নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৫ জুনৰ সংকল্প

ড০ হিমন্ত বিশ্ব শৰ্মা

২০১৫ চনৰ পৰা প্রতি বছৰৰ নৱেম্বৰ মাহৰ ২৬ তাৰিখ দিনটো ভাৰতবর্ষহ সংবিধান দিৱস ৰূপে পালন কৰি আহিছে৷ ১৯৪৯ চনৰ এহ দিনটোতেহ ভাৰতবর্ষৰ সংবিধান সভাহ ভাৰতীয় সংবিধানখন গ্রহণ কৰিছিল৷ এহ দিনটোৰ তাৎপর্য আৰু সংবিধানৰ গৰিমা দেশবাসীৰ মাজত চিৰস্মৰণীয় কৰি ৰাখিবলৈ নৰেন্দ্র মোদী চৰকাৰে ২০১৫ চনৰ পৰা এহ দিনটো চৰকাৰীভাৱে ডদ্যাপন কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছিল৷ দেশে স্বৰাজ লাভ কৰাৰ পিছত সেহ স্বৰাজৰ সুফল দেশৰ সর্বসাধাৰণ জনতালৈ প্রসাৰিত কৰি দিবলৈ ভাৰতীয় নেতাসকলে দেশখনক বিশ্বৰ বৃহত্তম  গণতান্ত্রিক ৰাষ্ট্র হিচাপে প্রতিষ্ঠা কৰিবলৈ মৰণপণ কৰিছিল৷ বহু জাতি–বর্ণ আৰু ভাষাৰ দেশ ভাৰতবর্ষত বৈচিত্র্যৰ মাজত ঐক্য বর্তাহ ৰাখিবলৈ গণতান্ত্রিক প্রমূল্যবোধ আধাৰিত এক ৰাজনৈতিক ব্যৱস্থা গঢ়ি তোলাৰ গত্যন্তৰ নাছিল৷ ভাৰতীয় সংবিধানৰ প্রধান ৰূপকাৰ ড০ বি আৰ আম্বেদকাৰে গণতন্ত্রৰ বিষয়ে মন্তব্য কৰিছিল এইবুলি– ‘‘সামাজিক গণতন্ত্র অবিহনে ৰাজনৈতিক গণতন্ত্র বর্তি থাকিব নোৱাৰে৷ পিছে সামাজিক গণতন্ত্র মানে আমি কি বুজেজা? সামাজিক গণতন্ত্র হৈছে এনে এক জীৱনচর্যা, য’ত স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধকেহ জীৱনৰ মূলমন্ত্র বুলি ধৰি লোৱা হয়৷’’ ভাৰতৰ হতিহাস অধ্যয়ন কৰিলেও আমি দেখোঁ যে প্রাচীন কালৰ পৰা ভাৰতবর্ষহ গণতান্ত্রিক প্রমূল্যবোধৰ পূজা কৰি আহিছে৷ ভাৰতবর্ষৰ প্রাচীন এহ গণতান্ত্রিক প্রমূল্যবোধ প্রথমবাৰৰ বাবে ভূলুণ্ঠিত হৈছিল পৰাধীন ভাৰতত– ইংৰাজ চৰকাৰৰ হাতত৷ দ্বিতীয়বাৰ এহ প্রমূল্যবোধক ভৰিৰে মোহাৰি গণতন্ত্রক হত্যা কৰাৰ অভিসন্ধি ৰচিছিল ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্রেছ দলে৷ এহক্ষেত্রতো আম্বেদকাৰৰ এষাৰ উক্তি প্রযোজ্য– ‘‘এখন সংবিধান যিমানেহ ভাল নহওক কিয়, তাৰ প্রণয়নকাৰী ব্যক্তিসকল যদিহে সৎ নহয়, তেন্তে সেহ সংবিধান বেয়ালৈ পর্যবসিত হ’বলৈ বাধ্য৷’’ আম্বেদকাৰৰ এইষাৰ উক্তি আখৰে আখৰে সঁচা বুলি প্রতীয়মাণ হৈছিল তেতিয়া, যেতিয়া হন্দিৰা গান্ধীৰ আমোলত ১৯৭৫ চনৰ ২৫ জুন তাৰিখৰ মাজনিশা দেশত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল৷ এয়া ২০২১ চন৷ সেহ ঘটনাৰ ৪৬ বছৰৰ পিছত আমি গণতন্ত্র হত্যাৰ সেহ ক’লা অধ্যায়টোক এক দুঃস্বপ্ণৰ দৰে স্মৰণ কৰিছোঁ৷
পৃথিৱীৰ হতিহাসে মনুষ্যত্বৰ বহু ডত্থান–পতন লিপিবদ্ধ কৰিছে৷ নিজৰ নাৰকীয় অপশাসনক সুৰক্ষা প্রদান কৰিবলৈ বহু একনায়কত্ববাদী ৰাষ্ট্র নেতাহ গণতান্ত্রিক মূল্যবোধত বিশ্বাসী ৰাজনৈতিক প্রতিপক্ষক বন্ধ কুঠৰীলৈ প্রেৰণ কৰাৰ উদাহৰণ আছে৷ কিন্তু পৰম্পৰাগতভাৱে গণতান্ত্রিক মূল্যবোধত বিশ্বাসী ভাৰতবর্ষতো যেতিয়া তেতিয়াৰ প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে বিপক্ষৰ সকলো নেতাৰ কণ্ঠৰোধ কৰি তুলিছিল, তেতিয়া ভাৰতবর্ষ স্তম্ভিত হৈছিল৷ এই জৰুৰী অৱস্থা প্রৱর্তনৰ কাৰণ কোনো হিংসাত্মক ৰাজনৈতিক কার্যকলাপ নাছিল বা কোনো ৰাজদ্রোহৰ বাবে এহ জৰুৰী অৱস্থা প্রৱর্তন কৰা হোৱা নাছিল৷ এয়া আছিল শ্রীমতী গান্ধীৰ আক্রোশ তথা ব্যক্তিগত ৰাজনৈতিক ক্ষমতাসর্বস্বতাৰ বহিঃপ্রকাশ৷ যি কংগ্রেছ দলে মহাত্মা গান্ধীৰ নেতৃত্বত হংৰাজৰ শাসন ওফৰাহ ১৯৪৭ চনত দেশত গণতন্ত্র প্রতিষ্ঠাৰ কামত ব্রতী হৈছিল, যি কংগ্রেছে স্বৰাজ আন্দোলনত দেশৰ লক্ষ লক্ষ জনতাৰ সমর্থন আদায় কৰিছিল, ইন্দিৰা গান্ধীৰ আমোলৰ পৰা সেহ কংগ্রেছে গান্ধী পৰিয়ালৰ বহতীয়াৰ দৰে কাম কৰিবলৈ লৈছিল৷ শ্রীমতী গান্ধী আৰু তেওঁৰ পৰিয়ালটোৰ অনুগত কংগ্রেছৰ নেতাসকলে সেহ সময়ত চৰকাৰী যন্ত্রৰ অপব্যৱহাৰেৰে প্রায়বোৰ বিৰোধী নেতা–নেত্রীক কাৰাগাৰলৈ নিক্ষেপ কৰিছিল৷ নিজৰ এহ অপকর্মৰ সমর্থনত জৰুৰী অৱস্থা ঘোষণাৰ পিছদিনা শ্রীমতী গান্ধীয়ে কৈছিল– ‘The deep and widespread conspiracy which has been brewing ever since I begin introducing certain progressive measures of benefits to the common man and common women of India in the name of democracy. … the plot sought to negate the very functioning of democracy. Duly elected governments have not been allowed to function, and in some case force has been used to compel members to resign in order to dissolve lawfully elected assemblies.’’ কিন্তু এই বক্তব্যৰ পিছতো দুটা প্রশ্ণ অমীমাংসিত হৈ ৰৈ গৈছিল৷ প্রথম, এলাহাবাদ ডচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিছতেহ শ্রীমতী গান্ধীয়ে কিয় জৰুৰী অৱস্থা ঘোষণা কৰিবলগীয়া হ’ল? দ্বিতীয়তে, ক্ষমতাত অধিষ্ঠিত কংগ্রেছ চৰকাৰে ন্যায়ালয়ৰ ক্ষমতাকো অতিক্রমি বিপক্ষৰ নেতাসকলৰ বিৰুদ্ধে কিয় শক্তি প্রয়োগ কৰিলে? এহ দুহ মৌলিক প্রশ্ণৰ উত্তৰ হন্দিৰা গান্ধীৰ বক্তব্যত নাছিল৷
ৰাষ্ট্রীয় সুৰক্ষাৰ গহনা লৈ ইন্দিৰা গান্ধীয়ে তেওঁৰ বিৰোধীসকলৰ বিৰুদ্ধে প্রতিশোধপৰায়ণ হৈ উঠাৰ কাৰণ আছিল তেখেতৰ হতাশা আৰু এটা গভীৰ ন্যায়িক আৰু ৰাজনৈতিক সমস্যাৰ পৰা উদ্ভৱ হোৱা আশংকা৷ ১৯৭১ চনৰ সাধাৰণ নির্বাচনৰ পৰৱর্তী কালত শ্রীমতী গান্ধীৰ নির্বাচনী প্রতিদ্বন্দ্বী ৰাজ নাৰায়ণে এলাহাবাদ উচ্চ ন্যায়ালয়ত তৰা গোচৰটোৰ বিচাৰৰ ভাৰ পৰিছিল ন্যায়াধীশ জগমোহনলাল সিন্হাৰ ওপৰত৷ ১৯৭৫ চনৰ ১২ জুনৰ দিনটো গোচৰৰ ৰায়দানৰ দিন ধার্য কৰা হৈছিল৷ সেহ দিনা ন্যায়াধীশ সিন্হাহ শ্রীমতী গান্ধীৰ বিপক্ষে ৰায় দিয়ে প্রধানকৈ দুটা কাৰণত৷ প্রধানমন্ত্রীৰ সচিবালয়ৰ বিশেষ কর্তব্যৰত বিষয়া য়শপাল কাপুৰক শ্রীমতী গান্ধীয়ে নিজৰ নির্বাচনী কামত ব্যৱহাৰ কৰা বুলি উঠা অভিযোগটোত ন্যায়াধীশগৰাকীয়ে শ্রীমতী গান্ধীক দোষী সাব্যস্ত কৰে৷ শ্রীমতী গান্ধীৰ বিপক্ষে উত্থাপিত দ্বিতীয় অভিযোগটো আছিল ডত্তৰ প্রদেশৰ চৰকাৰী বিষয়াহ শ্রীমতী গান্ধীৰ বাবে নির্বাচনী মঞ্চ তৈয়াৰ কৰা আৰু সেই মঞ্চৰ পৰা নির্বাচনী প্রচাৰ চলোৱাৰ ক্ষেত্রত চৰকাৰী মাহক আৰু বিদ্যুৎ শক্তি ব্যৱহাৰ কৰা৷ এহটো অভিযোগতো ন্যায়াধীশ সিন্হাহ শ্রীমতী গান্ধীক দোষী সাব্যস্ত কৰে৷ দুয়োটা গোচৰত দোষী সাব্যস্ত হোৱা ইন্দিৰা গান্ধীক নির্বাচিত প্রতিনিধি হিচাপে