নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুবুৱে হেমন্ত বৰুৱাক শূন্য দূৰত্বৰ পৰা গুলীয়াই কৰিছিল হত্যা

আৰক্ষীৰ ড্রাগ্ছ ক্রয়ৰ ফান্দত পৰিছিল ছুপাৰি কিলাৰ

নিয়মীয়া বাৰ্তা ২৫ জুনঃ শিৱসাগৰ চহৰৰ পৰা প্রায় ৩৫ কিলোমিটাৰ নিলগৰ অসম–নাগালেণ্ড সীমান্তৱত্ দেওপানী বনাঞ্চল৷ গেলেকী আৰক্ষী থানাৰ পৰা প্রায় ৯ কিলোমিটাৰ নিলগৰ অতি দুর্গম আৰু স্পর্শকাতৰ এই অঞ্চলটোতেই কালি সন্ধিয়া অন্ত পৰিছিল ২২ বছৰীয়া সন্ত্রাসজর্জৰ ঘটনাৰ খলনায়কৰ পৰিসমাপ্তি৷ অসমৰ প্রতিখন আৰক্ষী থানাৰ লগতে ডজনি অসমৰ প্রতিখন জিলাৰ সাধাৰণ নাগৰিক, প্রতিষ্ঠিত ব্যৱসায়ী, ৰাজনৈতিক নেতা, বিলাসী বাহনৰ গাড়ী চালকৰ মাজত আতংকৰ অন্য এক নাম হৈ পৰা পেছাদাৰী ঘাতক, কুখ্যাত নৰহত্যাকাৰী, ডেৰ কুৰিৰো অধিক হত্যাকাণ্ডৰ মূল অভিযুক্ত ডকাইত বুবু কোঁৱৰক শিৱসাগৰ আৰক্ষীৰ এটা বিশেষ গোটে গেলেকী দেওপানী অঞ্চলত এক সংঘর্ষৰ অন্তত গুলীয়াই হত্যা কৰাৰ পাছতেই অসম আৰক্ষীৰ লগতে সাধাৰণ ৰাইজেও স্বস্তিৰ নিশ্বাস পেলাইছে৷

বৃহস্পতিবাৰে দেওপানী বনাঞ্চলত উপস্থিত হোৱাৰ পাছতেই পৰিলক্ষিত হ’ল চৌদিশে এক নিমাওমাও পৰিৱেশ৷ প্রায় ১০ কিলোমিটাৰ এলেকা সম্পূর্ণৰূপে জনশূন্যহীন৷ চৌদিশে কেৱল চাহ বাগিচা আৰু অটব্য অৰণ্য৷ অসম আৰক্ষীয়ে শেহতীয়াকৈ ৰাজ্যৰ আন স্থানৰ লগতে শিৱসাগৰ জিলাতো অব্যাহত ৰাখিছে ড্রাগ্ছৰ বিৰুদ্ধে জোৰদাৰ অভিযান৷ এই অভিযানৰ সময়তেই সীমান্তৱতী অঞ্চলটোত এটা সপ্তাহ পূর্বে কৰায়ত্ত হোৱা ড্রাগ্ছ ব্যৱসায়ীৰ স্বীকাৰোক্তি আৰু ম’বাইল ফোনত আবদ্ধ আছিল বুবু কোঁৱৰৰ যোগাযোগৰ নম্বৰ৷ দীর্ঘদিনৰ পৰা অসম আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰা দুর্ধর্ষ অপৰাধীটোক জালত পেলাবলৈ আৰক্ষীয়ে পৰিকল্পিতভাৱে তৈয়াৰ কৰে এখন জাল৷ ড্রাগ্ছৰ ক্রেতাৰ ৰূপত এগৰাকী বিশেষ যুৱতীৰ হতুৱাই বুবু কোঁৱৰক কালি সন্ধিয়াৰ ভাগত উক্ত অঞ্চলটোলৈ মতাই আনিছিল৷

