১২ কোটিৰ ড্রাগ্ছ ধৰা হোমগার্ড বৰছিং বে’ক কনিষ্টবল পদত নিযুক্তি
নিয়মীয়া বাৰ্তা ২৫ জুনঃ উৎকোচৰ প্রলোভন অগ্রাহ্য কৰি অতি সাহসিকতাৰে ১২ কোটি টকাৰ ড্রাগ্ছ ধৰি সমাজৰ সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হোৱা হোমগার্ড বৰছিং বে’ক ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে অসম আৰক্ষীত কনিষ্টবল পদত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ বৃহস্পতিবাৰে জনতা ভৱনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে সেই সিদ্ধান্ত গ্রহণ কৰে৷
উল্লেখ্য যে কার্বি আংলং জিলাৰ ডিলাই আৰক্ষী চকীৰ সন্মুখত হোমগার্ড বৰছিং বে’ই পৰহি মণিপুৰৰ পৰা আহি থকা এখন বাছত তালাচী চলাই ১২ কোটি টকা মূল্যৰ তিনি কিলোগ্রাম ছিন্থেটিক ড্রাগ্ছ জব্দ কৰে৷ বাছখনৰ ইঞ্জিনৰ ভিতৰত লুকুৱাই অনা সেই ড্রাগ্ছখিনি উদ্ধাৰ কৰাৰ সময়ত হোমগার্ড বে’ক নগদ ধন প্রদানৰ প্রলোভন দিয়া হৈছিল৷ কিন্তু নিজৰ সততা আৰু কর্তব্যনিষ্ঠা অক্ষুণ্ণ ৰাখি বে’ই সেই প্রলোভন প্রত্যাখান কৰি বাছখনৰ গৰম ইঞ্জিনৰ ভিতৰত হাত সুমুৱাই ড্রাগ্ছখিনি উদ্ধাৰ কৰে৷
হোমগার্ডজনৰ এনে কর্তব্যনিষ্ঠা, সততা আৰু সাহসী সিদ্ধান্তৰ বাবে অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে তেওঁক অসম আৰক্ষীত কনিষ্টবল হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ আনহাতে, আজি অনুষ্ঠিত কেবিনেট বৈঠকে মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাই সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই ইতিমধ্যে ঘোষণা কৰা সিদ্ধান্তসমূহত অনুমোদন জনায়৷ ইয়াৰ লগে লগে মুখ্যমন্ত্রীয়ে কৰা ঘোষণা অনুসৰি মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাই প্রক্রিয়া কার্যকৰী কৰাৰ পথ প্রশস্ত হৈ পৰে৷