২০১৭ চনতে মালয়েছিয়াত কুকুৰৰ পৰা মানুহৰ দেহলৈ সংক্রমিত হৈছিল ক’ৰোনা
নিয়মীয়া বাৰ্তা ২২ মেঃ বিশ্বজুৰি ক’ভিড–১৯ মহামাৰীৰ কেইবাটাও প্রকৰণে সংহাৰ সৃষ্টি কৰাৰ সময়তে মালয়েছিয়াৰ চিকিৎসা বিশেষজ্ঞসকলে ঘোষণা কৰিছে যে ক’ৰোনা ভাইৰাছ মহামাৰীৰ প্রথম কুকুৰৰ পৰা মানুহৰ দেহলৈ সংক্রমণ ঘটিছিল৷ ২০১৭–১৮ চনত নিউমোনিয়াত আক্রান্ত কেইবাগৰাকীও ৰোগীৰ দেহত ধৰা পৰিছিল ক’ৰোনা ভাইৰাছৰ উপস্থিতি৷
শেহতীয়াকৈ মালয়েছিয়াৰ চিকিৎসা গৱেষকসকলে চলোৱা অধ্যয়নৰ সবিশেষ প্রকাশ পাইছে ক্লিনিকেল ইনফেকচিয়াাছ ডিজিজ নামৰ জার্নালখনত৷ এই অধ্যয়নৰ পৰা চিকিৎসকসকল এক সিদ্ধান্তত উপনীত হৈছে যে মানুহৰ উপৰি অন্য জীৱ–জন্তুও ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হ’ব পাৰে৷
লক্ষণীয়ভাৱে মালয়েছিয়াত কুকুৰৰ পৰা মানৱ দেহলৈ সংক্রমিত ক’ৰোনাক অষ্টমটো ভয়াৱহ প্রকৰণ বুলি অভিহিত কৰিছে চিকিৎসা বিজ্ঞানীসকলে৷ ২০১৭–১৮ত মালয়েছিয়াৰ চিকিৎসকসকলে ৩০১গৰাকী নিউমোনিয়া আক্রান্ত ৰোগীৰ পৰা নজেল স্বাব সংগ্রহ কৰিছিল৷ ইয়াৰে ৫টা শিশুৰ দেহত ক’ৰোনাৰ উপস্থিতি ধৰা পৰিছিল৷ লক্ষণীয়ভাৱে মহামাৰীয়ে সেই সময়ত অধিক লোকক আক্রান্ত কৰিবলৈ সক্ষম হোৱা নাছিল যদিও ক’ৰোনাৰ প্রাদুর্ভাৱৰ আশংকা তেতিয়াই সৃষ্টি হৈছিল বুলি উল্লেখ কৰিছে চিকিৎসকসকলে৷