অযোগ্য ঘোষণা কৰা হয় আৰু ছয় বছৰৰ বাবে নির্বাচনৰ যোগেৰে অধিষ্ঠিত হোৱা যিকোনো পদ গ্রহণৰ পৰা তেখেতক বাৰণ কৰা হয়৷ নির্বাচন জয়ৰ বাবে চৰকাৰী বিষয়াক ব্যৱহাৰ কৰাটো এক গুৰুতৰ অপৰাধ৷ বহুতো মন্ত্রী, সাংসদ আৰু ৰাজ্যিক বিধানসভাৰ সদস্য তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত এনে অভিযোগৰ বাবে অযোগ্য ঘোষিত হৈছিল৷ অন্ধ্রপ্রদেশৰ পৰা নির্বাচিত হৈ অহা হন্দিৰা মন্ত্রীসভাৰ সদস্য চেন্না ৰেড্ডীৰ বিৰুদ্ধে উত্থাপিত নির্বাচনী দুর্নীতিৰ অভিযোগৰ বাবে শ্রীমতী গান্ধীয়ে তেওঁক পদত্যাগ কৰাহ থৈছিল৷ কিন্তু নিজৰ বেলিকা ন্যায়ালয়ৰ ৰায় মানি লোৱাৰ পৰিৱর্তে শ্রীমতী গান্ধীয়ে ক্ষমতাত খামোচ মাৰি থকাৰ নীতি গ্রহণ কৰে৷ স্বাভাৱিকতে এহ কথাত বিৰোধী দলসমূহে প্রতিবাদৰ পন্থা হাতত লয় আৰু আইন অমান্য কার্যসূচীত জঁপিয়াহ পৰে৷ এতিয়া এহ আহন অমান্য কার্যসূচীৰ পৰিপ্রেক্ষিতত শ্রীমতী গান্ধীয়ে বিপক্ষৰ নেতাসকলৰ বিৰুদ্ধে গণতন্ত্রৰ বিৰুদ্ধাচৰণ কৰাৰ অভিযোগ আনে৷ অথচ আইন অমান্য কার্যসূচীক ভাৰতবর্ষত জনতাৰ কার্যসূচী ৰূপে গঢ়ি তুলিছিল তেখেতৰ পিতৃ জৱাহৰলাল নেহৰু আৰু জাতিৰ পিতা মহাত্মা গান্ধীয়ে৷ নিজৰ কর্মৰ দ্বাৰা শ্রীমতী গান্ধীয়ে গণতন্ত্রক এক ভংগুৰ অৱস্থালৈ পর্যবসিত কৰিছিল আৰু সর্বসাধাৰণৰ মত প্রকাশৰ সকলো অধিকাৰ কাঢ়ি লৈছিল৷ সাংবিধানিক ক্ষমতাকো বক্রপথেৰে নিজৰ স্বার্থ সিদ্ধিৰ কামত ব্যৱহাৰ কৰিছিল শ্রীমতী গান্ধীয়ে৷
কাৰ বিৰুদ্ধে শ্রীমতী গান্ধীয়ে সাংবিধানিক ক্ষমতাৰ অপব্যৱহাৰ কৰিছিল?
২৫ জুনৰ মাজনিশা দিল্লীৰ গান্ধী পিচ ফাডণ্ডেচনৰ মুখ্য কার্যালয়ত দিনটোৰ ক্লান্তিকৰ পৰিশ্রমৰ পিছত জয়প্রকাশ নাৰায়ণে বিশ্রাম লৈছিল৷ বয়সেও মানুহজনক দুর্বল কৰি তুলিছিল৷ তাতে তেওঁ দুর্নীতিৰ বিৰুদ্ধে ঘোষণা কৰা সংগ্রামখনত বাৰুকৈয়ে লাগি থাকিব লগা হৈছিল৷ সেহ সময়ত তেওঁক গ্রেপ্তাৰ কৰিবৰ বাবে গান্ধী ফাউণ্ডেচনত আৰক্ষী ডপস্থিত হয়৷ তাৰ পূর্বে দিনৰ ৰাজহুৱা সভাত জয়প্রকাশ নাৰায়ণে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পৰিপ্রেক্ষিতত