নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৈয়ে কান্দেনে!

জানুৱাৰী মাহৰ শেষৰ ফালৰ কথা৷ আকাশৰ নীলাবোৰ বুকুত সাবটি বৈ আছে নৈখন, শান্ত–সমাহিত৷ জানো, বুকুত তাৰ তড়িৎ গতি৷ বালিচৰত মুখ গুঁজি পৰি আছে চৰাই কিছুমান৷ আমাৰ খোজৰ শব্দত ভুৰুঙকৈ উৰা মাৰিলে জাকপাতি চৰাইবোৰ৷ ‘কি চৰাই আছিল বাৰু?’ ইচ্ ভালকৈ ধৰিবই নোৱাৰিলো নহয়৷’ অজানিতে মোৰ মুখৰ পৰা ওলোৱা কথাষাৰ শেষ নৌহওঁতেই মোৰ স্বামী সঞ্জীৱে ক’লে– ‘পৰিভ্রমী চৰাই আকৌ৷ ডিচেম্বৰ, জানুৱাৰীত যে জাকে জাকে আহে পাহৰিলা নেকি?’
‘অ’ হয়তো, ব’লা আৰু অলপ আগলৈ যাওঁ, পানী যুৱলিলৈকে যাওঁ৷’ ব্রহ্মপুত্রৰ পানী আজলি ভৰাই লোৱাৰ হেঁপাহতে তেনেকৈ ক’লোঁ৷ কিন্তু পানী যুৱলিত যে কেৱল জাবৰ আৰু জাবৰ মৰহা ফুল, ফুলৰ মালা, ধূপৰ পেকেট, চিপ্ছৰ পেকেট… মুহূর্ততে মনটো সেমেকি গ’ল৷ উজান বজাৰৰ বিবেকানন্দ কেন্দ্রত এখন সভা আছিল৷ সভালৈ আমাৰ নিমন্ত্রণ আছিল৷ কিন্তু নির্ধাৰিত সময়ত সভাখন আৰম্ভ হোৱাৰ আশা নেদেখি আমি দুয়ো সভাগৃহৰ নাতিদূৰৈৰ ব্রহ্মপুত্রৰ বালিচৰ পালোঁগৈ৷ শীতকালত সময় পালেই উজান বজাৰৰ সেই বিশেষ ঠাইখনলৈ আমি যাওঁ৷ কিন্তু ২০২১ৰ আৰম্ভণিতে ভিন্ন কাৰণত সেই প্রিয় ঠাইকণলৈ যোৱাই হোৱা নাছিল৷ কিছু সময় মানুহৰ অবিবেচক কর্ম–কাণ্ডৰ বিষয়ে কথা পাতি সভাগৃহলৈ ঘূৰি আহিলোঁ৷
নৈয়ে কান্দেনে?? মনত অনুৰণিত হ’ল এক অদ্ভুত প্রশ্ণ৷ ভাৰতৰ বহু ঠাইত নৈক পূজা কৰা হয়৷ পূজা কৰা নৈখনকে আকৌ তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়ে মানুহে৷ লুইতৰ পাৰত দেখি অহা আৱর্জনাৰ দ’মবোৰে যেন আমাক উপহাসহে কৰিলে৷ দুদিনমান একেটা কথাকে মনলৈ আহি থাকিল আৰু এটা সময়ত নিজৰ কর্মত ব্যস্ত হৈ পৰিলোঁ আন বহু মানুহৰ দৰেই, যিবোৰে নৈখন ভাল পায় বা নৈয়ে সন্মুখীন হোৱা সমস্যা দেখি চিন্তান্বিত হয়, কিন্তু হাতে–কামে একো নকৰে৷ মাজে মাজে মই ভাইটিৰ পৰা ব্যতিক্রমী উপহাৰ এটা পোৱাটো এক অলিখিত নিয়ম৷ এসপ্তাহৰ পূর্বে তাৰ উপহাৰ এটা মোৰ হাতত পৰিলহি৷ এইবাৰ সি মোক দিয়া উপহাৰটো খুলি আচৰিত হ’লোঁ৷ সি মোক দিছে আটকধুনীয়া পেকিঙৰ ধূপকাঠী৷ ধূপৰ পেকেটটোৰ ওপৰত ডাঙৰকৈ ছপা কৰা আছে এটা শব্দ– ‘ফুল’৷ সন্ধিয়া ফুলৰ ধূপকাঠীৰ সুবাসেৰে মোৰ কণমানি ঘৰটো