জাতীয়তাবাদী যুৱ–ছাত্রৰে মন্ত্রী অতুল বৰাৰ আলোচনা
নিয়মীয়া বাৰ্তা ৩০ জুনঃ অসম চুক্তি ৰূপায়ণ আৰু অন্যান্য সামাজিক সমস্যা সন্দর্ভত আজি অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নেতৃত্বৰে অনানুষ্ঠানিক আলোচনাত মিলিত হয় কৃষি তথা অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্রী অতুল বৰা৷ আজিৰ আলোচনাত জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সভাপতি ৰাণাপ্রতাপ বৰুৱা, সাধাৰণ সম্পাদক পলাশ চাংমাইকে ধৰি সংগঠনটোৰ শীর্ষ নেতৃত্বই ভাগ লয়৷ বৈঠকৰ পিছত মন্ত্রী বৰাই সংবাদ মাধ্যমৰ আগত কয় যে অসম চুক্তি ৰূপায়ণৰ বিষয়ত বিষয়া পর্যায়ত ইতিমধ্যে কেইবালানিও আলোচনা অনুষ্ঠিত হৈ গৈছে৷ মুখ্যমন্ত্রীৰ লগতো এই বিষয়ে আলোচনা কৰা হৈছে৷ অসম চুক্তি ৰূপায়ণক লৈ সদৌ অসম ছাত্র সন্থাৰ পিছত আজি অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নেতৃত্বৰ লগতো অনানুষ্ঠানিক বৈঠক অনুষ্ঠিত হয়৷
এই বৈঠকত পৰিষদৰ নেতৃত্বই চুক্তিৰ ৬ আৰু ৭নং দফা সঠিকভাৱে ৰূপায়ণত গুৰুত্ব আৰোপ কৰে৷ ইপিনে এন আৰ চিৰ পুনৰীক্ষণ সন্দর্ভত অসম চৰকাৰৰ স্থিতিৰ প্রতি পৰিষদৰ নেতৃত্বই সমর্থন ব্যক্ত কৰে যদিও এই কাম সময় নির্ধাৰিত কর্মসূচীৰ ভিত্তিত সম্পন্ন কৰিবলৈ দাবী জনায়৷
ইপিনে বৈঠকত অসমৰ কৃষকৰ বিভিন্ন সমস্যাক লৈও আলোচনা কৰা হয়৷ আজি অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নেতৃত্বই মন্ত্রীগৰাকীক এখন স্মাৰক–পত্রও প্রদান কৰে৷ এই স্মাৰক–পত্র সন্দর্ভত সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে অসম চুক্তিমর্মে অসমে ২০ বছৰৰ অতিৰিক্ত বিদেশীৰ বোজা লৈছে৷ ফলত ৰাজ্যখনে যথেষ্ট পৰিমাণৰ অর্থনৈতিক লোকচানৰ ভাৰ বহন কৰিবলগীয়া হৈছে৷ সেয়ে যুৱ–ছাত্র পৰিষদে অসম চুক্তিৰ ৭নং দফা অনুযায়ী কেন্দ্রীয় চৰকাৰৰ পৰা এক বৃহৎ অর্থনৈতিক পুঁজি আদায়ৰ বাবে দাবী জনায়৷ একে সময়তে চাপৰিৰ ভূমিসমূহ সংৰক্ষণ কৰি ব্যক্তি বা সংগঠনক কৃষিকর্মৰ বাবে আবণ্টন দিয়াৰো দাবী উত্থাপন কৰে৷