অতি দুর্ধর্ষ, অস্ত্রচালনাত পাকৈত বুবুক নিখুঁত চক্রবেহুত বন্দী কৰিবৰ বাবেই বুবুৰ বাবে পৰিচিত দেওপানীৰ ফায়াৰিং ৰেঞ্জৰ সমীপলৈ মতাই আনিছিল৷ শূন্য জনবসতিহীন এলেকাটোৰ সংঘর্ষস্থলীৰ চাৰিওফালে পর্বতৰ টিলাৰে আগুৰা৷ প্রস্থানৰ বাবে বিপৰীত দিশে কণ্টকময় পথ৷ বিয়লি চাৰে তিনিমান বজাতেই শিৱসাগৰ আৰক্ষীৰ এগৰাকী শীর্ষ বিষয়াৰ নেতৃত্বত ১২জনীয়া এটা বিশেষ অভিযানকাৰী গোটে তিনিটা ভাগত বিভক্ত হৈ অসামৰিক পোছাকত পর্বতৰ টিলাৰ আঁৰত আত্মগোপন কৰি আছিল৷ শিৱসাগৰ আৰক্ষী অধীক্ষকৰ কার্যালয়ৰ পৰা নিয়ন্ত্রণ হোৱা এই অভিযানৰ কোনো ভু–কে পোৱা নাছিল গেলেকী, আমগুৰি আৰু হালোৱাটিং আৰক্ষীয়ে৷ আন নালাগে ঘটনাস্থলীৰ পৰা এক কিলোমিটাৰ নিলগত থকা ব’ৰ্ডাক আডট পোষ্টৰ অসম বেটেলিয়নৰ শিবিৰেও আভাস পোৱা নাছিল অভিযানৰ৷ নির্দিষ্ট নম্বৰৰ যোগাযোগৰ ভিত্তিতেই দুর্গম পাহাৰীয়া হাবিতলীয়া পথটোৱেদি বৰচিলাৰ দিশৰ পৰা এটা বিপৰীতমুখী উপপথেৰে বুবু কোঁৱৰ আৰু এজন সংগীয়ে এ এছ–০৩ এ ই – ৮৪২০ নম্বৰৰ এখন সুকটীৰে উপস্থিত হৈছিল ডক্ত স্থানত৷ লগে লগে ক্রেতাৰ ৰূপত থকা আৰক্ষীৰ দলটোৱে বুবু কোঁৱৰক আত্মসর্মপণৰ বাবে হাত ওপৰ কৰিবলৈ কওঁতেই বুবু কোঁৱৰে আৰক্ষীৰ দলটোলৈ লক্ষ্য কৰি গুলীচালনা কৰে৷

প্রত্যুত্তৰত আৰক্ষীয়েও প্রায় ৮ জাঁই গুলী মৰাত বুবু কোঁৱৰে আঘাতপ্রাপ্ত অৱস্থাতেই বহুদূৰ দৌৰি পলায়নৰ চেষ্টা কৰিছিল যদিও পথৰ কাষত পৰি যায়৷ লগে লগে আৰক্ষীৰ দলটোৱে বুবু কোঁৱৰক গেলেকীৰ প্রাথমিক চিকিৎসা কেন্দ্রত ভর্তি কৰোৱায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷ সংঘর্ষৰ সময়তে বুবু কোঁৱৰৰ বাইকৰ পাছত বহি অহা দ্বিতীয়জন সংগীয়ে ঘটনাস্থলীৰ পৰা আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয়৷ সংঘর্ষস্থলীৰ পৰা আৰক্ষীয়ে ৭.৬৫ পিষ্টল, সক্রিয় গুলী, ড্রাগ্ছভর্তি কনটেইনাৰ, সুকটী জব্দ কৰিবলৈ সক্ষম হয়৷ অতি দুর্গম বোকাময় পথেৰে যোৱাৰ পাছতহে উপস্থিত হ’ব পাৰি সংঘর্ষস্থলীত৷ ১৫ মিনিটতকৈ অধিক সময় ধৰি চলা সংঘর্ষৰ প্রায় তিনি ঘণ্টাৰ পিছলৈকে ঘটনাস্থলীত সংবাদ মাধ্যমক উপস্থিত হ’বলৈ দিয়া নাছিল আৰক্ষীয়ে৷ দুটা দশকজুৰি ডেৰ কুৰিৰো অধিক নিৰীহ ব্যক্তিক অতি নৃশংসভাৱে গুলীয়াই হত্যা কৰা, কৈলাস গিনোৰীয়াৰ দৰে ব্যৱসায়ীক গুলীয়াই হত্যা কৰা, নিৰীহ চিকিৎসক মৃদুল দত্তৰ লগতে প্রভাৱশালী আমগুৰি কংগ্রেছ নেতা হেমন্ত বৰুৱাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত বুবু কোঁৱৰৰ সংঘর্ষত মৃত্যু হোৱাৰ সংবাদ ৰাজহুৱা হোৱাৰ পাছতে স্বস্তিৰ নিশ্বাস পেলাইছে সাধাৰণ ৰাইজে৷

