কেইটাও দাবীৰে আৰক্ষী অধীক্ষকক সাক্ষাৎ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ
নিয়মীয়া বাৰ্তা,২৪জুনঃ মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যত অবৈধভাৱে মৎস চিকাৰ চলি থকাৰ বাতৰিয়ে সংবাদ শিৰোনাম দখল কৰি থকাৰ সময়তে সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি উৎপল শৰ্মাৰ নেতৃত্বত মৰিগাঁও জিলা আছুৰ এটি দলে পবিতৰা অভয়াৰণ্যত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ছাত্ৰ সন্থাৰ দলটোৱে বন বিভাগৰ তদন্তকাৰী বিষয়াক সাক্ষাৎ কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈয়ো দাবী জনায়।
ঘটনাটোৰে নাম সাঙুৰ খোৱা একাংশ স্থানীয় অভিযুক্তক এই মুহূৰ্তলৈ আটক নকৰাত স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল এটাই মৰিগাঁও জিলা আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনক সাক্ষাৎ কৰে। পবিতৰা কাণ্ডত জড়িত অপৰাধীসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবীত সভাপতি দিপুল কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধিৰ স্বাক্ষৰিত এখনি স্মাৰকপত্ৰও প্ৰদান কৰা হয়।
উক্ত সাক্ষাৎ কালতে ছাত্ৰ সন্থাৰ দলটোৱে মৰিগাঁও জিলাত কাঠফুলাৰ দৰে য’তে ত’তে গঢ় লোৱা অবৈধ সুৰা আৰু ড্ৰাগ্ছৰ ঘাটিসমূহ উচ্ছেদ কৰিবলৈয়ো আৰক্ষী অধীক্ষক গৰাকীক আহ্বান জনায়। আছুৰ উপসভাপতি উৎপল শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে- পবিতৰাৰ সুৰক্ষাৰ খাটিৰত চোৰাং চিকাৰীৰ চক্ৰটোক উৎখাত কৰিবই লাগিব। আৰক্ষীয়ে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰ সমান্তৰালভাৱে মৰিগাঁৱৰ যুৱ প্ৰজন্মক অবৈধ সুৰা, ড্ৰাগ্ছৰ কবলৰ পৰা ৰক্ষা কৰিব লাগিব। আৰক্ষীয়ে এই ঘাটিসমূহ অবিলম্বে উচ্ছেদ কৰিব লাগে।
জিলাখনক ড্ৰাগছমুক্ত কৰিবলৈ আৰক্ষীয়ে হাতত লোৱা প্ৰচেষ্টাত ছাত্ৰ সন্থাই সৰ্বতোপ্ৰকাৰে সহায় কৰিব। জিলা ছাত্ৰ সন্থাৰ সভাপতি-সাধাৰণ সম্পাদকদ্বয় দিপুল কুমাৰ নাথ আৰু ৰূপজ্যোতি মেধীয়ে এক বিবৃতিযোগে কয় যে- অসম গৌৰৱ পবিতৰাৰ জীৱ-জন্তুৰ সুৰক্ষা সুনিশ্চিত হ’বই লাগিব। তাৰ বাবে বন বিভাগ আৰু আৰক্ষীয়ে সম্ভৱপৰ সকলো প্ৰচেষ্টা হাতত লোৱাটো আমি বিচাৰো। তাৰ লগে লগে মৰিগাঁৱত অবৈধ সুৰা আৰু ড্ৰাগ্ছৰ ব্যৱসায়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। এই ব্যৱসায়ৰ ঘাটিসমূহ উচ্ছেদ কৰাৰ লগতে যোগানকাৰীসকলকো কৰায়ত্ত কৰি শাস্তি বিহিব লাগে। নিচামুক্ত মৰিগাঁও গঢ়াৰ স্বাৰ্থক ৰাইজকো সচেতনতাৰে আগবাঢ়ি আহিবলৈ আহ্বান জনায় আছুৱে।