নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘তেজ দিম তেল নিদিওঁ’ শ্লোগানৰ পৰা হাইড্র’কার্বন ভিছন ২০৩০ লৈ

- দীপাংকৰ মল্ল বৰুৱা

অসম আন্দোলনৰ সময়ত তেজপুৰৰ সংগ্রামী দুলাল শর্মাই নিজৰ বুকুৰ তেজেৰে গুৱাহাটীৰ ৰাজপথত লিখিছিল ‘তেজ দিম তেল নিদিওঁ’৷ সেই সময়ত এই ‘তেজ দিম, তেল নিদিওঁ’ শ্লোগানেৰে উদ্বুদ্ধ হৈ অসমৰ পৰা বহিঃৰাজ্যলৈ খাৰুৱা তেলৰ সৰবৰাহ বন্ধ কৰাৰ দাবীৰে হাজাৰ হাজাৰ মানুহ ৰাজপথলৈ ওলাই আহিছিল৷
এতিয়া সময় সলনি হ’ল৷ লুইতৰ বুকুৰে বহু পানী বাগৰি গ’ল৷ এসময়ত অসমৰ পৰা খাৰুৱা তেল বিহাৰৰ বাৰাউনি শোধনাগাৰলৈ লৈ যোৱা হৈছিল৷ কিন্তু এতিয়া অসমৰ বঙাইগাঁও আৰু গুৱাহাটী শোধনাগাৰৰ কাৰণে বাৰাউনিৰ পৰাহে খাৰুৱা তেল অসমলৈ আহে৷ নুমলীগড শোধনাগাৰ স্থাপন হোৱাৰ পিছত অসমৰ তেলেৰে অসমৰ সকলো শোধনাগাৰৰ চাহিদা পূৰণ কৰাটো অসম্ভৱ হৈ পৰিল আৰু সেয়েহে যিডাল পাইপলাইনেৰে খাৰুৱা তেল অসমৰ বাহিৰলৈ পঠিওৱা হৈছিল, সেই একেডাল পাইপলাইনেৰে খাৰুৱা তেল বহিঃৰাজ্যৰ পৰা অসমলৈ অনাৰ ব্যৱস্থা হ’ল৷
অসমৰ ডিগবৈত ভাৰতৰ প্রথম খাৰুৱা তেলৰ উদ্ঘাটন হোৱাৰ ইতিহাস কম–বেছি পৰিমাণে আমি সকলোৱে জানো৷ খাৰুৱা তেল আৰু প্রাকৃতিক গেছ অসমত যথেষ্ট পৰিমাণে উৎপাদন হোৱাৰ কাৰণে অসমত কেইবাটাও পেড্র’লিয়াম উদ্যোগ গঢ়ি উঠিছে৷ ডিগবৈ শোধনাগাৰ ব্রিটিছৰ সময়তে ১৯০১ চনত স্থাপন হৈছিল আৰু এই শোধনাগাৰে এতিয়া বিশ্বৰ প্রাচীনতম কার্যক্ষম শোধনাগাৰৰ ঐতিহ্য বহন কৰি আছে৷ অসমৰ তৈল অন্বেষণ আৰু উদ্ঘাটনৰ কামত দুটাকৈ ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেড OIL) তথা তেল আৰু প্রাকৃতিক গেছ আয়োগ ONGCL) ব্রতী হৈ আছে৷ ভাৰতীয় তেল নিগমৰ IOCL) অধীনত আছে ডিগবৈ, গুৱাহাটী আৰু বঙাইগাঁও শোধনাগাৰ৷ অসম চুক্তিৰ ফলশ্রুতিত নুমলীগড শোধনাগাৰ লিমিটেডে NRL) ১৯৯৯ চনত নুমলীগডত এটা উচ্চ শোধনক্ষমতাযুক্ত শোধনাগাৰ স্থাপন কৰিছে৷ সেইদৰে প্রাকৃতিক গেছৰ আধাৰত অসমত গেছ ক্রেকাৰ প্রকল্প, তাপ বিদ্যুৎ কেন্দ্র, সাৰ কাৰখানা, পেড্র’ কেমিকেল উদ্যোগ আদি স্থাপিত হৈছে৷ এই উদ্যোগসমূহত প্রত্যক্ষ বা পৰোক্ষভাৱে কাম কৰি বা উদ্যোগসমূহৰ লগত ব্যৱসায়িকভাৱে জডিত হৈ অসমৰ হাজাৰ হাজাৰ মানুহে জীৱিকা নির্বাহ কৰিছে৷ ২০২০ চনৰ তথ্য অনুসৰি উত্তৰ পূর্বাঞ্চলত থকা তৈল কোম্পানীসমূহত প্রায় সোতৰ হাজাৰ বিষয়া–কর্মচাৰী প্রত্যক্ষভাৱে কর্মৰত হৈ আছে৷
আজি কেইদিনমানৰ আগতে অসমৰ নৱনির্বাচিত মুখ্যমন্ত্রীয়ে এখন প্রেছমেলত অসমত তৈল উদ্যোগৰ গুৰুত্বৰ বিষয়ে কেইটামান অতি দৰকাৰী মন্তব্য কৰিছে৷ অসমত থকা তৈল উদ্যোগসমূহে অসমৰ ৰাজকোষলৈ প্রতিবছৰে সন্তোষজনক বৰঙণি আগবঢ়াই আহিছে৷ মুখ্যমন্ত্রীয়ে দিয়া হিচাপ মতে অসমৰ তৈল উদ্যোগৰ পৰা প্রায় চৈধ্য হাজাৰ কোটি টকা অসম চৰকাৰৰ হাতলৈ আহে, যি ধন ৰাজ্যখনৰ পৰিচালনা আৰু উন্নয়নৰ কাৰণে অত্যন্ত আৱশ্যকীয় আৰু গুৰুত্বপূর্ণ৷ যোৱা ২০১৯–২০ বিত্তীয় বছৰত অসমে তৈল উদ্যোগৰ পৰা ৰয়েল্টী, কৰ আৰু কেন্দ্রীয় চৰকাৰৰ অনুদান ধৰি প্রায় সোতৰ হাজাৰ কোটি টকা লাভ কৰিছিল আৰু এয়া ৰাজ্যখনৰ বার্ষিক বাজেটৰ প্রায় কুৰি শতাংশ আছিল৷ যিসময়ত অসম উদ্যোগীকৰণত ভাৰতৰ আন ৰাজ্যতকৈ বহুগুণে পিছপৰি আছে, ব্যক্তিগত খণ্ডৰ উদ্যোগপতিৰ কোনো বৃহৎ বিনিয়োগ এতিয়াও অসমত হোৱা নাই, অসমত স্থাপন হোৱা চৰকাৰী খণ্ডৰ বহুতো উদ্যোগ মৃত্যুমুখত পৰিছে, সেই সময়ত কেৱল তৈল উদ্যোগে অসম চৰকাৰৰ ৰাজকোষলৈ বিপুল পৰিমাণৰ অৰিহণা আগবঢ়াই অহাটো মন কৰিবলগীয়া৷ সেয়েহে খাৰুৱা তেল আৰু প্রাকৃতিক গেছৰ ওপৰত নির্ভৰশীল উদ্যোগসমূহ সুকলমে চলি থকাটো আমাৰ ৰাজ্যখনৰ কাৰণে কিমান গুৰুত্বপূর্ণ সেয়া বহলাই কোৱাৰ প্রয়োজন নাই৷
অসম যদিও খনিজ সম্পদত দেশৰ ভিতৰতে অন্যতম চহকী ৰাজ্য, কিন্তু আমাৰ ৰাজ্যখনৰ পৰা খাৰুৱা তেল উৎপাদনৰ হাৰ এতিয়া নিম্নমুখী হৈছে৷ অৱশ্যে প্রাকৃতিক গেছৰ উৎপাদন সামান্য পৰিমাণে বৃদ্ধি হৈছে৷ ভূগর্ভত সঞ্চিত সম্পদৰ পৰিমাণ সীমিত হোৱাৰ কাৰণে এই সম্পদৰ পুনৰ নৱীকৰণ কৰাটো সম্ভৱ নোহোৱাৰ বাবে সময়ৰ লগে লগে হাইড্র’কার্বনৰ (খাৰুৱা তেল আৰু প্রাকৃতিক গেছ) উৎপাদন হ্রাস হোৱাটো এক স্বাভাৱিক প্রক্রিয়া৷ তৈল অন্বেষণ কৰা