শ্রীমতী গান্ধীৰ পদত্যাগ দাবী কৰিছিল৷ ফাডণ্ডেচনৰ কোনোবা সদস্যহ চতুর্থ স্তম্ভৰ সাংবাদিকসকলক জয়প্রকাশ নাৰায়ণৰ গ্রেপ্তাৰৰ বাতৰিটো দিবলৈ ফোন কৰিছিল৷ কিন্তু তেওঁলোকে জনা নাছিল যে হতিমধ্যে সকলোবোৰ প্রধান বাতৰিকাকতৰ প্রতিষ্ঠানলৈ বিজুলী যোগান বন্ধ কৰি দিয়া হৈছে৷ গণতন্ত্রৰ চতুর্থ স্তম্ভৰ কণ্ঠৰোধ কৰাৰ এহ আসুৰিক কৌশল প্রয়োগ কৰিছিল স্বয়ং প্রধানমন্ত্রী হন্দিৰা গান্ধীয়ে৷ কেৱল দিল্লীৰেহ নহয়, কেহবাখনো ৰাজ্যৰ পৰা প্রকাশিত অন্যান্য বাতৰিকাকতবোৰৰো প্রকাশ বন্ধ কৰি দিয়া হয়৷ জয়প্রকাশ নাৰায়ণক গ্রেপ্তাৰ কৰিবলৈ অহা আৰক্ষীয়ে আনকি সত্তৰোর্ধ্বৰ নেতাগৰাকী টোপনিৰ পৰা সাৰ পোৱালৈকো অপেক্ষা নকৰিলে৷ গভীৰ নিদ্রাৰ পৰা তুলি আনি তেখেতক গ্রেপ্তাৰ কৰা হ’ল৷ এহ সংক্রান্তত বিশিষ্ট সাংবাদিক কুলদীপ নায়াৰে হন্দিৰা সম্পর্কে জয়প্রকাশ নাৰায়ণৰ দৃষ্টিভংগীক ব্যক্ত কৰিছে এনেকৈ– ‘For long he (JP) and Mrs Gandhi had had an uncle-niece relationship and he called her Indu. But over the years, especially the previous two, they had drifted apart. He considered her the fountainhead of corruption and the destroyer of basic values. And after the Allahabad judgment he said that she had no moral right to continue as Prime Minister. She should quit office immediately. Her clinging to office was against all public decency and democratic practice.’’ নিজৰ দেউতাকৰ সতীর্থ, এজন গান্ধীবাদী এই নেতাজনকো ক্ষমতাৰ স্বার্থত শ্রীমতী গান্ধীয়ে বন্ধ কুঠৰীলৈ নিক্ষেপ কৰাত জয়প্রকাশ নাৰায়ণে স্বগতোক্তি কৰি কৈছিল– বিনাশ কালে বিপৰীত বুদ্ধি৷