আমোলমোলাই উঠিল৷ স্বাভাৱিকতেই ভাইটিয়ে সুধিলে সি দিয়া উপহাৰটো কেনে পালোঁ মহ? উপহাৰটো মোক দিয়াৰ অন্তৰালত তাৰ এক মহৎ উদ্দেশ্য আছিল৷ আচলতে তাক মই ব্রহ্মপুত্রৰ কাষৰ আৱর্জনাৰ কথা কৈছিলোঁ৷ সি মোক উপহাৰ দিয়া ‘ফুল’ নামৰ ধূপবিধ নৈত উটি যোৱা ফুলেৰে প্রস্তুত কৰা বুলি সি মোক ক’লে৷ তেতিয়ালৈকে মই সেই বিশেষ ধূপৰ পেকেটটোৰ ইতিহাসৰ বিষয়ে জনাৰ কোনো ইচ্ছা মনত অনুভৱ কৰা নাছিলোঁ৷ ভাবিছিলোঁ সুগন্ধৰ বাবেই সি মোক ফুল ব্রেণ্ডৰ ধূপকাঠীৰ পেকেটটো উপহাৰ দিছে৷৷ ফুল নামৰ বিশেষ ধূপবিধৰ বিষয়ে ইণ্টাৰনেটত খুঁচৰিলো৷ ব্রেণ্ডটোৰ জন্মদাতাংকিত আগৰৱালা ৷ আচলতে ‘ফুল’ বিশ্বৰ প্রথম লাভজনক এক ব্যৱসায় যাৰ দাৰা মন্দিৰৰ আৱর্জনা সমাধানৰো এক উপায় ওলাইছে৷ বর্তমান ভাৰতৰ সৰু–ডাঙৰ সকলো নদীয়েই প্রদূষিত হৈছে৷ অতি পৱিত্র বুলি গণ্য কৰা নদীসমূহ বেছিকৈ প্রদূষিত হৈছে৷ গংগা নদীৰ নাম এইক্ষেত্রত প্রথমেই মনলৈ আহে৷ এবাৰ দিল্লীলৈ যাওঁতে মকৰ সংক্রান্তিৰ সময়ত মই গংগাৰ ঘাটলৈ গৈছিলোঁ৷ অজস্র ভক্তই গংগাৰ পাৰত সূর্য নমস্কাৰ কৰা দেখিছিলোঁ৷ সকলোৱেই ফুল, চাকি আদি নদীত উটুৱাই দিছিল৷ সেই সময়ত নদীত উটুৱাই দিয়া সেই পূজাৰ সামগ্রীবোৰে নদীখনক কিমান অপকাৰ কৰিছে সেই কথা মোৰ মনলৈ অহা নাছিল৷ কিন্তু ‘ফুল’ ধূপৰ ইতিহাস খুঁচৰোতে দেখিলোঁ যে ২০১৫ চনত মোৰ দৰেই অংকিত আগৰৱালাও বন্ধুৰ সৈতে মকৰ সংক্রান্তিত গংগাৰ ঘাটলৈ গৈছিল আৰু তাত গোট খোৱা ভক্তই নদীত উটুৱাই দিয়া পূজাৰ সামগ্রীবোৰে নদীখনক যে ভয়াৱহভাৱে প্রদূষিত কৰিছে সেই কথাই তেওঁৰ মনত ক্রিয়া কৰিছিল৷ নদীৰ লেতেৰা পানী ভক্তসকলে খোৱাৰ লগতে বটলতো ভৰাই লৈছিল নিজৰ ঘৰ পৱিত্র কৰিবলৈ বুলি৷ আচলতে অংকিতৰ দৰে মানুহবোৰ নিজৰ চৌপাশক লৈ অত্যন্ত সচেতন আৰু দায়বদ্ধ৷ আমি সকলোৱে নৈ প্রদূষিত হোৱা কথাটোৰ বাবে বিভিন্ন উদ্যোগ বা নলা–নর্দমাৰ প্রদূষিত পানীকে জগৰীয়া কৰোঁ৷ কিন্তু আমি ভাবি নাচাওঁ যে পৰম্পৰাৰ নামত আমি কৰা কিছুমান কামেও নৈ অথবা মাটি প্রদূষিত কৰিব পাৰে৷ আন কথা বাদেই, দুর্গাপূজাৰ পিছত নৈৰ ঘাটবোৰ পৰিদর্শন কৰিলেই দেখা যায় নৈৰ পাৰত পৰি থকা আৱর্জনাৰ স্তূপ৷ প্রশাসনে বিভিন্ন নিয়ম বান্ধি দিয়া সত্ত্বেও সাধাৰণ মানুহে প্রদূষণৰ কথা নাভাবি