২৪ জুনৰ বৈঠকৰ তাৎপর্য
জম্মু–কাশ্মীৰৰ পৰা বিশেষ সাংবিধানিক মর্যাদা আঁতৰোৱাৰ প্রায় দুবছৰ পাছত কেন্দ্রীয় চৰকাৰে জম্মু–কাশ্মীৰ (লাডাখবিহীন)ৰ ৰাজনৈতিক নেতৃত্বৰ সৈতে ২৪ জুনত এখন গুৰুত্বপূর্ণ সর্বদলীয় বৈঠকত মিলিত হয়৷ বৈঠকখনত অংশগ্রহণ কৰা বেছিভাগ নেতাক চৰকাৰে দীর্ঘদিন ধৰি কাৰাগাৰ অথবা গৃহবন্দী কৰি ৰাখিছিল৷ সেয়াও জম্মু–কাশ্মীৰৰ পৰিস্থিতি নিয়ন্ত্রণত ৰখাৰ স্বার্থত৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বৈঠকখনৰ আহ্বান কৰি আৰু ৰাজনৈতিক নেতৃত্বৰ আলোচনা কৰি উদাৰতাৰ পৰিচয় দিছে৷ কেন্দ্রীয়শাসিত অঞ্চলটোৰ ৰাজনীতিত কেউটা ৰাজনৈতিক দলৰ অংশীদাৰিত্ব আছে৷ তেওঁলোকক একাষৰীয়া কৰি অঞ্চলটোত ৰাজনৈতিক স্থিৰতা প্রতিষ্ঠা কৰিব নোৱাৰি৷ অৱশ্যে সম্পূর্ণ বিপৰীত মেৰুত অৱস্থান কৰি থকা ৰাজ্যখনৰ ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনাৰ মেজত এটা সিদ্ধান্তলৈ আহিব নোৱাৰি৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আৱাসত অনুষ্ঠিত বৈঠকখনো ইয়াৰ ব্যতিক্রম নহ’ল৷ কিন্তু আলোচনাই সমস্যাজর্জৰ ৰাজ্যখনৰ মংগলময় ভৱিষ্যতৰ বাবে এটা পথ উলিয়াই দিলে৷ সেই পথেৰে আগুৱালে কেন্দ্রীয়শাসিত অঞ্চলটোৰ বিকাশৰ পথ প্রশস্ত হ’ব৷ জম্ম–কাশ্মীৰৰ সমস্যা দেশৰ অন্যান্য ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ সৈতে একে নহয়৷ কেন্দ্রীয়শাসিত অঞ্চলটোৰ সৈতে যুক্ত হৈ আছে সন্ত্রাসবাদীৰ সমস্যা৷ সমস্যাটো মূলতঃ পাকিস্তানৰ সহায়–সমর্থনৰ দ্বাৰা সৃষ্ট৷ তাত দৰিদ্রতা আছে৷ কাশ্মীৰী পণ্ডিতৰ সমস্যা আছে৷ পাকিস্তানপন্থী ৰাজনৈতিক নেতাৰ সমস্যা আছে৷ আছে বিকাশ আৰু শান্তিৰ সমস্যা৷ তদুপৰি ৩৭০ আৰু ৩৫(এ) পুনৰ বাহাল কৰিব বিচৰা ৰাজনৈতিক দল, অপশক্তিও অঞ্চলটোত আছে৷ অর্থাৎ জম্মু–কাশ্মীৰৰ সমস্যা সমাধান হ’বলৈ হ’লে এটা জটিল প্রক্রিয়াৰে চৰকাৰখন যাব লাগিব৷ সেইটো এদিনতে সম্ভৱ নহয়৷ তদুপৰি এইক্ষেত্রত কেন্দ্রীয় চৰকাৰে দেশৰ সংবিধানক অগ্রাহ্য কৰা কোনো (অপ)শক্তিক গ্রহণ নকৰে৷ অকল সেয়াই নহয়, ২৪ জুনৰ সর্বদলীয় বৈঠকৰ পূর্বেই চৰকাৰে ৩৭০ আৰু ৩৫(এ) সন্দর্ভত কোনো ধৰণৰ আলোচনা নহয় বুলি স্পষ্ট কৰি দিছিল৷ অর্থাৎ এইটো বিষয়ত কেন্দ্রীয় চৰকাৰে এক বিন্দুও আপোচ নকৰে৷ এইটো ইতিহাস হৈ গ’ল৷ গতিকে যিকোনো আলোচনাৰ ভেটি হ’ব শান্তি–প্রগতি, নির্বাচন, পূর্ণাংগ ৰাজ্য গঠনৰ দৰে বিষয়৷ ২৪ জুনৰ বৈঠকখনেও ইয়াকে প্রতিফলিত কৰে৷ ৩৭০, ৩৫(এ)ৰ পুনৰ বাহালৰ বাহিৰে কোনো বিষয়তে কেন্দ্রৰে আলোচনা নকৰোঁ বুলি এসময়ত দম্ভালি মৰা গুপকাৰ এলায়েন্সৰ অংশীদাৰ দলকেইটাই কেন্দ্রীয় চৰকাৰে দুয়োটা ধাৰাত কোনো আলোচনা নহয় বুলি ঘোষণা কৰা সত্ত্বেও বৈঠকখনত অংশগ্রহণ কৰে৷
