতৰ বহুতো ৰচনাত নাস্তিকতাবাদী দৃষ্টিভংগীহে প্রকট হৈ উঠে৷ মানৱতাবাদেই তেখেতৰ সমস্ত সৃষ্টিকর্মৰ মূল প্রেৰণা বুলি একে আষাৰে ক’ব পাৰি৷ চন্দ্রকুমাৰ আগৰৱালাৰ ‘মানৱ বন্দনা’ কবিতাত কোৱাৰ দৰে ‘মানুহেই দেৱ মানুহেই সেৱ, মানুহ বিনে নাই কেও’ কথাষাৰকে বৰগোহাঞিদেৱে সাৰোগত কৰি লোৱা যেন লাগে৷ কিন্তু তেখেত যিহেতু এজন ঘোষিত মার্ক্সবাদী নাছিল, সেয়ে তেওঁৰ এই মানৱতাবাদ মার্ক্সিষ্টসকলৰ দৃষ্টিত ‘বুর্জোৱা মানৱতাবাদ’হে৷ প্রসিদ্ধ বঙলা কথাশিল্পী পৰচ্চন্দ্রৰ সৃষ্টিৰাজিৰ বেলিকাও তেওঁলোকে একে আখ্যাকে দি আহিছে৷

You might also like