জয়প্রকাশ নাৰায়ণৰ উপৰি গ্রেপ্তাৰ কৰা হয় মোৰাৰজী দেশাহক৷ অহিংস নীতিত বিশ্বাসী মোৰাৰজীয়ে দুয়ো হাত আগবঢ়াহ দি গ্রেপ্তাৰবৰণ কৰিলে৷ গ্রেপ্তাৰৰ দুদিনৰ আগতে ইটালীৰ এগৰাকী সাংবাদিকে তেখেতৰ গ্রেপ্তাৰৰ সম্ভাৱনাৰ কথা উল্লেখ কৰাত মোৰৰাজীয়ে কৈছিল– ‘‘ইন্দিৰাহ কেতিয়াও তেনে কৰিব নোৱাৰে৷ কৰিব লগা হ’লে প্রথমে ইন্দিৰাহ আত্মহত্যা কৰিব৷’’ কিন্তু সেহ প্রগাঢ় আস্থাকো ভৰিৰে মোহাৰি যেতিয়া হন্দিৰা গান্ধীৰ আৰক্ষীয়ে গৈ মোৰাৰজীক গ্রেপ্তাৰ কৰিলে, তেতিয়া তেওঁৰ মুখেৰে উচ্চাৰিত হ’ল এষাৰি বাক্য– ‘‘যেতিয়া ঈশ্বৰে কোনো লোকক ধ্বংস কৰিব খোজে, প্রথমে তেওঁক উন্মাদ কৰি তোলে৷’’
দৰাচলতে বিৰোধী নেতাসকল আৰু বাতৰিকাকতবোৰৰ কণ্ঠৰোধ কৰাৰ বাবে ইন্দিৰা গান্ধীয়ে কিছুদিন পূর্বৰে পৰা এটা সুযোগৰ সন্ধানত আছিল৷ ইয়াৰ বাবে আগতীয়াকৈ প্রস্তুতি চলোৱা হৈছিল৷ প্রধানমন্ত্রীৰ কার্যালয়ৰ পৰা ৰাজ্যসমূহলৈ বিভিন্ন নেতাৰ গ্রেপ্তাৰৰ নির্দেশ পঠিওৱা হৈছিল৷ গ্রেপ্তাৰ কৰিবলগীয়া নেতাৰ তালিকা শ্রীমতী গান্ধীৰ পৰা অনুমোদন কৰাহ লোৱা হৈছিল৷ এনেদৰে তালিকা তৈয়াৰ কৰোঁতে ৰিছার্চ এণ্ড এনালাহটিকেল ৱিং বাRAWকো ব্যৱহাৰ কৰা হৈছিল৷ নেতাসকলক কোনখন আইনৰ অধীনত গ্রেপ্তাৰ কৰা হ’ব, তাৰো বন্দৱস্ত সম্পূর্ণ কৰি তোলা হৈছিল৷ প্রায় এটা বছৰ পূর্বেTheMaintenance of Internal Security Act বা ‘মিছা’ আইনখনৰ সংশোধনী ঘটোৱা হৈছিল৷ এই সংশোধনীৰ সময়ত সংসদত চৰকাৰে প্রতিশ্রুতি দিছিল যে এহ আহনখন ৰাজনৈতিক প্রতিদ্বন্দ্বীৰ বিৰুদ্ধে ব্যৱহাৰ কৰা নহ’ব৷ কিন্তু হন্দিৰা কংগ্রেছে জৰুৰীকালীন অৱস্থাত এইখন আহন ব্যৱহাৰ কৰিছিল ৰাজনৈতিক প্রতিদ্বন্দ্বীসকলক গ্রেপ্তাৰ কৰাৰ বাবেহ৷ হাৰিয়ানাৰ মুখ্যমন্ত্রী বংশীলালে দিল্লীত গ্রেপ্তাৰ কৰা নেতাসকলক হাৰিয়ানাৰ কাৰাগাৰত ৰখাৰ পোষকতা কৰিছিল৷ তেওঁ শ্রীমতী গান্ধীক কৈছিল– ‘‘মই ৰোহটকত এটা ডাঙৰ আৰু আধুনিক কাৰাগাৰ নির্মাণ কৰি থৈছোঁ৷’’
এনেকৈয়ে জয়প্রকাশ নাৰায়ণ, মোৰাৰজী দেশাহ, অশোক মেহতা তথা জনসংঘৰ নেতা অটল বিহাৰী বাজপেয়ী আৰু লালকৃষ আদৱানিকো বন্দী কৰা হ’ল৷ ২৬ জুনৰ পুৱালৈকে তালিকা অনুসৰি প্রায় সকলো নেতাকে কাৰাগাৰলৈ নিক্ষেপ কৰা হ’ল৷ গ্রেপ্তাৰৰ আনুষ্ঠানিক সংখ্যাটো কোৱা হ’ল ৬৭৬ বুলি৷ জয়প্রকাশ নাৰায়ণৰ বিৰুদ্ধে কার্যব্যৱস্থা গ্রহণ কৰা আৰু ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘক নিষিদ্ধ ঘোষণা কৰাৰ পৰিকল্পনা ইন্দিৰা গান্ধীয়ে পূর্বৰে পৰা কৰি ৰাখিছিল৷ পশ্চিমবংগৰ মুখ্যমন্ত্রী সিদ্ধার্থ শংকৰ ৰায়ে এখন অর্ডিনেন্সৰ যোগেদি স্বয়ংসেৱক সংঘক নিষিদ্ধ কৰাৰ প্রস্তাৱ দিছিল৷
