বান–খহনীয়া সমস্যা
অসমৰ বান আৰু ব্রহ্মপুত্রকে ধৰি ইয়াৰ উপনৈসমূহে সৃষ্টি কৰা খহনীয়া প্রতিৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে সংকল্প গ্রহণ কৰিছে৷ বিজেপি নেতৃত্বাধীন মিত্রজোঁট চৰকাৰখনে বান আৰু খহনীয়া প্রতিৰোধ কৰি অসমৰ কৃষি অর্থনীতি ৰক্ষা কৰাৰ উপৰি জনসাধাৰণক দীর্ঘদিনীয়া সমস্যাৰ পৰা পৰিত্রাণ দিয়াৰ প্রতিশ্রুতি দিছে৷ এফালৰ পৰা চাবলৈ গ’লে এয়া কোনো নতুন কথা নহয়৷ স্বৰাজোত্তৰ ভাৰতৰ প্রতিখন চৰকাৰেই বান–খহনীয়া সমস্যা সমাধানৰ প্রতিশ্রুতি দি আহিছে৷ কিন্তু এই সমস্যাটো সদায় সমস্যা হৈয়ে আছে৷ ব্রহ্মপুত্রৰ বান আৰু খহনীয়াই অসমৰ ভৌগোলিক মানচিত্র সলনি কৰি আহিছে প্রতিবছৰে৷ শ শ গাঁও ব্রহ্মপুত্রৰ বুকুত বিগত সাতটা দশকত বিলীন হ’ল৷ বহু শস্য শ্যামলা পথাৰ জাহ গ’ল বানৰ গ্রাসত৷ বহু বসতি অঞ্চল বানে মহটিয়াই থৈ গ’ল৷ খহনীয়াই নিশ্চিহ্ণ কৰিলে জনাকীর্ণ কোলাহলপূর্ণ বহু গাঁও৷ লাখ লাখ লোক বান–খহনীয়াৰ বাবে এইখন ৰাজ্যত ভগনীয়া হ’বলগীয়া হ’ল৷ কিন্তু বান–খহনীয়া সমস্যাৰ সমাধান কেতিয়াও সম্ভৱ নহয়৷ বৰঞ্চ পৰিস্থিতি অধিক ভয়াৱহহে হৈ আহিল৷ প্রতিবছৰে তিনি–চাৰিটাকৈ বানত অসমৰ কৃষক প্রজাই সর্বস্বান্ত হ’বলগীয়া হয়৷ সমস্যাৰ বোজাবোৰ অধিক গধুৰ হৈ আহিছে গঞাৰ বাবে৷ তথাপি চৰকাৰে প্রতিশ্রুতি আৰু আশ্বাসেৰে দায়িত্ব সামৰি আহিছে৷ এইবাৰ বিজেপি মিত্রজোঁট চৰকাৰখনেও অসমৰ বান–খহনীয়া সমস্যা প্রতিৰোধ কৰাৰ ক্ষেত্রত প্রতিশ্রুতি দিছে৷ নতুন চৰকাৰখনৰ প্রতিশ্রুতি আৰু আশ্বাসৰ প্রতি গুৰুত্ব প্রদান কৰিছে ৰাইজে৷ ইয়াৰ মূল কাৰণটো হৈছে চৰকাৰখনে এমাহ সম্পূর্ণ নৌহওঁতেই বান–খহনীয়া সমস্যা সমাধানৰ বাবে প্রাথমিক তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে৷ মন্ত্রী পীয়ূষ হাজৰিকাই বিভিন্ন অঞ্চল ভ্রমণ কৰি বান আৰু খহনীয়া পৰিস্থিতিৰ বুজ লৈছে৷ আনকি সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে এই সমস্যা সমাধানৰ ক্ষেত্রত যাৱতীয় ব্যৱস্থা গ্রহণৰ বাবে আলোচনাও আৰম্ভ কৰিছে৷ এয়া নিঃসন্দেহে আদৰণীয় পদক্ষেপ৷ বিগত ৭০ বছৰত প্রতিখন চৰকাৰে কেৱল আশ্বাস আৰু প্রতিশ্রুতিৰে জনসাধাৰণক