জধে–মধে প্রতিমা বিসর্জন দি নদীৰ পাৰত বা ঘাটত অবর্ণনীয় পৰিৱেশৰ সৃষ্টি কৰে৷ অংকিতৰ চকুত পৰিছিল লেতেৰা পানীত ওপঙি থকা ৰং–বিৰঙী ফুলবোৰৰ ওপৰত৷ সেই ফুলবোৰ আছিল নৈৰ কাষত অৱস্থিত মন্দিৰৰ পৰা পেলাই দিয়া পূজাত ইতিমধ্যেই ব্যৱহূত ফুল৷ লাহে লাহে সেই ফুলবোৰে পানীতেই নিজৰ ৰং হেৰুৱাই গেলি–পচি পানীও প্রদূষিত কৰে৷ অংকিত আৰু তেওঁৰ বন্ধুৰ মনত এই সমস্যা সমাধানৰ বাবে উপায়ৰ চিন্তাই খলকনি লগাবলৈ ধৰিলে৷ অভিযন্তা অংকিতে এই বিষয়ে নিজৰ কৌতূহল নিবাৰণৰ বাবে গৱেষণা আৰম্ভ কৰিলে৷ গৱেষণাত প্রমাণ হ’ল যে মন্দিৰৰ পৰা নৈৰ পানীত পেলাই দিয়া ফুলবোৰত যথেষ্ট পৰিমাণে কীট–পতংগ মাৰিবলৈ ব্যৱহাৰ কৰা সাৰ থাকে৷ পানীত ফুলবোৰ পৰি যোৱাৰ লগে লগে সেই সাৰবোৰ পানীত মিহলি হৈ যায় আৰু পানীৰ অক্সিজেনৰ পৰিমাণ হ্রাস পায়৷ এই প্রক্রিয়াত ভয়াৱহভাৱে ক্ষতিগ্রস্ত হয় জলজ উদ্ভিদ আৰু প্রাণী৷ অংকিতে সিদ্ধান্ত ল’লে মন্দিৰৰ আৱর্জনাসমূহ পুনৰ ব্যৱহাৰ কৰি গংগাৰ পানী প্রদূষণমুক্ত কৰাৰ৷
অংকিতৰ পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াটো বৰ সহজ নাছিল৷ কোনেও তেওঁলোকৰ মন্দিৰৰ আৱর্জনা পুনৰ ব্যৱহাৰযোগ্য কৰাৰ চিন্তাক সমর্থন কৰা নাছিল অথবা ব্যৱহূত ফুলবোৰ তেওঁলোকক দিবও খোজা নাছিল৷ কিন্তু অংকিতে সিদ্ধান্ত সলনি কৰিব খোজা নাছিল৷ তেওঁ কেইজনমান বন্ধুৰ লগ হৈ কেইবামাহো বিভিন্ন মন্দিৰৰ কর্তৃপক্ষক লগ ধৰিলে আৰু তেওঁলোকক জাবৰ নিষ্কাশনৰ বাবে নিজে পৰিকল্পনা কৰা পদ্ধতিটোৰ বিষয়ে সবিশেষ বুজাবলৈ চেষ্টা কৰিলে৷ লাহে লাহে মানুহবোৰে অংকিত আৰু তেওঁৰ দলৰ মহৎ উদ্দেশ্যৰ কথা বুজি পালে৷ প্রায় ডেৰ বছৰ অস্থায়ী পৰীক্ষাগাৰত বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা ব্যৱহূত ফুলৰ ওপৰত পৰীক্ষা–নিৰীক্ষা কৰি তেওঁলোকে ধূপকাঠী প্রস্তুত কৰাৰ সিদ্ধান্ত ল’লে৷ গংগা নদী পৰিষ্কাৰ কৰাৰ লগতে থলুৱা মানুহক উপার্জনৰ পথ দেখুওৱাটোও আছিল অংকিতৰ প্রধান উদ্দেশ্য৷ ব্যৱহূত ফুল সংগ্রহ কৰি এটা সামাজিক সংগঠন গঢ় দিয়াৰ যি সপোন সেই সপোনে ক্রমান্বয়ে পৰিব্যাপ্তি লাভ কৰিছে৷ ইতিমধ্যে তিনিখন চহৰত ফুলৰ শাখা গঠন হৈছে৷ মন্দিৰৰ উপৰি বিভিন্ন উৎসৱ–পার্বণত ব্যৱহূত ফুল সংগ্রহ কৰি সেইসমূহক পাউডাৰলৈ পৰিৱর্তন কৰা হয়৷ সেই পাউডাৰবোৰ মথি মহিলাসকলে ধূপকাঠী প্রস্তুত কৰে৷ এই ধূপকাঠীসমূহ প্রস্তুতত জড়িত থকা মহিলাসকলৰ অধিকাংশই তথাকথিত ‘নিম্ন জাতিৰ মহিলা’৷ এই মহিলাসকল বছৰ বছৰ ধৰি তেওঁলোকৰ জাতিৰ বাবেই বৈষম্যৰ বলি হৈ আহিছে৷ তেওঁলোকৰ বাবে মন্দিৰত ব্যৱহূত ফুল পুনৰ ব্যৱহাৰযোগ্য কৰি তোলাটো এক আৱেগিক প্রক্রিয়া৷ এই প্রক্রিয়াই তেওঁলোকক অনুভৱ কৰায় যে সমাজত আন উচ্চ জাতিৰ মহিলাসকলৰ সৈতে তেওঁলোক সমান৷ তেওঁলোকে কৰি থকা চাকৰিটোৱে তেওঁলোকক সন্মান আৰু পেটৰ ভাত দুয়োটাই প্রদান কৰে৷ উপার্জনৰ সুস্থিৰ উৎস এটা থকাৰ বাবেই তেওঁলোকে নিজৰ সন্তানসকলক উচ্চ শিক্ষাও দিবলৈ সক্ষম হৈছে৷ কাণপুৰ চহৰৰ পৰাই প্রথম ফুল সংগ্রহৰ প্রক্রিয়া আৰম্ভ হৈছিল৷ ব্যৱহূত ফুলৰ পৰা বাছি বাছি মালা আৰু ৰঙো প্রস্তুত কৰা হয়৷ ‘ফুল’ ত সংস্থাপিত হৈ পৰৱর্তী সময়ত আন ব্যৱসায়ো বহু মহিলাই আৰম্ভ কৰিছে৷ অনিতা দেৱী নামৰ মহিলাগৰাকীয়ে দলিত সম্প্রদায়ৰ মহিলাৰ প্রথমখন বিউটী পার্লাৰ আৰম্ভ কৰিছে৷ ফুলৰ ১৯গৰাকী প্রাক্তন কর্মচাৰীয়ে এটা বৃহৎ পুখুৰীত মৎস্য পালন আৰম্ভ কৰিছে৷ এতিয়া আনকি কেইবাটাও মন্দিৰৰ কর্তৃপক্ষই অংকিত আগৰৱালাৰ গংগা পৰিষ্কাৰকৰণ অভিযানৰ সহযাত্রী হ’বলৈ ইচ্ছা প্রকাশ কৰিছে৷ তিনিটা মন্দিৰত ইতিমধ্যে পূজাত ফুল অর্পণ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ ‘ফুলে’ প্রতি দিনেই উত্তৰপ্রদেশৰ মন্দিৰসমূহৰ পৰা ৪ টন ব্যৱহূত ফুল সংগ্রহ কৰে৷ অন্যথা এই ফুলবোৰ গংগাতে উটুৱাই দিয়া হয়৷ গংগাক প্রদূষণমুক্ত কৰাত এই প্রচেষ্টাই যথেষ্ট সহায় কৰিছে৷ অংকিতৰ উদ্যোগত ‘হেল্প আর্থ গ্রীন নামৰ অভিযানো ইতিমধ্যে আৰম্ভ হৈছে৷ সেই অভিযানে উত্তৰ প্রদেশৰ হাতেৰে নলা–নর্দমা পৰিষ্কাৰকৰণত নিয়োজিত কর্মচাৰীসকলক বা চাফাই কর্মীসকলক উপার্জনৰ উৎস দিছে আৰু বহু শতিকাজুৰি নিজৰ জাত অনুসৰি জীৱিকা নির্বাহ কৰাৰ পদ্ধতিৰ পৰিৱর্তন আনিছিল৷ নিম্ন জাতৰ লোকে সামাজিকভাৱে উচ্চ আন জাতৰ জীৱিকা খুব কমেইহে গ্রহণ কৰাৰ সুবিধা পায়৷ তেওঁলোকৰ ওপৰতো সামাজিকভাৱে জাপি দিয়া হয় অস্বাস্থ্যকৰ কামবোৰ কৰাৰ দায়িত্ব৷ ফুল সংগ্রহ কৰা কামটোৱে তেওঁলোকক ৰোগৰ পৰা বচাই ৰখাৰ লগতে উপার্জনৰ নিশ্চিত সুবিধা দিয়াৰ লগতে সামাজিক গ্রহণযোগ্যতা বৃদ্ধি কৰিছে৷ সকলোতকৈ গুৰুত্বপূর্ণ কথা হ’ল তেওঁলোকক মর্যাদা প্রদান কৰিছে৷ গংগাক পুনৰ পৰিষ্কাৰ কৰাৰ ক্ষেত্রত এই সংস্থাটো আশাৰ ৰেঙনি হৈ পৰিছে৷
