নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বছৰটোৰ প্ৰথমটো বানত জোনাইৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত

নিয়মীয়া বাৰ্তা, ২৯ জুনঃ কভিড-১৯ অতিমাৰীৰ সন্ত্ৰাসৰ মাজতে বিগত কিছুদিন ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত ধেমাজি জিলাৰ জোনাই সমষ্টিৰ বিস্তীৰ্ণ অঞ্চলত বানপানীৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। যোৱা কেবাদিনো দি থকা নেৰানেপেৰা বৰষুণৰ ফলত জোনাইৰ নৈ উপনৈ সমূহৰ পানী বৃদ্ধি পোৱাত বাহিৰ জোনাই আৰু চিলে পঞ্চায়তৰ কেবাখনো গাওঁ যোবা দুদিন ধৰি জলমগ্ন হয় পৰিছে৷ বিশেষকৈ লেকু আৰু চিলে নদীৰ পানী বৃদ্ধি পোৱাত জোনাই  ৰাজহ চক্ৰ অৰ্ন্তগত শান্তিপুৰ, মালভোগ, ৰাভা কাঠনি, চুতীয়া চুক, সোনোৱাল কাঠনি, সোনোৱাল চুক আদি কৰি কেবখনো গাওঁৰ শতাধিক পৰিয়ালৰ ঘৰ বাৰী লগতে
সমগ্ৰ অঞ্চলটোৰ বিদ্যালয়, নামঘৰ আৰু অন্যান্য ৰাজহুৱা অনুষ্ঠান এতিয়া পানীৰ তলত৷
কৰ’নাৰ সন্ত্ৰাসৰ মাজতে অহা বছৰটোৰ প্ৰথমটো বানপানীয়ে জোনাই সমষ্টিৰ এই সমূহ অঞ্চলৰ ৰাইজক বাৰুকৈ চিন্তিত কৰি তুলিছে।

You might also like