গুৰুত্বপূর্ণ সিদ্ধান্তঃ মার্কশ্বীট প্রযোজ্য হ’ব সকলো চাকৰিতে
নিয়মীয়া বাৰ্তা, ৯ জুলাইঃ অৱশেষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যায়নক লৈ চলি থকা দীর্ঘদিনীয়া উৎকণ্ঠা আৰু বিভ্রান্তিৰ যৱনিকা পৰিল৷ বিকল্প মূল্যায়নৰ বাবে গঠিত দুয়োখন সমিতিৰ প্রতিবেদনৰ ৫নং দফা প্রত্যাহাৰ কৰা হ’ব৷ অর্থাৎ ছাত্র–ছাত্রীৰ পূর্বৰ প্রদর্শনৰ ওপৰত ভিত্তি কৰি প্রদান কৰিবলগীয়া মার্কশ্বীট সকলো চাকৰিৰ ক্ষেত্রতে প্রযোজ্য হ’ব৷
ইয়াৰ পূর্বে ৫নং দফা অনুসৰি বিকল্প মূল্যায়ন পদ্ধতিৰে প্রদান কৰিবলগীয়া মার্কশ্বীট টেট বা আনুষংগিক পৰীক্ষাৰ ক্ষেত্রত প্রযোজ্য নহ’ব বুলি চর্ত আৰোপ কৰা হৈছিল৷ ইয়াকে লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্র প্রতিক্রিয়া৷ জাঙুৰ খাই উঠিছিল সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, নিখিল বড়ো ছাত্র সন্থাকে ধৰি ৰাজ্যখনৰ সকলো ছাত্র সংগঠন৷ ইয়াৰ পাছতে বৃহস্পতিবাৰে ক’ভিডকালীন পৰিস্থিতিৰ পৰিপ্রেক্ষিতত বাতিল কৰিবলগীয়া হোৱা ২০২১ বর্ষৰ হাইসুকল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূডান্ত পৰীক্ষাৰ বিকল্প মূল্যায়ন সূত্র সন্দর্ভত সদৌ অসম ছাত্র সন্থা, নিখিল বডো ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ প্রতিনিধিবর্গৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আজি এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷
জনতা ভৱনস্থিত বিত্ত বিভাগৰ সভাকক্ষত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, বিত্তমন্ত্রী অজন্তা নেওগ আৰু হস্ততাঁত, বস্ত্র আৰু ৰেচম বিভাগৰ মন্ত্রী ইড জি ব্রহ্মৰ উপস্থিতিত অনুষ্ঠিত আজিৰ এই বৈঠকত বিকল্প মূল্যায়ন সন্দর্ভত এক সিদ্ধান্তত উপনীত হয়৷ বৈঠকৰ সিদ্ধান্ত অনুসৰি বিকল্প মূল্যায়নৰ বাবে গঠিত সমিতিয়ে দাখিল কৰা প্রতিবেদনৰ আধাৰত চৰকাৰে জাৰি কৰা অধিসূচনাৰ ৫নং দফাটো বাতিলকৰণৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷
বিকল্প মূল্যায়ন সূত্র অনুসৰি ঘোষিত ফলাফলৰ নম্বৰ তালিকা তথা প্রমাণ–পত্র উচ্চ শিক্ষা গ্রহণ, চাকৰি–বাকৰি তথা অন্যান্য সকলো ক্ষেত্রতে প্রযোজ্য হ’ব৷ অৱশ্যে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ বাবে চৰকাৰে প্রয়োজনীয় বুলি বিবেচনা কৰিলে সমপর্যায়ৰ এটা পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব বুলিও বৈঠকে সিদ্ধান্ত গ্রহণ কৰে৷
অসম মাধ্যমিক শিক্ষা পৰিষদ, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ লগতে অন্যান্য সকলো ব’ড বা পৰিষদৰ অধীনৰ শিক্ষার্থীৰ ক্ষেত্রত এই নিয়ম প্রযোজ্য হ’ব৷ বিকল্প মূল্যায়নৰ আধাৰত ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূডান্ত পৰীক্ষাৰ ফলাফলত স্থানপ্রাপ্তৰ তালিকা নাথাকিব যদিও পূর্বৰ দৰেই ডিষ্টিংচন আৰু ষ্টাৰ নম্বৰৰ ব্যৱস্থা থাকিব৷
আনহাতে, এই বৈঠকতে মুখ্যমন্ত্রীয়ে এতিয়াৰে পৰা নৱম শ্রেণীৰ বার্ষিক পৰীক্ষা অসম মাধ্যমিক শিক্ষা পৰিষদৰ তত্ত্বাৱধানত অনুষ্ঠিত কৰাৰ বাবে নির্দেশ দিয়ে৷ জিলা অধিবিদ্যা পৰিষদে অনুষ্ঠিত কৰিবলগীয়া এই পৰীক্ষাৰ প্রশ্ন কাকত জিলা ভিত্তিত উমৈহতীয়া হ’ব৷ এই পৰীক্ষাত অৱতীর্ণ পৰীক্ষার্থী আৰু ফলাফলৰ তথ্য অসম মাধ্যমিক শিক্ষা পৰিষদৰ ওচৰত উপলব্ধকৰণৰ বাবেও মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷
ৰাজ্যখনৰ শিক্ষার্থীসকলৰ ভৱিষ্যৎ জীৱনৰ এটা জটিল বিষয়ৰ ওপৰত সমাধানসূত্র উলিওৱাৰ পদক্ষেপৰ বাবে বৈঠকত সদৌ অসম ছাত্র সন্থা, নিখিল বডো ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ প্রতিনিধিসকলে মুখ্যমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰে৷ আগন্তুক দিনবোৰতো অসমৰ শিক্ষাখণ্ডক আগুৱাই নিয়াৰ দিশত মুখ্যমন্ত্রীয়ে সকলোৰে সহযোগিতাৰে পদক্ষেপ গ্রহণ কৰি যাব বুলি তেওঁলোকে আশা প্রকাশ কৰে৷ এই বৈঠকত সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য, ডপদেষ্টা প্রকাশ দাস, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, নিখিল বডো ছাত্র সন্থাৰ সভাপতি দ্বীপেন বডো, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সভাপতি ৰাণাপ্রতাপ বৰুৱা, সাধাৰণ সম্পাদক পলাশ চাংমাইকে ধৰি সংগঠনকেইটাৰ বিভিন্ন বিষয়ববীয়াই অংশগ্রহণ কৰে৷
বৈঠকত শিক্ষা বিভাগৰ প্রধান সচিব বি কল্যাণ চক্রৱর্তী, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহা, শিক্ষা বিভাগৰ বিশেষ আয়ুক্ত প্রীতম শইকীয়া, অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম ডচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষদ্বয়ৰ লগতে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে৷