কোম্পানীসমূহে নতুন নতুন তৈলক্ষেত্রৰ সন্ধান অব্যাহত ৰাখিছে যদিও উৎপাদনৰ হাৰ ঊর্ধ্বমুখী কৰাত বিশেষ সফল হ’ব পৰা নাই৷ গতিকে আজি কিছু বছৰৰ পিছত অসমৰ হাইড্র’কার্বনৰ উৎপাদন যথেষ্ট পৰিমাণে কমি যোৱাৰ আশংকা ঘনীভূত হৈছে৷ সেয়েহে তৈল উদ্যোগৰ ভৱিষ্যতৰ বাবেও অশনি সংকেত আহিছে৷ স্বাভাৱিকতে প্রশ্ণ উত্থাপন হৈছে, অসমত তেল আৰু গেছৰ উৎপাদন কমি গ’লে অসমৰ শোধনাগাৰসমূহৰ কি হ’ব? অসমত তেল আৰু গেছৰ ওপৰত নির্ভৰশীল উদ্যোগসমূহ বন্ধ হৈ যাব নেকি? প্রাকৃতিক গেছৰ ওপৰত নির্ভৰশীল চাহ বাগানসমূহ মৃত্যুৰ গৰাহত পৰিব নেকি? অসমৰ উন্নয়ন বহু পৰিমাণে পিছ পৰি যাব নেকি?
পিছে আশাব্যঞ্জক কথা এয়ে যে অসমত হাইড্র’কার্বনৰ উৎপাদন কমি আহিলেও কেন্দ্রীয় চৰকাৰে উত্তৰ–পূর্বাঞ্চলক দক্ষিণ–পূব এছিয়াৰ হাইড্র’কার্বন উদ্যোগৰ অভিকেন্দ্র ৰূপে গঢ়ি তোলাৰ উদ্দেশ্যেৰে ২০১৫ চনত ‘হাইড্র’কার্বন ভিছন ২০৩০’ ঘোষণা কৰিছে৷ এই আঁচনিৰ অধীনত অসমত হাইড্র’কার্বন উদ্যোগৰ ভৱিষ্যৎ সুনিশ্চিত কৰাৰ বাবে দীর্ঘকালীন পৰিকল্পনা কৰা হৈছে৷ মন কৰিবলগীয়া যে ভূ–বৈজ্ঞানিক সমীক্ষা আৰু অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে সমগ্র উত্তৰ–পূর্বাঞ্চলৰ হাইড্র’কার্বন ভাণ্ডাৰৰ পৰিমাণ ৫০৪০ নিযুত মেড্রিক টন আৰু ইয়াৰে মাত্র ৪৪ শতাংশহে এতিয়ালৈ উৎপাদন কৰা হৈছে৷ অসম, ত্রিপুৰা আৰু অৰুণাচল প্রদেশত হাইড্র’কার্বন উৎপাদন বহু বছৰৰ পৰা চলি আছে যদিও মিজোৰাম, মণিপুৰ আৰু নাগালেণ্ডত থকা হাইড্র’কার্বন ভাণ্ডাৰ এতিয়াও উদ্ঘাটন হ’বলৈ বাকী আছে৷ উত্তৰ–পূর্বাঞ্চলৰ চুবুৰীয়া দেশ বাংলাদেশ আৰু ম্যানমাৰৰ পৰাও হাইড্র’কার্বন উত্তৰ–পূর্বাঞ্চললৈ আমদানি কৰাৰো পৰিকল্পনা কৰা হৈছে৷
‘হাইড্র’কার্বন ভিছন ২০৩০’ৰ যোগেদি উত্তৰ পূর্বাঞ্চলত পেড্র’লিয়াম উদ্যোগৰ পৰিকাঠামো শক্তিশালীকৈ গঢ় দিয়াৰ পৰিকল্পনা কৰা হৈছে৷এই পৰিকল্পনাৰ অংশ হিচাপে নুমলীগড, গুৱাহাটী আৰু বঙাইগাঁও শোধনাগাৰৰ শোধন ক্ষমতা বৃদ্ধি কৰা হ’ব৷ আটাইতকৈ মন কৰিবলগীয়া হ’ল নুমলীগড শোধনাগাৰৰ শোধন ক্ষমতা তিনি নিযুত মেড্রিক