‘ফুল’ ব্রেণ্ডৰ জন্মদাতা অংকিতে অতি কম বয়সতে এজন সফল উদ্যোগী হিচাপেও স্বীকৃতি লাভ কৰিছে৷ চেণ্টাৰ অৱ এনভায়ৰনমেণ্ট এডুকেচনৰ ‘আনছাং হিৰ’ৰ সন্মান লাভ কৰা অংকিতে এটা বহনক্ষম প্রকল্পৰ বাবে ২৬খন দেশত কাম কৰিছে আৰু এছিয়া ছ’চাইটীৰ দ্বাৰা নির্বাচন কৰা ২১গৰাকী বিশেষ দক্ষতা থকা যুৱনেতাৰ ভিতৰত এগৰাকীৰ স্বীকৃতি লাভ কৰিছে৷ দক্ষিণ এছিয়াত প্রতি বছৰে ৮ মিলিয়ন টনতকৈও অধিক ফুল পূজাৰ পিছত নদীত উটুৱাই দিয়া হয়৷ অংকিতৰ সংস্থাটোৱে ইতিমধ্যে ১১ হাজাৰ ৬০ মেট্রিক টন মন্দিৰৰ বর্জনীয় ফুল পুনৰ শোধন কৰিছে৷ নদীত মিহলি হৈ যোৱা ১১০ মেট্রিক টন ৰাসায়নিক সাৰ ইতিমধ্যেই আঁতৰোৱা হৈছে৷ ৭৩টা চাফাই কর্মীৰ পৰিয়ালে মর্যাদাসম্পন্নভাৱে জীয়াই থাকিব পৰাকৈ উপার্জন কৰিবলৈ সক্ষম হৈছে৷ ফুল, ধূপকাঠী বা পূজাৰ অন্যান্য সামগ্রীবোৰ প্লাষ্টিকৰ পেকেটত থাকে আৰু সেই পেকেটবোৰত সাধাৰণতে ভগৱানৰ ছবি ঁকা থাকে৷ ভক্তসকলে ভগৱানৰ ফটোসম্বলিত পেকেটবোৰ য’তে ত’তে পেলালে পাপ হোৱাৰ ভয়ত নদীতে উটুৱাই দিয়ে৷ প্লাষ্টিকে সৃষ্টি কৰা সমস্যাৰ কথা সেই সময়ত তেওঁলোকৰ মনলৈকে নাহে৷ ‘ফুল’ ব্রেণ্ডৰ ধূপকাঠীবোৰ জৈৱিক পদার্থৰে তৈয়াৰী পেকেটত ভৰাই বিক্রী কৰা হয়৷ তুলসী বা অন্যান্য পৱিত্র বুলি গণ্য কৰা গছৰ গুটিৰে ‘ফুল’ ধূপৰ পেকেটৰ কাগজ প্রস্তুত কৰা হয় ৷ এই কাগজবোৰক ছীড পেপাৰ বুলি কোৱা হয়৷আৰু তাত ব্যৱহাৰ কৰা ৰংবোৰো জৈৱিক৷ ধূপ ব্যৱহাৰ কৰাৰ পিছত ব্যৱহাৰকাৰীয়ে পেকেটটো খুলি কাগজখন মাটিৰ পাত্রত পুতি থ’ব লাগে৷ নিয়মীয়াকৈ পানী দিলে কাগজখনৰ পৰা বীজ অংকুৰিত হয়৷ অর্থাৎ নৈ প্রদূষিত হোৱাৰ কোনো সুযোগ ‘ফুলে’ নিদিয়ে৷
আমাৰ অসমতো প্রত্যেকদিনাই মন্দিৰ, মছজিদ অথবা বিভিন্ন উৎসৱত যথেষ্ট ফুল ব্যৱহাৰ হয়৷ নৈয়েই সেইবোৰ ফুলৰ শেষ ঠিকনা৷ কোনো উৎসাহী যুৱকে অসমৰ নৈৰ বুকু পৰিষ্কাৰ কৰাৰ লগতে যদি উপার্জনৰ নিশ্চিত পথ এটা ল’ব খোজে, তেনেহ’লে অংকিতৰ কাহিনীয়ে তেওঁক দিব মার্গদর্শন৷ নৈৰ নীৰৱ কান্দোন কিমান শুনিব আৰু??

You might also like