নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম অৰুণাচল সীমান্তৱৰ্তী জোনাইৰ ঐতিহ্যমণ্ডিত ৰজাখানা পুখুৰীৰ সংৰক্ষণ তথা পুনৰ নিৰ্মাণ কৰি পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ দাবী স্থানীয় ৰাইজৰ

নিয়মীয়া বাৰ্তা ২৪ জুনঃ  অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী জোনাই মহকুমাৰ ৰজাখানা পঞ্চায়তত অৱস্থিত ঐতিহ্যমণ্ডিত ৰজাখানা পুখুৰীৰ সংৰক্ষণ তথা পুনৰ নিৰ্মাণ কৰি পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ ৰাইজে দাবী জনাইছে। উল্লেখযোগ্য যে জোনাইমহকুমা সদৰৰ পৰা প্ৰায় ৮ কিলোমিটাৰ পশ্চিমে আৰু উত্তৰ-পূব সীমান্ত ৰেলপথৰ পৰা ডেৰ কিলোমিটাৰ উত্তৰে অৱস্থিত বিধ্বংস্ত প্ৰায় ৰজাখানা পুখুৰী৷ পুখুৰীটোয়ে আজিও ৰাজকীয় পৰিবেশ আৰু ঐতিহ্যক স্বাক্ষৰ বহন কৰি আহিছে। কিছুমানৰ মতে ইয়াক ৰাজগড় বুলিও কয়। ৰজাই খনা পুখুৰীটোক কেন্দ্ৰ কৰি অঞ্চলটোৰ পৰিছয় ৰজাখানা হ’ল বুলি ঠাৱৰ কৰা হয়। জনশ্রুতিমতে, ‘আৰিমত্ত’ নামৰ এজন ৰজাই এই বৃহৎ পুখুৰীটো খন্দাইছিল। এই বৃহৎ তথা মৃতপ্রায় পুখুৰীটো আয়তাকাৰ আৰু দীঘলে উত্তৰা দক্ষিণাকৈ ৫০০ মিটাৰ আৰু বহলে পূব-পশ্চিমমুৱাকৈ ৪০০ মিটাৰ দৈর্ঘ্য। পুখুৰীটোৰ পাৰবোৰ এতিয়াও ১০-১৫ মিটাৰলৈ উচ্চতাত দেখিবলৈ পোৱা যায়। পুখুৰীটোৰ দক্ষিণ পশ্চিম ফালে আজিও কিছুমান দম হৈ পৰা আৰু মাটিৰ তলত পোত খাই থকা মধ্যযুগীয় ইটা দেখা যায়।

উল্লেখনীয় যে তাত প্রায় তিনিফুট উচ্চতাৰ শিলৰ টুকুৰাত অতি সুন্দৰকৈ খুন্দিত মানুহ, নানা জীৱ-জন্তুৰ ছবি দেখিবলৈ পোৱা গৈছিল। ১৯৫০ চনৰ বৰভুঁইকঁপত ইয়াৰ ঘৰ, অট্টালিকাবোৰ ভাঙি ছিন্ন-বিচ্ছিন্ন হৈ পৰে। স্থানীয় ৰাইজৰ মতে আজিও পুখুৰীটোৰ পাৰত মাটিৰ তলত বহু মধ্যযুগীয় ইটা, নানান প্রাচীন কীৰ্তিচিহ্নৰ ভগ্নাৱশেষ সমাধিস্থিত হৈ আছে। অঞ্চলটো এসময়ত জনশূন্য আৰু ঘন অৰণ্যৰে ভৰা আছিল। ১৯৫৬ চনৰ পৰা এই অঞ্চলত লাহে লাহে মানুহৰ বসতি আৰম্ভ হয়। প্রথমে হাতী ধৰা কাম এই অঞ্চলত চলিব ধৰিলে। এই বৃহৎ পুখুৰীত হাতীযে জুমপাতি গা ধুইছিল৷ ডাঙৰ ডাঙৰ হাতীবোৰে পুখুৰীৰ গভীৰতাক ঢুকি নেপাই সাঁতুৰিব লগাত পৰিছিল। তদুপৰি পুখুৰীৰ পানী ভাগত এখন কাঠৰ নাও দেখা পোৱা গৈছিল। বয়্যেজ্যেষ্ঠসকলে কোৱামতে– ১৯৮২ চনৰ ভাদমাহত চুবুৰীয়া অৰুণাচল প্ৰদেশত পাহাৰ ভাঙি অহা এক প্রবল বানপানীৰ সোঁতে এই পুখুৰীৰ পাৰ ভাঙি পুখুৰীটোৰ মাজত এটা উপনদীৰূপে বৈ যায়। বর্তমানেও বৃহৎ পুখুৰীটোৰ মাজেৰে বৈ থকা উপ নৈখনক ‘ৰজাখানা নৈ’ নামে জনা যায়।

প্রবাদমতে পাহাৰৰ পানীৰ প্ৰবল সোঁতৰ হেঁচাত পুখুৰীটোৰ উত্তৰ পাৰ ভাঙি পুখুৰীত পানীৰ প্ৰৱেশ ঘটে আৰু পিচত এক প্রকাণ্ড বিস্ফোৰণেৰে দক্ষিণ পাৰ ভাঙি পানী ওলাই যায়। দিনৰ প্ৰায় ডেৰ-দুই বজাত, এক প্রকাণ্ড বিস্ফোৰণৰ পিচমুহূর্ততে ওলাই অহা প্ৰকাণ্ড ধলত মুহূৰ্তৰ ভিতৰতে ডাঙৰ ডাঙৰ মাছ, কাছ, সাপ অঞ্চলটোত বিয়পি পৰিছিল। এই বৃহৎ পুখুৰীটোৰ ধ্বংসাৱশেষবোৰ আজিও ৰজাদিনীয়া ঐতিহ্যৰ স্বাক্ষৰ বহন কৰে। কোনো ৰাজকীয় পৰিয়ালৰ বাদে এনে ধৰণৰ বিশাল ‘বিহাৰ’ তৈয়াৰ কৰা প্রায় অসম্ভৱ। মধ্যযুগীয় ইটা, খুন্দিত শিলৰ নমুনা আৰু পুখুৰীৰ পৰিৱেশ কোনোবা এটা যুগৰ এক সংস্কৃতিৰ জ্বলন্ত নিদর্শন। ইয়াত নিশ্চয় কোনো ৰাজকীয় অৱদান সন্নিৱিষ্ট হৈ আছে। ৰজাখানা পুখুৰী বা ৰাজগড়ৰ সঠিক গৱেষণাই বুৰঞ্জীৰ পাতত এক নতুন অধ্যায় সন্নিৱিষ্ট হোৱাৰ পূৰ্ণ থল আছে। ফলত ৰজাখানা গাঁৱৰ ৰাইজে ঐতিহ্যমণ্ডিত ৰজাখানা পুখুৰীক সংৰক্ষণ তথা পুনৰ নিৰ্মাণ কৰি পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ নতুন চৰকাৰৰ পৰ্যটন আৰু পুৰাতত্ত্ব বিভাগৰ ওচৰত দাবী জনাইছে।

You might also like