টনৰ পৰা ন নিযুত মেড্রিক টনলৈ (তিনি গুণ) বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হৈছে৷ নুমলীগড শোধনাগাৰৰ এই বর্ধিত ক্ষমতাৰ চাহিদা পূৰণ কৰিবলৈ উৰিষ্যাৰ পাৰাদ্বীপৰ পৰা শিলিগুডি হৈ নুমলীগডলৈকে প্রায় ২২০০ কিলোমিটাৰ দৈর্ঘ্যৰ পাইপলাইন বহুওৱাৰ প্রাৰম্ভিক কাম–কাজ আৰম্ভ হৈছে৷ সেইদৰে প্রাকৃতিক গেছৰ যোগান বৃদ্ধি কৰিবলৈ বাৰাউনিৰ পৰা শিলিগুডি আৰু গুৱাহাটী হৈ নুমলীগডলৈ প্রায় ১১০০ কিলোমিটাৰ দৈর্ঘ্যৰ গেছ পাইপলাইন বহুওৱাৰ কাম পূর্ণগতিত আগবাঢ়িছে৷ উত্তৰ–পূর্বাঞ্চলৰ আটাইকেইখন ৰাজ্যক ৰাষ্ট্রীয় গেছ গ্রিডৰ লগত সংযোজিত কৰাৰ উদ্দেশ্যে উত্তৰ–পূর্বাঞ্চলত কর্মৰত পাঁচটা ৰাজহুৱা খণ্ডৰ পেড্র’লিয়াম কোম্পানীৰ অংশীদাৰিত্বৰে ইন্দ্রধনুষ গেছ গ্রিড লিমিটেড নামৰ এটা যৌথ খণ্ডৰ কোম্পানী গঠন কৰা হৈছে আৰু এই কোম্পানীটোৰ কাম–কাজো দ্রুতগতিত আগবাঢ়িছে৷
শোধন ক্ষমতা বৃদ্ধি হোৱাৰ পিছত বঙাইগাঁও শোধনাগাৰলৈ অতিৰিক্ত প্রাকৃতিক গেছ যোগানৰ বাবে ত্রিপুৰাৰ আগৰতলাৰ পৰা শিলচৰ আৰু শ্বিলং হৈ বঙাইগাঁৱলৈ নতুন গেছ পাইপলাইন নির্মাণৰ পৰিকল্পনা কৰা হৈছে৷ সেইদৰে বাংলাদেশৰ পৰা প্রাকৃতিক গেছ আগৰতলালৈ আৰু ম্যানমাৰৰ পৰা প্রাকৃতিক গেছ শিলচৰলৈ পাইপলাইনযোগে সংযোগ কৰাৰ পৰিকল্পনা কৰা হৈছে৷ নুমলীগডৰ পৰা ডেৰগাঁও, ডিমাপুৰ হৈ কোহিমালৈ, কোহিমাৰ পৰা ইম্ফললৈ, গুৱাহাটীৰ পৰা গহপুৰ হৈ ইটানগৰলৈ, গুৱাহাটীৰ পৰা লামডিং হৈ আইজললৈ, গুৱাহাটীৰ পৰা শ্বিলং হৈ শিলচৰ হৈ আগৰতলালৈ বিভিন্ন দৈর্ঘ্যৰ পাইপলাইন নির্মাণৰ পৰিকল্পনা কৰা হৈছে৷ এই পাইপলাইন নেটৱর্ক সংস্থাপিত হোৱাৰ পিছত সম্পূর্ণ উত্তৰ–পূর্বাঞ্চল এহাতে ৰাষ্ট্রীয় গেছ গ্রিড আৰু আনহাতে চুবুৰীয়া দেশ বাংলাদেশ আৰু ম্যানমাৰৰ গেছ গ্রিডৰ লগত সংযোজিত হ’ব৷ পাইপলাইনৰ বিশাল নেটৱর্ক স্থাপন হোৱাৰ পিছত সমগ্র উত্তৰ–পূর্বাঞ্চলত প্রাকৃতিক গেছ সহজলভ্য হৈ পৰিব আৰু প্রাকৃতিক গেছৰ ওপৰত নির্ভৰশীল বহুতো ভটিয়নী উদ্যোগ গঢ়ি উঠাৰ পূর্ণ সম্ভাৱনা আছে৷ উত্তৰ–পূর্বাঞ্চলৰ কেইবাখনো মুখ্য চহৰত ঘৰে ঘৰে ৰন্ধন গেছৰ যোগান ধৰিবলৈও পৰিকল্পনা কৰা হৈছে আৰু এই উদ্দেশ্যে পূর্ব ভাৰতী গেছ গ্রিড লিমিটেড নামৰ আন এটা যৌথ খণ্ডৰ উদ্যোগৰ কাম–কাজ আৰম্ভ হৈছে৷
