নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি শতাধিক ৰোগীক সৎকাৰ কৰি নিজেই ক’ৰোনাৰ বলি প্রবীণ কুমাৰ

নিয়মীয়া বাৰ্তা ২০ মেঃ ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু হোৱা ৩০০তকৈ অধিক লোকৰ মৃতদেহ অন্তিম সৎকাৰ কৰি জনমানসত হিৰো হিচাপে পৰিচিত হোৱা হাৰিয়ানাৰ প্রবীণ কুমাৰ নামৰ লোকজন নিজেই ঘাতক ভাইৰাছৰ বলি হ’ল৷ ৰাজ্যখনৰ হিচাৰ পৌৰ নিগমৰ কর্মচাৰী ৪৩ বছৰীয়া প্রবীণ কুমাৰে ক’ভিড–১৯ত আক্রান্ত হোৱা ৩০০তকৈ অধিক ৰোগীক অন্তিম সৎকাৰ কৰি মানৱীয়তাৰ নিদর্শন দাঙি ধৰিছে৷ ক’ভিড প্রট’কল মানি ৩০০তকৈ অধিক ৰোগীৰ মৃতদেহ সৎকাৰ কৰা প্রবীণ কুমাৰ কিছুদিন পূর্বে ক’ভিড–১৯ত আক্রান্ত হয় আৰু ব্যক্তিগত চিকিৎসালয়ত মৃত্যু ঘটে৷

You might also like