টিকাকৰণ
দেশতক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংহাৰলীলা অব্যাহত আছে৷ নিতৌ বৃদ্ধি পাই গৈ আছে মাৰাত্মাক ভাইৰাছত আক্রান্ত আৰু মৃত লোকৰ সংখ্যা৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্যৰ উদ্ধৃতিৰে সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি যোৱা ১৮ মে’ পর্যন্ত ভাৰতত ২,৫৪,৯৬,৩৩০জন লোকৰ দেহলৈ ক’ৰোনা ভাইৰাছ সংক্রমিত হোৱাৰ বিপৰীতে ২,৮৩,২৪৮জন লোক মৃত্যুমুখত পৰিছে৷ কেৱল ১৮ মে’তেই ২,৬৭,৩৩০জন লোক ক’ভিড–১৯ত আক্রান্ত হৈছে আৰু প্রাণহানি হৈছে ৪,৫২৯জনৰ৷ বিভীষিকাময় পৰিস্থিতিৰ মাজতে এটা আশাব্যঞ্জক খবৰ যে ভাৰতত দৈনিক ক’ৰোনা আক্রান্ত লোকৰ সংখ্যা একেৰাহে যোৱা তিনি দিন ধৰি ৩ লাখৰ তলত আছে৷ এইদৰে সংক্রমণ কিছু হ্রাস পালেও কিন্তু মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই গৈ আছে৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ প্রধান উপায়টো প্রতিষেধক প্রদান বা টিকাকৰণ বুলি চিহ্ণিত হৈছে৷ ভাৰতত যোৱা ১৬ জানুৱাৰীৰ পৰা টিকাকৰণ কর্মসূচী আৰম্ভ হৈছিল৷ বর্তমানেও এই টিকাকৰণ প্রক্রিয়া অব্যাহত আছে যদিও যি ধৰণে আগবাঢ়িব লাগিছিল, বিষয়টোৱে সেইদৰে গতি লাভ নকৰা বুলি বিভিন্ন মহলত অভিযোগ উত্থাপিত হৈছে৷ অভিযোগ অনুসৰি কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহলৈ প্রয়োজন মতে প্রতিষেধক আগবঢ়াব পৰা নাই৷ ফলত টিকাকৰণৰ আওতাৰ পৰা বহু লোক বাদ পৰি গৈছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্যতেই টিকাকৰণ প্রক্রিয়া যথেষ্ট মন্থৰ গতিৰে আগবঢ়াটো স্পষ্ট হৈছে৷ তথ্য অনুসৰি যোৱা ১৬ জানুৱাৰীৰ পৰা ১৮ মে’ পর্যন্ত মুঠ ১৮,৫৮,০৯,৩০২জন লোকক প্রদান কৰা হৈছে প্রতিষেধক৷ ১৮ মে’ৰ দিনটোত সমগ্র দেশত প্রতিষেধক প্রদান কৰা হয় মাত্র ১৩,৫৬,১৫৩জন লোককহে৷ বিভিন্ন গৱেষণাত ইতিমধ্যে ক’ভিড–১৯বিৰোধী যুঁজত প্রতিষেধকৰ কার্যকাৰিতা তথা ইতিবাচক দিশ স্পষ্ট হৈছে৷ এই দিশলৈ চাই টিকাকৰণ প্রক্রিয়াটো ক্ষিপ্র গতিৰে আগবঢ়াই নিলে মাৰাত্মক ভাইৰাছৰ কবলৰ পৰা দেশবাসীক ৰক্ষা কৰাটো সম্ভৱপৰ হৈ উঠিব৷ সেয়েহে কেন্দ্রীয় চৰকাৰ তথা স্বাস্থ্য মন্ত্রালয়ে এইক্ষেত্রত গুৰুত্ব আৰোপ কৰা উচিত৷
