নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রিকেটতবর্ণবাদ ভদ্রলোকৰ নিন্দিত আচৰণ

জীৱনৰ প্রথম টেষ্ট, তাকো ক্রিকেটৰ মক্কা লর্ডছত৷ প্রথম ইনিংছত ৭৫ ৰানৰ বিনিময়ত দখল কৰে চাৰিটা গুৰুত্বপূর্ণ উইকেট৷ বেট হাতত লৈ দললৈ আগবঢ়াই ৪২ ৰানৰ অনবদ্য বৰঙণি৷ ইয়াৰ পিছত নিউজিলেণ্ডৰ দ্বিতীয় ইনিংছত ২৬ ৰানত দখল কৰে তিনিটাকৈ উইকেট৷ এক কথাত স্বপ্ণৰ অভিষেক৷ তেওঁৰ এই স্বপ্ণৰ অভিষেকৰ কথা চর্চিত হ’ব লাগিছিল ক্রিকেট বিশ্বত৷ কিন্তু ইংলেণ্ডৰ পেচ বলাৰ অলী ৰবিনছন চর্চিত হ’ল এক নিন্দাজনক কাৰণত৷ যোৱা দুই জুনৰ পৰা লর্ডছত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা প্রথম টেষ্টত ঘৰুৱা দলত স্থান পাইছিল ২৭ বছৰীয়া ৰবিনছনে৷ প্রথম দিনৰ খেলতে আন্তঃৰাষ্ট্রীয় ক্রিকেটত নিজৰ উপস্থিতি প্রমাণ কৰিবলৈ সক্ষম হোৱাৰ লগতে ক্রিকেটপ্রেমীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সমর্থ হয়৷ ইয়াৰ পিছতে আন এক অথন্তৰৰ সৃষ্টি হয়৷ ভদ্রলোকৰ খেল ক্রিকেটক কলুষিত কৰাৰ বাবে সর্বত্র নিন্দিত হয় ৰবিনছন৷
তেতিয়া ৰবিনছনৰ বয়স ১৮ বছৰ৷ সেয়া আজিৰ পৰা আঠ–ন বছৰ আগৰ কথা৷ চনটো ২০১৩, কেণ্ট এৰি ইয়র্কশ্বায়াৰলৈ আহিছিল অলী ৰবিনছন৷ সেই সময়ত এছিয়ান, মুছলমান, কৃষ্ণাংগসকলকলৈ এলানি টুইট কৰিছিল তেওঁ৷ য’ত ৰবিনছনে মুছলমানসকলক বোমা, কৃষ্ণাংগসকলক ইবলা ভাইৰাছৰ লগত তুলনা কৰাৰ লগতে মহিলা আৰু এছিয়ানসকলৰ বিৰুদ্ধে চৰম অপমানসূচক বর্ণবাদী মন্তব্য কৰিছিল৷ লর্ডছ টেষ্টৰ প্রাকমুহূর্তত ইংলেণ্ড আৰু নিউজিলেণ্ডৰ খেলুৱৈসকলে বর্ণবাদৰ বিৰুদ্ধে অৱস্থান গ্রহণ কৰি ‘মোমেণ্ট অৱ ইউনিটী’ কার্যসূচীত অংশগ্রহণ কৰিছিল৷ ইয়াৰ পিছত ৰবিনছনে দলত স্থান পোৱাত তেওঁৰ পূর্বৰ টুইটসমূহ ভাইৰেল হৈ পৰে৷ প্রথম দিনৰ খেলৰ অন্তত ৰবিনছনে নিজৰ এই কৃতকর্মৰ বাবে ক্ষমা বিচাৰে৷ ইয়াৰ পিছতে ইংলেণ্ড এণ্ড ৱেলছ ক্রিকেট ব’র্ডে ৰবিনছনক আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ পৰা নিষিদ্ধ কৰে৷ অকল ৰবিনছনেই নহয়, বহুবাৰ ভদ্রলোকৰ নিন্দিত আচৰণ বর্ণবাদে ক্রিকেটৰ পথাৰক কলুষিত কৰিছে৷
