চাৰি সমষ্টিৰ উপ–নির্বাচনঃ উমৈহতীয়া প্রার্থী প্রক্ষেপৰ পোষকতা অজাপৰ
নিয়মীয়া বাৰ্তা, ১৯ জুলাই: ৰাজ্যৰ চাৰিটা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ–নির্বাচনত বিৰোধীৰ এজনকৈ উমৈহতীয়া প্রার্থী প্রক্ষেপৰ পোষকতা কৰিছে অসম জাতীয় পৰিষদে৷ দেওবাৰে এখন সংবাদ মেল সম্বোধন কৰি দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় যে ৰাজ্যৰ সমাগত উপ–নির্বাচনত বিজেপিক প্রতিৰোধ কৰাৰ স্বার্থত বিৰোধী দলসমূহৰ এজন উমৈহতীয়া প্রার্থী দিবলৈ অসম জাতীয় পৰিষদে আহ্বান জনাইছে৷ অর্থাৎ এটা সমষ্টিত বিৰোধীৰ এজনহে প্রার্থী প্রক্ষেপৰ পোষকতা কৰিছে৷ অৱশ্যে এই সন্দর্ভত এতিয়ালৈকে মিত্রজোঁটৰ প্রসংগ আহি পৰা নাই বুলি তেওঁ উল্লেখ কৰে৷
সংবাদ মেলত আন কেতবোৰ বিষয় উত্থাপন কৰি লুৰিণজ্যোতি গগৈয়ে কয় যে দুর্নীতি–নিয়ম নির্মূলৰ প্রতিশ্রুতি দি দুবাৰকৈ ক্ষমতালৈ অহা বিজেপি মিত্রজোঁট চৰকাৰে ক্ষমতা হাতত পোৱাৰ পাছত দুর্নীতি নিবাৰণৰ কার্যকৰী ব্যৱস্থা হাতত লোৱা নাই৷ যি দুই–এটা দুর্নীতিৰ তদন্ত বা দুই–এজনক গ্রেপ্তাৰ কৰিছে, সেয়া কেৱল ৰাইজক দেখুৱাবৰ বাবেহে৷ এয়া অত্যন্ত উদ্বেগজনক৷ চৰকাৰে যে দুর্নীতি নিয়ন্ত্রণৰ ফলপ্রসূ ব্যৱস্থা লোৱা নাই, বৰং আওপকীয়াকৈ দুর্নীতি–নিয়মক প্রশ্রয়হে দিছে, তাৰ প্রমাণ হ’ল নগৰ উন্নয়ন, পৰিবহণ, কৃষি, শ্রম তথা নিয়োগ বিভাগত সংঘটিত বিয়াগোম কেলেংকাৰিৰ বাতৰি৷
চৰকাৰে উক্ত কেলেংকাৰিৰ তদন্ত কৰাতো বাদেই, বিভাগ ৪টাৰ স্বয়ং মন্ত্রী তিনিওগৰাকী উক্ত কেলেংকাৰিত জডিত বুলি অভিযোগ উঠিছে৷ ইফালে অসমত গৰু ছিণ্ডিকেটত মাহিলি এহেজাৰ কোটি টকাৰ অবৈধ লেনদেন হয় বুলি যোৱা ৪ জুলাইৰ দিনা অসমৰ মুখ্যমন্ত্রীয়ে ৰাজহুৱাভাৱে প্রকাশ কৰা বক্তব্যটো গুৰুত্বপূর্ণ বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে মুখ্যমন্ত্রীয়ে আগবঢ়োৱা উক্ত তথ্যৰ ভিত্তিত হিচাপ কৰিলে বছৰি ১২ হাজাৰ কোটি টকা আৰু সেই মতে যোৱা ৫ বছৰত ৬০ হাজাৰ কোটি টকাৰ অবৈধ লেনদেন হৈছে বুলি ক’ব পাৰি৷ অসমৰ স্বয়ং মুখ্যমন্ত্রীয়ে বিজেপিৰে বিগত চৰকাৰৰ কেলেংকাৰি উন্মোচন কৰা বিষয়টো অতিশয় তাৎপর্যপূর্ণ৷
অসম জাতীয় পৰিষদে অনুভৱ কৰে যে এই ছিণ্ডিকেট নিশ্চয় বহুদিন আগৰে পৰাই চলি আহিছে৷ সেয়ে আমি ২০০৬ চনৰ পৰা বর্তমানলৈ বিগত ১৫ বছৰৰ অবৈধ গৰু ছিণ্ডিকেটৰ উক্ত বে–আইনী লেনদেনৰ ন্যায়িক তদন্ত দাবী কৰোঁ৷ মূল্যবৃদ্ধি সন্দর্ভত অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয়– ‘জনসাধাৰণৰ জীৱন ধাৰণৰ ব্যৱস্থা সুচল কৰি দিয়াটো চৰকাৰৰ প্রধান দায়িত্ব৷ কিন্তু অসমত খাদ্য–দ্রব্যৰ অনিয়ন্ত্রিত মূল্যবৃদ্ধিয়ে জনসাধাৰণক সংকটৰ গৰাহলৈ ঠেলি দিছে৷’ অসাধু ব্যৱসায়ীসকলে এতিয়া মূল্যবৃদ্ধিৰ এটা অভিনৱ কৌশল উলিয়াইছে৷ সেয়া হ’ল, তেওঁলোকে কেইপদমান বস্তুৰ দাম কমাই দিছে, বাকীখিনিৰ দাম বঢ়াই দিছে৷ বজাৰভেদে, এলেকাভেদে বস্তুৰ দামৰ তাৰতম্যই দেখা দিছে৷ যিবোৰ বস্তুৰ দাম পাইকাৰী বজাৰত কমিছে, সেইখিনিৰ আকৌ খুচুৰা মূল্য কমা নাই৷ পাইকাৰী আৰু খুচুৰা মূল্যৰ এই তাৰতম্য পৰীক্ষা আৰু নিয়ন্ত্রণৰ দায়িত্ব ৰাজ্য চৰকাৰৰ যোগান বিভাগৰ৷ কিন্তু ৰহস্যজনক কাৰণত যোগান বিভাগে সেই কাম নকৰাৰ ফলত বজাৰ অনিয়ন্ত্রিত হৈ পৰিছে৷ ইয়াৰ বাহিৰেও ক’ভিড প্রতিহত কৰাতো ৰাজ্য চৰকাৰখন ব্যর্থ হোৱাৰ অভিযোগ উত্থাপন কৰে লুৰিণজ্যোতি গগৈয়ে৷ একেদৰে মুখ্যমন্ত্রীগৰাকীয়ে ৰূপায়ণ কৰি থকা ড্রাগ্ছ দাহন কার্যসূচীৰ ফলত তথ্য–প্রমাণ বিনষ্ট হোৱাৰো তেওঁ আশংকা ব্যক্ত কৰে৷