অক্সফ’ড বিশ্ববিদ্যালয় আৰু ব্রিটেইনৰ জাতীয় পৰিসংখ্যা কার্যালয়ে শেহতীয়াকৈ এক যুটীয়া গৱেষণাৰ ফলাফল প্রকাশ কৰিছে৷ ব্রিটেইনৰ ৩.৫০ লাখ ক’ভিড আক্রান্ত ৰোগীক সামৰি লৈ চলোৱা এই গৱেষণাই ফাইজাৰ আৰু অক্সফ’ড বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা প্রতিষেধকৰ কার্যকাৰিতা সম্পর্কত গুৰুত্বপূর্ণ বিশ্লেষণ আগবঢ়াইছে৷ গৱেষণাটোত উল্লেখ কৰা অনুসৰি ফাইজাৰ আৰু অক্সফ’ড বিশ্ববিদ্যালয়ৰ প্রতিষেধকৰ প্রথমটো ড’জ ল’লেই ক’ভিড–১৯ সংক্রমণৰ হাৰ কমেও ৬৫ শতাংশ হ্রাস পায়৷ সেইদৰে দুটা ড’জ লোৱা ব্যক্তিসকলৰ ক্ষেত্রত মাৰাত্মক ভাইৰাছ সংক্রমণৰ হাৰ ৯০ শতাংশ কমিব পাৰে৷ জ্যেষ্ঠ নাগৰিক আৰু তৰুণ প্রজন্মৰ ক’ভিড আক্রান্ত ৰোগী উভয়কে সামৰি লোৱা এই গৱেষণাৰ ফলাফল ক’ৰোনাসৃষ্ট ভয়ংকৰ পৰিস্থিতিত যথেষ্ট সকাহপূর্ণ ৰূপে চিহ্ণিত হৈছে৷ সেইদৰে দিল্লীৰ ইন্দ্রপ্রস্থ এপ’লো হাস্পতালত এটা বিশেষজ্ঞৰ দলে চলোৱা গৱেষণাত আন এক গুৰুত্বপূর্ণ তথ্য পোহৰলৈ আহিছে৷ এই গৱেষণাটোত উল্লেখ কৰা অনুসৰি প্রতিষেধক গ্রহণ কৰাৰ পিছত ক’ৰোনা আক্রান্তসকলৰ ক্ষেত্রত হাস্পতালত চিকিৎসাধীন হোৱাৰ সম্ভাৱনা ১ শতাংশতকৈ কম৷ তদুপৰি প্রতিষেধক লোৱা লোকসকলৰ ৯৭.৩৮ শতাংশ লোক মাৰাত্মক ভাইৰাছৰ পৰা সুৰক্ষিত৷ এনে ধৰণৰ গৱেষণা তথা তাৰ ফলাফলক গুৰুত্ব প্রদান কৰিয়েই চৰকাৰে সমগ্র দেশত টিকাকৰণ প্রক্রিয়া ক্ষিপ্রতাৰে আগবঢ়াই নিলে হয়তো মাৰাত্মক ভাইৰাছৰ সংক্রমণ প্রতিৰোধ সম্ভৱপৰ হৈ উঠিব৷ ইতিমধ্যে কেইবাখনো ৰাজ্য চৰকাৰে ক’ৰোনাৰ প্রতিষেধকৰ যোগান পর্যাপ্ত হোৱা নাই বুলি অভিযোগ উত্থাপন কৰি আহিছে৷ ইয়াৰ বিপৰীতে অৱশ্যে কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে প্রয়োজন অনুসৰি সকলো ৰাজ্যলৈ প্রতিষেধক যোগান ধৰা হ’ব৷ কেন্দ্রীয় চৰকাৰে কৰা এই ঘোষণাক যথাসম্ভৱ শীঘ্রে বাস্তৱ ৰূপ দিয়াৰ বাবে পদক্ষেপ গ্রহণ কৰা উচিত৷ ভেকচিন অবিহনে মহামাৰীৰ পৰা পৰিত্রাণ পোৱাটো যে সম্ভৱ নহয় সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