নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰোধানেৰে সোণোৱালী মৰিগাঁৱৰ পথাৰ

নিয়মীয়া বাৰ্তা, ২৪ মে’: মহামাৰী ক’ৰোনাৰ সংহাৰ মূর্তিয়েও অৱদমিত কৰি ৰাখিব পৰা নাই বৰোধান উৎপাদনকাৰী মৰিগঞা কৃষকৰ মনোবল৷ ৰাজ্যখনৰ কৃষি অর্থনীতিৰ বাবে সুখৰ বতৰা যে এইবাৰ মৰিগাঁও জিলাত অভিলেখ পৰিমাণৰ ৫০,৩৬১ হেক্টৰ কৃষিভূমিত বৰোধানৰ কঠীয়া ৰোপণ কৰা হৈছিল আৰু এই ফচল বর্তমান পকিবলৈ ধৰাত পথাৰ সোণোৱালী হৈছে৷ কোনো কোনো অঞ্চলত কৃষকে উদ্যমেৰে ধান চপাইছে৷ যোৱা বছৰ জিলাখনত ৫০,২১১ হেক্টৰ মাটিত বৰোধানৰ খেতি কৰা হৈছিল, এই বর্ষত ১৫০ হেক্টৰ মাটিত বেছিকৈ বৰোধানৰ খেতি হৈছে৷

উল্লেখ্য যে বানে গৰকা খহনীয়া–বিধ্বস্ত জিলাখনত শালিখেতি প্রায় বাদ দিছে খেতিয়কে, বিকল্প খেতি হিচাপে খেতিয়কে বৰোধান উৎপাদন, ৰবি শস্য আৰু উদ্যান শস্যত অধিক গুৰুত্ব আৰোপ কৰিছে৷ মৰিগাঁও জিলা কৃষি বিভাগৰ কিছু পৰিমাণৰ কঠীয়া যোগান, অগভীৰ নলীনাদেৰে (ৰহাস্থিত কৃষি আভিযান্ত্রিক শাখাৰ দ্বাৰা), জলসিঞ্চন বিভাগৰ গভীৰ নলীনাদ আৰু কেইবাখনো আঁচনিৰে পানী যোগান দিয়াৰ ফলত উপকৃত হৈছে কৃষক৷ তদুপৰি কৃষকে ব্যক্তিগত উদ্যোগতো পানী যোগানৰ ব্যৱস্থা কৰি লৈছে৷ এই সমন্বিত প্রচেষ্টাৰ উৎপাদনত মৰিগাঁও জিলা কৃষি বিভাগৰ পৃষ্ঠপোষকতা আৰু সুপৰিচালনাৰ বাবে এইবাৰ অভিলেখসংখ্যক বৰোধান উৎপাদন হৈছে৷ এইবাৰ ২,৮১,৬৮৪ মেট্রিকটন বৰোধান উৎপাদন হ’ব বুলি কৃষি বিভাগৰ সূত্রে প্রকাশ, যিটো হ’ব সর্বকালৰ অভিলেখ৷

অৱশ্যে এইবাৰ বতৰেও সহায় কৰিছে কৃষকক৷ ইফালে, পানী যোগানৰ সময়ত ডিজেল ক্রয়ৰ সমস্যাত এইবাৰো ভুগিছে খেতিয়কে৷ ডিজেল ক্রয়ৰ বাবে ৰাজসাহায্যৰ দাবী কৰি আছে খেতিয়কসকলে৷ আনহাতে বিপুল পৰিমাণৰ উৎপাদন হোৱা ধান বিক্রীৰ ক্ষেত্রত প্রতিবছৰেই বঞ্চনাৰ বলি হৈ আহিছে খেতিয়কসকল৷

জানিব পৰা মতে, এইবাৰ চৰকাৰে ধান ক্রয়ৰ মূল্য কুইণ্টলেপতি নির্ধাৰণ কৰিছে ১,৮৬৮ টকা অর্থাৎ মোনেপতি ৭৫৪ টকা৷ মাটি চহোৱা, উন্নতমানৰ কঠীয়া বৈজ্ঞানিক পদ্ধতিৰে ৰোপণ, পানী যোগান, সাৰ আৰু কীট–পতংগ প্রতিৰোধক ঔষধ প্রয়োগৰ ফলত উৎপাদন ব্যয় যথেষ্ট হয়৷ তথাপি নির্ধাৰিত মূল্যত বিক্রী কৰিব পাৰিলে খেতিয়কে লাভৰ মুখ দেখিলেহেঁতেন৷ তাৰ বাবে স্থানীয় ডাঙৰ বজাৰসমূহত চৰকাৰে পোনপটীয়াকৈ ধান ক্রয় কৰাৰ প্রয়োজন৷ এই ব্যৱস্থা নোহোৱাৰ ফলত ধনৱন্ত ব্যৱসায়ীসকলে বজাৰসমূহত ধানৰ মূল্য নিয়ন্ত্রণ কৰে আৰু কম দামত খেতিয়কক ধান বিক্রী কৰিবলৈ বাধ্য কৰে৷ এইবাৰ ক’ৰোনা মহামাৰীৰ বাবে বজাৰসমূহ বন্ধ হৈ থকাত খেতিয়কৰ ধান বিক্রীৰ সমস্যা অধিক জটিল হ’ব৷ মধ্যভোগী সদাগৰসকলে কৃষকক শোষণ কৰা আৰু পাভচোঁচা দিয়া কার্য বন্ধ কৰাৰ বাবে চৰকাৰৰ পৰা ইতিবাচক পদক্ষেপ গ্রহণৰ আশা কৰিছে কৃষকসকলে৷

উল্লেখ্য যে ১৯৯৬ চনৰ প্রফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন চৰকাৰৰ কৃষিমন্ত্রী আছিল বর্তমানৰ জ্যেষ্ঠ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী৷ পাটোৱাৰীৰ উদ্যোগতে মৰিগাঁৱত বৰোধানৰ সেউজ বিপ্লৱ আৰম্ভ হৈছিল৷ আনকি তদানীন্তন ৰাজ্যপাল এছ কে সিনহাও নামিছিল ৰজামায়ঙৰ বৰোধানৰ খেতিত৷ সেই অভিযান আৰু উৎপাদন কার্যই বর্তমান পৰিপূর্ণতা লাভ কৰিছে৷ মৰিগঞা বৰোধানৰ কৃষকে অসমৰ কৃষি অর্থনীতি সবল কৰাত কিঞ্চিৎ পৰিমাণে হ’লেও অৰিহণা আগবঢ়াইছে৷ গৃহ জিলা মৰিগাঁৱৰ পৰা প্রতিনিধিত্ব কৰা মন্ত্রী পীয়ূষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰী আৰু ডাঃ আছিফ নাজাৰৰ পৰাও ইতিবাচক ভূমিকা আশা কৰিছে কৃষকসকলে৷ সর্বোপৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যাতে মুনাফালোভী ব্যৱসায়ীৰ কবলৰ পৰা মুক্ত কৰি কৃষকসকলৰ পৰা পোনপটীয়াকৈ ধান ক্রয়ৰ ব্যৱস্থা এটা গঢ়ি তোলে, তাৰেই আশা ৰাখিছে কৃষক ৰাইজে৷

You might also like