আশ্বস্ত কৰাৰ চেষ্টা চলাইছিল৷ কিন্তু এইবাৰ চৰকাৰখনে সমস্যা সমাধানৰ পথ বিচৰা পৰিলক্ষিত হৈছে৷ গতিকে ৰাজ্যবাসীৰ বহুতৰে মনত আশাৰ সঞ্চাৰ হৈছে যে পাঁচটা বছৰৰ ভিতৰত হ’লেও ৰাইজক দীর্ঘদিন ধৰি জীয়াতু ভোগাই থকা সমস্যাৰ সমাধান–সূত্র ওলাব৷ অৱশ্যে চৰকাৰখনৰ অনাগত দিনৰ কাম–কাজেহে এই কথা কিমানদূৰ বাস্তৱায়িত হয়, তাক প্রতিপন্ন কৰিব৷
অসম হৈছে বান–খহনীয়া কবলিত এখন ৰাজ্য৷ য’ত উন্নয়নৰ সকলো দিশ স্তব্ধ কৰি আহিছে এই ভয়ংকৰ সমস্যাই৷ ব্রহ্মপুত্র আৰু বৰাক নদীৰ আছে ৫০খনতকৈ অধিক উপনৈ৷ এই উপনৈসমূহে প্রতিবছৰ বর্ষাকালত ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰি আহিছে৷ ব্রহ্মপুত্র–বৰাকৰ তাণ্ডৱৰ সমানেই উপনৈসমূহেও অসমভূমিত সৃষ্টি কৰি আহিছে বানৰ বিভীষিকা৷ বিশেষকৈ বর্ষাকালত ফেনে–ফোটোকাৰে উপচি পৰা উপনৈসমূহৰ যি দোর্দণ্ড প্রতাপ তাৰ মোকাবিলা কৰাটো কঠিন হৈ পৰে৷ বর্ষাকালতেই বান প্রতিৰোধৰ সকলো আঁচনি ধ্বংস হয় অসমত৷ ইয়াৰ মূল কাৰণ হৈছে বান–খহনীয়া প্রতিৰোধৰ সকলো আঁচনি আজিও ৰাজ্যখনত পৰীক্ষামূলক অৱস্থাতেই আছে৷ বিজ্ঞানসন্মত সঠিক কার্যকৰী ব্যৱস্থাৰ ১০০ শতাংশ প্রয়োগ আজিও সম্ভৱ হোৱা নাই৷ গতিকে বান–খহনীয়া প্রতিৰোধৰ ক্ষেত্রত চৰকাৰ যিমান সফল হৈছে, তাতকৈ বেছি ব্যর্থ হ’বলগীয়া হৈছে৷ এনে পৰিস্থিতিত বিজ্ঞানসন্মত আঁচনি গ্রহণ কৰি বান–খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থাৰ কথা চৰকাৰে নাভাবিলে অদূৰ ভৱিষ্যতে অসমৰ ভূ–ভাগ সীমিত হৈ আহিব৷ অর্থাৎ বান–খহনীয়াই নিশ্চিহ্ণ কৰিব আৰু অধিক বসতি অঞ্চল তথা কৃষিক্ষেত্র৷ লক্ষণীয়ভাৱে অসমত বান আৰু খহনীয়াৰ ফলত সর্বস্বান্ত হ’বলগীয়া কৃষকে আত্মহত্যাৰ পথ বাছি লোৱাৰ ঘটনাও ঘটিছে৷ অসমৰ বাবে কৃষকে আত্মহত্যাৰ পথ বাছি লোৱাটো আচলতে অকল্পনীয় কথা৷ কিন্তু বান–খহনীয়া সমস্যা শেহতীয়াকৈ ইমানেই ভয়াৱহ হৈ পৰিছে যে কৃষকে এই সমস্যাৰ সৈতে যুঁজ দিয়াৰ শেষ সম্বলকণো হেৰুৱাই পেলাইছে৷ চৰকাৰে এই বাস্তৱ পৰিস্থিতিক অনুধাৱন কৰি সমস্যা সমাধানৰ ক্ষেত্রত মনোযোগ দিব লাগিব৷ অন্যথা পূর্বৰ চৰকাৰবোৰৰ দৰে নতুন চৰকাৰখনৰ আশ্বাস–প্রতিশ্রুতিবোৰ্ অন্তঃসাৰশূন্য হৈ থাকিব৷