সেহ সময়ত জনসংঘৰ দ্বাৰা প্রকাশিত আৰু প্রচাৰিত সাপ্তাহিক বাতৰিকাকত ‘পাঞ্চজন্য’, দৈনিক বাতৰিকাকত ‘তৰুণ ভাৰত’ আৰু মাহেকীয়া হিন্দী আলোচনী ‘ৰাষ্ট্র ধর্ম’ৰ প্রচাৰ বন্ধ কৰি দিয়া হ’ল৷ কেইজনমান আৰক্ষীৰ লোক কোনোধৰণৰ চার্চ ৱাৰেণ্ট নোহোৱাকৈ এহ কাকতকেহখনৰ কার্যালয়ত সোমাল, প্রেছৰ কর্মচাৰীসকলক গঁতিয়াহ বাহিৰ কৰিলে আৰু কার্যালয়ত তলা লগাহ বন্ধ কৰি দিলে৷ কাকতকেহখনৰ প্রকাশকক সহায় কৰিবলৈ চৰকাৰৰ ভয়ত কোনো উকীল ওলাই নাহিল৷ যিসকল ওলাহ আহিছিল, সেইসকলকো ভাৰতৰ প্রতিৰক্ষা বিধিৰ অধীনত গ্রেপ্তাৰ কৰা হ’ল৷
অসমতো সেই সময়ৰ কংগ্রেছ চৰকাৰে বহুকেইজন হন্দিৰাবিৰোধী নেতাক গ্রেপ্তাৰ কৰি বন্ধ কুঠৰীলৈ নিক্ষেপ কৰিছিল৷ সেইসকলৰ ভিতৰত আছিল ৰেণুকা দেৱী বৰকটকী, দেৱেশ্বৰ শর্মা, খগেন গগৈ, পূর্ণনাৰায়ণ সিংহ, দুলাল বৰুৱা, গোলাপ বৰবৰা, নিবাৰণ বৰা, লক্ষেশ্বৰ গোহাঁই, ৰমণী বর্মন, ভুবনেশ্বৰ বর্মন, হন্দ্রেশ্বৰ গোস্বামী হত্যাদি৷
এনেকৈয়ে স্বৰাজোত্তৰ ভাৰতত গণতন্ত্র ভূলুণ্ঠিত হৈছিল এগৰাকী মহিলা নেত্রীৰ হাতত৷ বিশিষ্ট সাংবাদিক কে টি জে মোহনে শ্রীমতী গান্ধীক বিশ্বৰ প্রথমগৰাকী মহিলা একনায়কত্ববাদী নেত্রী বুলি অভিহিত কৰিছে৷ প্রতি বছৰৰ ২৫ জুন দিনটোত ভাৰতীয় গণতন্ত্রৰ এহ ক’লা অধ্যায়ৰ কথা আমি স্মৰণ কৰি আহিছোঁ৷ বিজেপিৰ জননী স্বৰূপা জনসংঘকে আদি কৰি কংগ্রেছৰ সকলো বিৰোধী দলক মষিমূৰ কৰি, সংবাদ–পত্রৰ কণ্ঠৰোধ কৰি গণতন্ত্রৰ চতুর্থ স্তম্ভৰ প্রতি কংগ্রেছ দলে কিদৰে সংকট নমাই আনিছিল, ভাৰতীয় হতিহাসৰ সেই অন্ধকাৰ পৃষ্ঠাটোৰ যাতে পুনৰাবৃত্তি নহয়, তাৰ বাবে আমি সকলোৱেহ সংকল্প ল’ব লাগিব৷ ভাৰতীয় সংবিধান আৰু গণতন্ত্রৰ প্রতি সমর্পিত হৈ ৰোৱাৰ স্বার্থত আজি ২৫ জুন দিনটোত আমি সেহ সংকল্প লওঁ আহক৷

You might also like