প্রধানমন্ত্রী আৱাসত অনুষ্ঠিত বৈঠকখনত প্রধানমন্ত্রী নৰেন্দ্র মোদী, গৃহমন্ত্রী অমিত শ্বাহ, জম্মু–কাশ্মীৰৰ লেফটেনেণ্ট জেনেৰেল মনোজ সিনহা, জম্মু–কাশ্মীৰৰ চাৰিজন প্রাক্তন মুখ্যমন্ত্রী ফাৰুখ আব্দুলা, গোলাম নবী আজাদ, ওমৰ আব্দুল্লা আৰু মেহবুবা মুফতি, চাৰিগৰাকী প্রাক্তন উপ–মুখ্যমন্ত্রী তাৰাচন্দ্র, মুজাফফৰ হুছেইন বেগ, ড০ নির্মল সিং আৰু কবীন্দ্র গুপ্তাই ভাগ লয়৷ ইয়াৰে বেছিভাগ নেতা আৰু তেওঁলোকে প্রতিনিধিত্ব কৰা ৰাজনৈতিক দলে জম্মু–কাশ্মীৰত পুনৰ আগৰ সাংবিধানিক ব্যৱস্থা বিচাৰে৷ কেইবাটাও ৰাজনৈতিক দলে ভিন্ন ধৰণে সন্ত্রাসবাদীক সহায় কৰি আহিছে৷ বহু সন্ত্রাসবাদীক শাসনত থাকোঁকে মুকলি কৰি দিয়াৰ নজিৰো আছে৷ বৈঠকত কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা জম্মু–কাশ্মীৰত বিগত প্রায় দুবছৰত চৰকাৰে বিকাশৰ অর্থে কৰা কাম–কাজ, পুঁজিৰ ব্যয় আদিৰ খতিয়ান দিয়ে৷ ইয়াৰ দ্বাৰা কেন্দ্রীয় চৰকাৰ অঞ্চলটোৰ বিকাশৰ বাবে কিমান দায়বদ্ধ, তাক প্রদর্শন কৰাৰ চেষ্টা চলায়৷ ইয়াৰ বিপৰীতে ৰাজনৈতিক দলৰ তৰফৰ পৰা জম্মু–কাশ্মীৰক পূর্ণাংগ ৰাজ্যৰ মর্যাদা দিয়াৰ দাবী জনোৱা হয়৷ লগতে সমষ্টি পুনৰ নির্ধাৰণ কৰি নির্বাচন অনুষ্ঠিত কৰাতো জোৰ দিয়া হয়৷ কেন্দ্রীয় চৰকাৰৰ ফালৰ পৰা বিষয়টোত শীঘ্রে ব্যৱস্থা গ্রহণ কৰাৰ আশ্বাস দিয়া হয়৷ কেন্দ্রীয়শাসিত অঞ্চলটোত গণতন্ত্রক শক্তিশালী কৰা বাবে আৱশ্যকীয় সকলো কৰিবলৈ কেন্দ্র বদ্ধপৰিকৰ বুলি বৈঠকত জনাই দিয়ে৷ বৈঠকখন আহ্বানৰ এইটো এটা প্রধান উদ্দেশ্যও আছিল৷ অৱশ্যে আলোচনাৰ বিষয় নহ’লেও ৩৭০নং ধাৰাৰ বিষয়ে উচ্চাৰণ নকৰাকৈ থাকিব নোৱাৰিলে ৰাজনৈতিক দলৰ প্রতিনিধিয়ে৷ কিন্তু কেন্দ্রীয় চৰকাৰৰ দৃঢ় স্থিতিত তেওঁলোকৰ কোনো কথাই নৰজিল৷ তৎসত্ত্বেও এটা কথা ঠিক যে বৈঠকখনে জম্মু–কাশ্মীৰক নতুন দিশলৈ লৈ যোৱাৰ বাট এটা মুকলি কৰি দিলে৷ ২০১৯ চনৰ ৫ আগষ্টৰ পৰা একাষৰীয়া হৈ থকা ৰাজ্যখনৰ সৈতে কেন্দ্রৰ সম্পর্ক এটা স্থাপন হ’ল৷ ই ২৪ জুনতে ৰৈ নাথাকে৷ বহু আগলৈ যাব, যিসকলে ভাৰতীয় সংবিধানক মানি চলে, সংবিধানৰ পৰা আঁতৰাই পেলোৱা ৩৭০ আৰু ৩৫(এ)ক লৈ অপলাপ বকি নাথাকে, তেওঁলোকৰ সৈতে কেন্দ্রৰ সম্পর্ক দীঘলীয়া হ’ব৷ অর্থাৎ বিকশিত জম্মু–কাশ্মীৰ গঠনত কেন্দ্রীয় চৰকাৰৰ প্রয়াসৰ অংশীদাৰ হৈ থাকিব৷ ২৪ জুনৰ বৈঠকখন জম্মু–কাশ্মীৰৰ বাবে এটা ঐতিহাসিক দিন হ’ব পাৰে৷