প্রেমৰ ক্ষুধা
‘এই পৃথিৱীত খাদ্যৰ প্রতি মানুুহৰ যিমান ক্ষুধা আছে, তাতোকৈ বহু বেছি গুণে ক্ষুধা আছে প্রেমৰ প্রতি৷’
– মাদাৰ টেৰেছা
মই চৰকাৰী চাকৰি কৰি থকা সময়ৰ কথা৷ যি সময়ৰ কথা ক’ব খুজিছোঁ, সেই সময়ত মই যোৰহাটত৷ এগৰাকী অসমীয়া ভিক্ষাৰিণী সপ্তাহত একাধিকবাৰ আমাৰ ঘৰলৈ আহে ভিক্ষা খুজিবলৈ৷ অসমীয়া সমাজত ভিক্ষাৰীৰ সংখ্যা খুব কম প্রায় নাই বুলিলেই হয়৷ যোৰহাটত থকা আঢ়ৈটা বছৰত ওপৰত কোৱা ভিক্ষাৰিণীগৰাকীৰ বাহিৰে দ্বিতীয় এগৰাকী ভিক্ষাৰীৰ সাক্ষাৎ পোৱাৰ অভিজ্ঞতা আমাৰ হোৱা নাছিল৷ যিগৰাকী ভিক্ষাৰিণীৰ কথা কৈছোঁ, তেওঁৰ বয়স ৫০ বছৰমান হ’ব বুলি অনুমান কৰিছিলোঁ৷ কিন্তু ভিক্ষা কৰি জীয়াই থকাৰ যন্ত্রণাই তেওঁক আচল বয়সতকৈ বেছি বয়সীয়া যেন দেখুৱাব পাৰে বুলিও ভাবিছিলোঁ৷ সি যি কি নহওক, এদিন দেওবাৰে ভিক্ষাৰিণীগৰাকী আমাৰ ঘৰলৈ অহাত তেওঁৰ লগত দু–আষাৰমান কথা পাতিবলৈ সময় আৰু সুযোগ পালোঁ৷ তেওঁক বহিবলৈ দি তেওঁৰ জীৱনৰ কাহিনী শুনিবলৈ আগ্রহ প্রকাশ কৰিলোঁ৷ মই কেৱল ভিক্ষা দিয়েই বিদায় নিদি বহিবলৈ কোৱাত আৰু কথা পাতিবলৈ আগ্রহ দেখুওৱাত তেওঁ প্রথমতে খুব আচৰিত হ’ল৷ তেওঁৰ মুখৰ ভাব–ভংগী দেখিয়েই মই অনুমান কৰিলোঁ যে এনে অভিজ্ঞতা তেওঁৰ জীৱনত এয়েই বোধহয় প্রথম৷ এনে এটা অপ্রত্যাশিত অভিজ্ঞতাই তেওঁৰ মুখলৈ এটা অদ্ভুত ভাবান্তৰ আনিলে৷ কথা পাতি জানিব পাৰিলোঁ যে দুমাইলমান দূৰৰ এখন গাঁৱত তেওঁৰ ঘৰ, আৰু আপোন বুলিবলৈ তেওঁৰ কোনো নাই৷ এটা জুপুৰি ঘৰত তেওঁ অকলে থাকে৷ ভিক্ষা কৰি জীৱন নির্বাহ কৰে যদিও তেওঁ কেতিয়াও অনাহাৰে থাকিবলগীয়া হোৱা নাই৷ কেতিয়াবা বেমাৰত পৰি বিছনাৰ আশ্রয় ল’বলৈ বাধ্য হ’লেও আৰু ভিক্ষা কৰিবলৈ ওলাই যাব নোৱাৰিলেও ওচৰ–চুবুৰীয়াই তেওঁৰ খবৰ কৰে আৰু খাবলৈ দিয়ে৷ ভিক্ষাৰিণীগৰাকীৰ লগত এনেদৰে সুখৰ–দুখৰ কথা পাতি এসময়ত তেওঁক বিদায় দিলোঁ৷ মোৰ পৰা বিদায় ল’বৰ সময়ত তেওঁৰ মুখত যিটো ভাব ফুটি উঠা যেন মই অনুভৱ কৰিলোঁ, তাৰ পৰা মোৰ এনে এটা অনুভৱ হ’ল যে মই বিশেষ ভবা–চিন্তা নকৰাকৈয়ে তেওঁক এটা ডাঙৰ উপহাৰ দিলোঁ৷ আৱেগে সলনি কৰি তোলা তেওঁৰ মুখখনলৈ চাই মই অনুভৱ কৰিলোঁ যে ময়ো যেন এটা ডাঙৰ উপহাৰ পালোঁ৷