আজিৰ পৰা তেৰ বছৰ পূর্বে নিজ গৃহৰ পিছফালে অতি নৃশংসভাৱে পত্নী–পুত্রৰ চকুৰ সন্মুখতেই গুলীয়াই হত্যা কৰা কংগ্রেছ নেতা হেমন্ত বৰুৱাৰ পত্নী বিমি বৰুৱাই অশ্রুসিক্ত নয়নেৰে ক’লে– দেশৰ আদালতে ন্যায় বিচাৰ নিদিলেও ভগৱানৰ আদালতে হত্যাকাৰীক দিলে উচিত শাস্তি৷ বুবু কোঁৱৰৰ এনকাডণ্টাৰত মৃত্যু ভগৱানৰ সু–বিচাৰ বুলি উল্লেখ কৰা বিমি বৰুৱাই কৈ গৈছিল ২০০৮ চনৰ ২৯ জুলাইৰ কালিকা লগা অমংগলীয় মঙলবাৰৰ সেই ভয় লগা নিশাটোৰ কথা৷ আমগুৰিত অনুষ্ঠিত এখন সাংগঠনিক সভাত অংশগ্রহণ কৰি ৯.৩০ বজাত হালোৱাটিং আৰক্ষী থানাৰ অন্তর্গত বৰচলা গাঁৱৰ নিজ গৃহত প্রৱেশ কৰিছিল৷ উৎকট গৰমৰ দিন বাবেই পোনে পোনে পিছফালে দমকলত মুখ–হাত ধুবলৈ যোৱা হেমন্ত বৰুৱাৰ পিছে পিছে আছিল পত্নী বিমি বৰুৱা৷ হঠাৎ হাত–মুখ ধুই গামোচাৰে মুখখন মচিবলৈ লওঁতেই পিছফালৰ পৰা পিঠিত আঘাত কৰা প্রথমটো গুলীৰ আঘাতত হেমন্ত বৰুৱা বাগৰি পৰিছিল৷ লগে লগেই দমকলটোৰ কাষতে থকা এডৰা কচুৱনিৰ পৰা নৰখাদক বুবু কোঁৱৰ আৰু দুর্ধর্ষ ডকাইত অনন্ত খনিকৰ হেমন্ত বৰুৱাৰ কাষলৈ আহি তলমূৰ কৰি থকা হেমন্ত বৰুৱাক লুটিয়াই বুকুৰ ওপৰত থিয় হৈ তিনি জজাই গুলীৰে বুবু কোঁৱৰে নিঃশেষ কৰি দিছিল হেমন্ত বৰুৱাক৷

একে সময়তে আনটো নৰখাদক অনন্ত খনিকৰেও এজজাই গুলী মূৰত মাৰি মৃত্যু নিশ্চিত কৰি পত্নীৰ সন্মুখেদিয়েই ভঁৰালৰ কাষেদি এখন বাইচাইকেলত উঠি দুয়োটা অপৰাধীয়েই পলায়ন কৰিছিল৷ বাইচাইকেলত ডঠি পলায়ন কৰাৰ সময়ত সহযোগিতা আগবঢ়াইছিল আনটো দুর্ধর্ষ ডকাইত তথা পেছাদাৰী হত্যাকাৰী সঞ্জীৱ বৰুৱাই৷ সমগ্র ৰাজ্য কঁপাই যোৱা এই ঘটনাৰ আঁৰত এগৰাকী প্রভাৱশালী সেই সময়ৰ আমগুৰি সমষ্টিৰ কংগ্রেছ নেতা জড়িত থকা বুলি ব্যাপক চর্চা অব্যাহত থকাৰ সময়তেই পৰিয়ালৰ তৰফৰ পৰাও হেমন্ত বৰুৱাৰ অভাৱনীয় জনপ্রিয়তাত আগন্তুক দিনত আমগুৰি সমষ্টি হেৰুওৱাৰ শংকাতেই সতীর্থৰ ষড়যন্ত্রতেই এই হত্যাকাণ্ড সংঘটিত হৈছিল বুলি অভিযোগ তুলিছিল৷ কিন্তু কংগ্রেছৰ আমোলত সেই সময়ৰ শিৱসাগৰৰ আৰক্ষী অধীক্ষক শ্যামল শইকীয়াই অতি পৰিকল্পিতভাৱে এই হত্যাকাণ্ডৰ আঁৰত বিৰোধী ৰাজনৈতিক শক্তিৰ হাত থকাৰ প্রমাণ জাহিৰ কৰিবলৈ কেইবাজনো নিৰপৰাধীক গ্রেপ্তাৰ কৰি প্রকৃত ষড়যন্ত্রক গাপ দিয়াৰ চেষ্টা চলাইছিল বুলিও অভিযোগ তুলিছে পৰিয়ালটোৱে৷

