নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২.৭৫ কোটি বছৰ ব্যৱধানত মহাপ্রলয়

পৃথিৱীৰ হৃদপিণ্ডত জি’লজিকেল এক্টিভিটীক লৈ গৱেষণা

নিয়মীয়া বাৰ্তা ২৩ জুনঃ পৃথিৱীৰো আছে হৃদপিণ্ড আমাৰ বাসভূমি এই গ্রহটোৰ প্রাণীৰ দৰে হয় হৃদস্পন্দন৷ হৃদস্পন্দনৰ উত্থান–পতন ঘটে ২ কোটি ৭৫ লাখ বছৰৰ ব্যৱধানত আৰু তেতিয়াই ঘটে মহাপ্রলয়৷ সাগৰ–মহাসাগৰৰ জলপৃষ্ঠ উঠি আহে৷ যেন নিদ্রাৰ পৰা জাগ্রত হৈ আগ্ণেয়গিৰিবোৰে আৰম্ভ কৰে অগ্ণিবৃষ্টি৷ ভূপৃষ্ঠৰ তলত বিশাল টেক্টনিক প্লেটবোৰৰ মেৰুবোৰৰ মাজত আৰম্ভ হয় তীব্র ঘর্ষণ৷ ইয়াৰ ফলত সৃষ্টি হয় ভূমিকম্পৰ৷ সমগ্র পৃথিৱীত তেতিয়াই আৰম্ভ হয় ধ্বংসযজ্ঞ৷ বিজ্ঞানৰ পৰিভাষাত এই ঘটনাক জি’লজিকেল এক্টিভিটী বুলি কোৱা হয়৷ ভূতাত্ত্বিক গাঁথনিৰ আমূল পৰিৱর্তন আহি পৰে৷

অৱশ্যে কিয় নির্দিষ্ট সময়ৰ ব্যৱধানত এই ভূতাত্ত্বিক গঠনৰ আমূল পৰিৱর্তন ঘটে তাৰ কোনো কাৰণ এতিয়াও জানিব পৰা হোৱা নাই৷ কিন্তু গৱেষকসকলে এই সন্দর্ভত জাৰি ৰাখিছে অধ্যয়ন৷ সম্প্রতি এই সন্দর্ভত প্রকাশ পাইছে এক গৱেষণা–পত্র৷ গৱেষণা–পত্রখন প্রকাশ পাইছে আন্তর্জাতিক বিজ্ঞান গৱেষণা–পত্রিকা ‘জি’ছায়েঞ্চ ফ্রণ্টিয়ার্ছ’ত৷ গৱেষণা অনুসৰি পৃথিৱীৰ এই হৃদপিণ্ডৰ স্পন্দনৰ ছন্দতেই ২৬ কোটি বছৰ পূর্বে ডাইন’ছৰবোৰ আহিছিল৷ আকৌ এনে পৰিঘটনাতে বিলুপ্ত হৈছিল ডাইন’ছৰ৷ মহাসাগৰবোৰ এনে পৰিঘটনাৰে সৃষ্টি৷ ২৬ কোটি বছৰৰ পৃথিৱীত ৮৯টা এনে মহাপ্রলয়ৰ ঘটনাক চিহ্ণিত কৰিছে বিজ্ঞানীসকলে৷

You might also like