ভিক্ষাৰিণীগৰাকীয়ে মোৰ পৰা বিদায় লোৱাৰ পিছত মই অনুভৱ কৰিলোঁ যে মোৰ মনলৈ এটা নতুন ভাব আহিছে৷ মই লগে লগে নিৰুপমাক মাতি আনি ক’লোঁ– ‘আমি যদি এই ভিক্ষাৰিণীগৰাকীক এদিন দুপৰীয়া ভাত খাবলৈ নিমন্ত্রণ কৰোঁ, তেন্তে ভিক্ষাৰিণীগৰাকীৰ লগতে আমাৰো এটা অভিনৱ অভিজ্ঞতা নহ’বনে?’ মোৰ প্রস্তাৱটো শুনি নিৰুপমাও মোৰ সমানেই উৎসাহিত হ’ল৷ ভিক্ষাৰিণীগৰাকীক আমি কেনেকৈ নিমন্ত্রণ কৰিম, ক’ত বহুৱাম, কি কি খুৱাম– এইবোৰ কথা সবিস্তাৰে আলোচনা কৰি আমি এক অভিনৱ আনন্দৰ উত্তেজনা অনুভৱ কৰিলোঁ৷ ইয়াৰ পিছৰবাৰ যেতিয়াই ভিক্ষাৰিণীগৰাকী আমাৰ ঘৰলৈ আহে, তেতিয়াই আমি তেওঁক যথাৰীতি নিমন্ত্রণ কৰিবলৈ ঠিক কৰিলোঁ৷ ইয়াৰ পিছৰবাৰ তেওঁ যেতিয়া ভিক্ষা খুজিবলৈ আমাৰ ঘৰলৈ আহিল, আৰু তেওঁৰ নির্দিষ্ট ঠাইখনত বহিল, তেতিয়া আমি দুয়ো একেলগে আমাৰ ঘৰত এসাঁজ খাবলৈ তেওঁলৈ নিমন্ত্রণ আগবঢ়ালোঁ৷ আমি আগতীয়াকৈ অনুমান কৰা মতেই তেওঁৰ মুখত ফুটি উঠিল অপাৰ বিস্ময়৷ নিজৰ কাণকেই বিশ্বাস কৰিব নোৱৰা মানুহৰ নিচিনাকৈ তেওঁ কিছু সময় আমাৰ মুখলৈ নীৰৱ দৃষ্টিৰে চাই ৰ’ল৷ অৱশেষত তেওঁ যেতিয়া বুজিলে যে তেওঁ সেই মাত্র শুনা কথাকেইটা সপোন নহয়, সি জীৱন্ত দিঠক, তেতিয়া তেওঁৰ মুখত যিটো ভাব ফুটি উঠিল সেইটো বর্ণনা কৰিবলৈ মোৰ ভাষা নাই৷
এদিন কোনোবা এটা দেওবাৰৰ দুপৰীয়া পৰত তেওঁ আমাৰ ঘৰত ভাত খাবলৈ আহিল৷ চকীত বহি টেবুলত ভাত খাবলৈ অনভ্যাসৰ কাৰণে তেওঁ অসুবিধা পাব বুলি অনুভৱ কৰি আমি চ’ৰাঘৰৰ পকা মজিয়াত তেওঁৰ বহাৰ সু–ব্যৱস্থা কৰিলোঁ৷ যিকোনো গণ–মান্য অতিথিৰ কাৰণে আমি ব্যঞ্জনৰ তালিকাত যিবোৰ আহার্য ৰাখিলোঁহেঁতেন, সেই গোটেইবোৰ ব্যঞ্জনেই প্রস্তুত কৰা হৈছিল আমাৰ ভিক্ষাৰিণী অতিথিগৰাকীৰ কাৰণে৷ আমি তেওঁৰ সন্মুখত বহি থাকিলে তেওঁ অস্বস্তি অনুভৱ কৰিব বুলি অনুমান কৰি আমি ওচৰৰ আন এটা কোঠালৈ আতৰি গ’লোঁ৷ কিন্তু দূৰৰ পৰাই আমি তেওঁৰ মুখৰ ভাব–ভংগী নিৰীক্ষণ কৰি থাকিলোঁ৷ যিবোৰ ভাবৰ খলকনিয়ে তেওঁৰ বুকুৰ মাজত তোলপাৰ লগাইছিল, সেই গোটেইবোৰ ভাব আৰু অনুভূতিয়েই তেওঁৰ মুখত এখন বিচিত্র নাটকৰ সৃষ্টি কৰিলে৷ আমি মুগ্ধ হৈ নীৰৱে তেওঁৰ মুখলৈ চাই ৰ’লোঁ৷ এটা সময়ত তেওঁৰ খোৱা শেষ হ’ল আৰু তেওঁ আমাৰ পৰা বিদায় ল’লে৷ বিদায়পৰত তেওঁ কিবাকিবি কথা কৈ কৃতজ্ঞতা প্রকাশ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁৰ সেই চেষ্টা ব্যর্থ হ’ল৷ যাবলৈ বুলি চোতালত ভৰি দি তেওঁ এবাৰ নীৰৱে আমালৈ ঘূৰি চালে৷ তেওঁৰ সেই মুখখন মোৰ মনত চিৰকাললৈ খোদিত হৈ ৰ’ল৷ এইটো আছিল ১৯৬৬ নে ’৬৭ চনৰ ঘটনা৷ কিন্তু এই কথাখিনি লিখিবৰ সময়ত ভিক্ষাৰিণীগৰাকীৰ মুখখন ইমান স্পষ্ট ৰূপত মোৰ মনৰ চকুৰ আগত ভাহি উঠিছে– যেন মাত্র এঘণ্টামানৰ আগতেহে তেওঁ আমাৰ পৰা বিদায় লৈছে৷