প্রতিজন ক্রিকেটপ্রেমীৰ নিশ্চয় মনত আছে, বর্ণবাদী আচৰণৰ বাবেই দক্ষিণ আফ্রিকা দলটো খেলপথাৰৰ পৰা বহু বছৰ নিষিদ্ধ হৈ আছিল৷ সেই দক্ষিণ আফ্রিকাৰ নির্ভৰযোগ্য বেটছমেন হাছিম আমলা বর্ণবাদৰ চিকাৰ হৈছিল৷ ২০০৬ চনৰ শ্রীলংকা ভ্রমণত কলম্বোত প্রথম টেষ্টত অৱতীর্ণ হৈছিল ভ্রমণকাৰী দলটো৷ টেষ্টখনৰ চতুর্থ দিনা আমলাই এটা কেচ আয়ত্ত কৰাত কমেণ্টেটৰ ডিন জ’ন্সে সন্ত্রাসবাদীটোৱে কেচ ধৰা বুলি ঘোষণা কৰে৷ ইয়াৰ পিছত তুমুল বিতর্কৰ সৃষ্টি হয়৷ টেন স্প’টছে জ’ন্সক বহিষ্কাৰ কৰিবলৈ বাধ্য হয়৷
এনে বর্ণবাদী আচৰণৰ স’তে ভাৰতীয় স্পিনাৰ হৰভজন সিঙৰ নামো সাঙোৰ খাই আছে৷ হৰভজনে ২০০৭–০৮ চনত অষ্ট্রেলিয়া ভ্রমণৰ সময়ত অষ্ট্রেলিয়াৰ অলৰাউাণ্ডাৰ এণ্ড্রিউ ছাইমণ্ডক বান্দৰ বুলিছিল বুলি ছাইমণ্ডে চাঞ্চল্যকৰ অভিযোগ তুলিছিল৷
পাকিস্তানৰ অধিনায়ক ছাৰফৰাজ আহমেদে ২০১৯ চনত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে খেলা এখন এদিনীয়া মেচত আফ্রিকান খেলুৱৈ এন্দিলে পেহলুকাওক বর্ণবাদী মন্তব্য কৰাটো ষ্টাম্পৰ লগত সংলগ্ণ মাইক্র’ফোনত ধৰা পৰিছিল৷ ইয়াৰ বাবে ছাৰফৰাজে ক্ষমাভিক্ষা কৰে৷
অষ্ট্রেলিয়াৰ ডাৰেন লেহমেনৰ নামো ইয়াত সংলগ্ণ হৈ আছে৷ ২০০৩–০৪ চনত ভি বি ছিৰিজৰ এখন খেলত শ্রীলংকাৰ ৰাছেল আর্নল্ডৰ বলত কুমাৰ ছাংগাকাৰাই ষ্টাম্প কৰে লেহমেনক৷ ইয়াত ক্ষুণ্ণ হৈ লেহমেনে ক’লা বুলি তাচ্ছিল্য কৰিছিল শ্রীলংকান খেলুৱৈ দুজনক৷
আই পি এলত ভাগ লোৱা সময়ত কেৰিবিয়ান অধিনায়ক ডাৰেন ছামী আৰু তেওঁৰ শ্রীলংকান সতীর্থ থিছাৰা পেৰেৰাক ‘কালু’ বুলি সম্বোধন কৰাৰ কথা ছামীয়ে নিজে প্রকাশ কৰিছিল৷ তেতিয়া তেওঁলোক দুজন ছানৰাইজার্ছ হায়দৰাবাদৰ হৈ আই পি এলত ভাগ লৈছিল৷
ওপৰত উল্লেখ কৰা ঘটনাকেইটা প্রত্যক্ষভাৱে খেলপথাৰৰ লগত জড়িত৷ কেৱল ৰবিনছনৰ কথাটো সুকীয়া৷ ৰবিনছনে এনে এটা ঘটনাৰ বাবে শাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে, যিটো প্রত্যক্ষভাৱে ক্রিকেটৰ লগত জডিত নহয় বা তেতিয়া তেওঁ আন্তর্জাতিক ক্রিকেটৰ অংশ নাছিল৷ কিন্তু ক্রিকেটৰ ভদ্রলোকৰ চৰিত্র অক্ষুণ্ণ ৰখাৰ স্বার্থত ৰবিনছনৰ এই শাস্তি প্রয়োজন আছিল৷ ইংলেণ্ড এণ্ড ৱেলছ ক্রিকেট ব’র্ডে সেই কথা নিশ্চিতভাৱে অনুধাৱন কৰিব পাৰিছে৷ যিটো ক্রিকেটৰ লগতে সমগ্র ক্রীডাক্ষেত্রৰ বাবেই মংগলজনক৷
খেলপথাৰৰ বাহিৰে–ভিতৰে বর্ণবাদী আচৰণৰ ঘটনা সংঘটিত হোৱাৰ বহু ঘটনা আছে৷ কিন্তু কিমানজনে নিজৰ আচৰণৰ বাবে অনুতপ্ত বা শাস্তিৰ সন্মুখীন হৈছে৷ এইসকলৰ বাবে ৰবিনছন এটা উদাহৰণ হৈ ৰ’ব৷ যিয়ে বন্ধ কৰিব ভদ্রলোকৰ অভদ্র আচৰণ৷ ইয়াৰ বাবে ইংলেণ্ড এণ্ড ৱেলছ ক্রিকেট ব’ড সঁচাকৈয়ে ধন্যবাদৰ পাত্র

You might also like