ইয়াৰ কিছুদিনৰ পাছতে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া অখিলেশ সিঙে বিশেষ তৎপৰতাৰে অনন্ত খনিকৰ আৰু বুবু কোঁৱৰক গ্রেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাৰ সময়ত বিমি বৰুৱাই নিজেই চিনাক্ত কৰিছিল দুয়োটা নৰখাদকক৷ কিন্তু আমগুৰি সমষ্টি হেৰুওৱাৰ আশাংকাত ভুগি ষডযন্ত্র ৰচা এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ আঁৰৰ মূল ষডযন্ত্রকাৰীয়ে অতি পৰিকল্পিতভাৱে দুয়োটা নৰখাদকক কাৰাগাৰৰ পৰা মুক্ত কৰাৰ ক্ষেত্রতো পথ প্রশস্ত কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ শেহতীয়াকৈ বুবু বাহিনীৰ মাজত সৃষ্টি হোৱা সংঘাতৰ পৰিণতিত বুবু কোঁৱৰে অনন্ত খনিকৰক হত্যাক কৰাৰ লগতে পৰৱতী সময়ত সঞ্জীৱ বৰুৱাকো হত্যা কৰি আমগুৰিৰ হেমন্ত বৰুৱাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ সকলো সাক্ষ্য–প্রমাণ চিৰিদিনৰ বাবে লুপ্ত কৰি উক্ত বিশেষ ৰাজনৈতিক নেতাজনক অনাগত দিনৰ বাবে নিষ্কণ্টক কৰিল বুলিও চর্চা চলিছিল৷

বর্তমানলৈকে ৩০জনৰো অধিক নিৰীহ ব্যক্তিক অতি নির্মমভাৱে গুলীয়াই হত্যা কৰা, বিলাসী গাড়ীৰ চালকক ডিঙি চেপি হত্যা কৰা নৰখাদক বুবুৰ এই অপঘাত মৃত্যুক ভগৱানৰ ন্যায় বিচাৰ বুলি আখ্যা দিয়া হেমন্ত বৰুৱাৰ পুত্র সমুজ্জ্বল বৰুৱাই ক’লে– দেশৰ ন্যায় ব্যৱস্থাটোৰ প্রতি আমাৰ আস্থা হেৰাই গৈছে৷ দেশৰ ন্যায় ব্যৱস্থাৰ পৰা মোৰ দেউতা, আমাৰ পৰিয়ালে ন্যায় নাপালেও ভগৱানে নৰখাদক বুবু কোঁৱৰ, সঞ্জীৱ বৰুৱা, অনন্ত খনিকৰৰ লগতে এই হত্যাকাণ্ডৰ আঁৰৰ মূল ষডযন্ত্রকাৰী ৰাজনৈতিক নেতাগৰাকীক যি চূডান্ত শাস্তি পলমকৈ হ’লেও প্রদান কৰিলে, তাত আমি সুখী৷ হালোৱাটিং, আমগুৰি আৰক্ষীৰ একালৰ ভাৰপ্রাপ্ত বিষয়াৰ কু–কীর্তি ডদঙাই দিয়া পৰিয়ালটোৱে অসম আৰক্ষীৰ এই সাহসী পদক্ষেপক প্রশংসাৰে ওপচাই দিয়ে৷ আনহাতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰাৰ অন্তত নৰখাদক বুবুৰ মৃতদেহ সমন্ধীয় ভাতৃৰ হাতত চমজাই দিয়াৰ পাছত বুবুৰ ঠিকনা ম’ৰা বজাৰৰ ৰতনপুৰীয়ালৈ নিছে বুলি আৰক্ষীৰ সূত্রে জানিবলৈ দিছে৷

You might also like