নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গভীৰ প্রেমেৰে গীনিজ বুকত স্থান লাভ বামন জেমছ–ক্ল’ লাষ্টেডৰ

নিয়মীয়া বাৰ্তা ২৬ জুনঃ ব্রিটেইনৰ এক দম্পতীৰ নজিৰবিহীন প্রেম কাহিনীয়ে গীনিজ ৱর্ল্ড ৰেকর্ড কৰিবলৈ সক্ষম হৈছে৷ এই দম্পতীৰ নাম হৈছে জেমছ আৰু ক্ল’ লাষ্টেড৷ প্রেম যে অন্ধ জেমছ আৰু ক্ল’ৰ কাহিনীয়ে তাক প্রমাণ কৰি দিছে৷ উল্লেখনীয় যে ৩৩ বছৰীয়া বামন জেমছ হৈছে পেশাত এগৰাকী অভিনেতা৷ ইফালে, ২৭ বছৰীয়া ক্ল’ লাষ্টেড এগৰাকী শিক্ষয়িত্রী৷ ২০১৬ চনত দুয়ো বিবাহপাশত আবদ্ধ হয়৷ দুয়োৰে শৰীৰৰ উচ্চতাৰ মাজত বৃহৎ ব্যৱধান থকা সত্ত্বেও পৰস্পৰে পৰস্পৰক সাংঘাতিক ভাল পায়৷ জেমছৰ বাবে তেওঁৰ পত্নী ৫ ফুট ৫ ইঞ্চি উচ্চতৰ ক্ল’ এগৰাকী প্রাণাধিক তথা মমতাময়ী মহিলা৷ ইফালে, ৩ ফুট ৭ ইঞ্চি উচ্চতাৰ জেমছকো গভীৰভাৱে ভাল পায় পত্নীয়ে৷ দুয়োগৰাকীৰ মাজত উচ্চতৰ ব্যৱধান ১ ফুট ১০ ইঞ্চি৷ তথাপি দুয়োৰে মাজত আছে গভীৰ প্রণয়৷ এই প্রণয়ৰ বাবেই শাৰীৰিক উচ্চতাৰ ব্যৱধান সত্ত্বেও গীনিজ বুকত নাম খোদিত কৰিবলৈ সক্ষম হৈছে জেমছ আৰু ক্ল’ৱে৷

You might also like