‘হাইড্র’কার্বন ভিছন ২০৩০’ সমগ্র উত্তৰ–পূর্বাঞ্চলৰ কাৰণে এক আশাৰ কিৰণ বুলিব পাৰি৷ কেন্দ্রীয় চৰকাৰৰ এই আঁচনি সফল হ’লে উত্তৰ–পূর্বাঞ্চল সমগ্র দেশৰ হাইড্র’কার্বন উদ্যোগৰ প্রাণকেন্দ্র হৈ পৰিব৷ ঘৰুৱা উৎপাদনৰ লগতে বহিঃৰাজ্য আৰু চুবুৰীয়া দেশৰ পৰা হাইড্র’কার্বনৰ যোগান আৰম্ভ হ’লে অসম তথা উত্তৰ–পূর্বাঞ্চলত খাৰুৱা তেল আৰু প্রাকৃতিক গেছ উভৈনদী হৈ পৰিব বুলি আশা কৰা হৈছে৷ হাইড্র’কার্বনৰ সহজলভ্যতাই বর্তমানে থকা উদ্যোগসমূহক সকাহ দিয়াৰ লগতে তেল আৰু গেছ নির্ভৰশীল নতুন উদ্যোগৰ বাট মুকলি কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ উত্তৰ–পূর্বাঞ্চল তেল আৰু গেছৰ প্রাণকেন্দ্র ৰূপে গঢ়ি উঠিলে আমাৰ নিবনুৱা সমস্যা বহু পৰিমাণে লাঘৱ হোৱাৰ লগতে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ উন্নয়নো খৰতকীয়া হ’ব বুলি আশা কৰিব পাৰি৷
পিছে অসমৰ তৈলক্ষেত্রৰ ক্ষতি কৰিব পৰা যিকোনো কার্যই হাইড্র’কার্বন ভিছন ২০৩০ বাধাগ্রস্ত কৰিব পাৰে৷ কোনো উগ্রপন্থী সংগঠনৰ অযুক্তিকৰ ডাবি–ধমকিয়েও তৈলখণ্ডৰ উদ্যোগৰ কাম–কাজৰ পৰিৱেশ বিঘ্ণিত কৰে৷ অসমত এতিয়া সক্রিয়ভাৱে থকা উদ্যোগসমূহ ক্ষতিগ্রস্ত হ’লে নতুন উদ্যোগ স্থাপনৰ বাবে আগ্রহী বিনিয়োগকাৰীৰ অভাৱ হ’ব৷ সেয়েহে অসমৰ নৱনির্বাচিত চৰকাৰখনে তৈল উদ্যোগৰ কাম–কাজ আৰু নতুন প্রকল্পসমূহ যাতে কোনো প্রকাৰে বাধাগ্রস্ত নহয় তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্রহণ কৰাটো সময়ৰ দাবী৷ সেইদৰে তৈল উদ্যোগৰ লগত জডিত কোম্পানীসমূহেও ৰাজ্যখনৰ আর্থ–সামাজিক উন্নয়নৰ কাৰণে উদাৰহস্তে অনুদান আগবঢ়াই সামাজিক দায়বদ্ধতাৰ পৰিচয় দিয়া উচিত৷ ‘তেজ দিম তেল নিদিওঁ’ শ্লোগান আওৰোৱা সময়ৰ পৰা বহুদূৰ আগবাঢ়ি এতিয়া হাইড্র’কার্বন ভিছন ২০৩০ আঁচনিৰ সাকাৰ ৰূপ দিয়াৰ দিশে আগবাঢ়িব পাৰিলেহে আমাৰ ৰাজ্যখনৰ মংগল হ’ব৷

You might also like