নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমিৰ ব্যৱস্থাপনা

দৰং জিলাৰ ছিপাঝাৰৰ গৰুখুঁটিৰ ৭৭ হাজাৰ বিঘা বেদখলীকৃত ভূমি বেদখলমুক্ত কৰি অসম চৰকাৰে স্থানীয় ৰাইজক জড়িত কৰি এক দীর্ঘম্যাদী কৃষি আঁচনি গ্রহণ কৰিবলৈ লোৱা সিদ্ধান্তৰ প্রতি সকলোৱে আদৰণি জনাইছে৷ ইতিমধ্যে ৰাজ্য চৰকাৰে এই উদ্দেশ্যে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত গঠন কৰি দিয়া কমিটীখনে উক্ত স্থানৰ চৰজমিন নিৰীক্ষণ কৰি আংশিকভাৱে কাম–কাজো আৰম্ভ কৰিছে৷ সমবায়ভিত্তিক কৃষিকর্মৰ সৈতে পদ্ম হাজৰিকা অভিজ্ঞ ব্যক্তিৰূপে সমগ্র ৰাজ্যতে পৰিচিত৷ তেওঁ নিজৰ সমষ্টি চতিয়াত স্থানীয় যুৱকক জড়িত কৰি গঠন কৰা কন্যকা নামৰ কৃষিপামখন সফল কৃষিপামৰূপে স্বীকৃত হৈছে৷ গৰুখুঁটিৰ এই বৃহৎ ভূমিতো একেদৰেই পৰিৱেশ অনুকূল এক সফল কৃষিপামৰ জন্ম হ’ব বুলি আশা কৰা হৈছে৷ উল্লেখ্য যে অসমৰ ৭০ শতাংশ লোকেই কৃষিজীৱী হোৱাৰ পাছতো ৰাজ্যখনৰ কৃষকৰ অর্থনৈতিক অৱস্থা টনকিয়াল নহয় আৰু পৰম্পৰাগতভাৱে চলি অহা কৃষি ব্যৱস্থাটো সফল হোৱা অৱস্থাত উপনীত হোৱা নাই৷ এক কথাত একমাত্র কৃষিৰ ওপৰত নির্ভৰশীল এক সফল গ্রাম্য অর্থনীতি গঢ়ি উঠাটো সম্ভৱ হৈ উঠা নাই৷ ইয়াৰ বিভিন্ন কাৰণৰ ভিতৰত কৃষিৰ আধুনিকীকৰণো অন্যতম যদিও চৰকাৰে এইক্ষেত্রত বিভিন্ন আঁচনি গ্রহণ কৰিছে৷ কৃষকসকলৰ মাজত ট্রেক্টৰ তথা বিভিন্ন আধুনিক কৃষি সামগ্রী বিতৰণ কৰাৰ লগতে উন্নত বীজ, ৰাসায়নিক সাৰ আদিৰো যোগান ধৰি আহিছে৷ একেদৰে জলসিঞ্চন ব্যৱস্থাৰ বিভিন্ন আঁচনিও গ্রহণ কৰি অহা হৈছে৷ তাৰ পিছতো এক স্বাৱলম্বী কৃষি উৎপাদন ব্যৱস্থা সম্ভৱ হৈ নুঠাৰ এক অন্যতম কাৰণ হৈছে ৰাজ্যখনৰ কৃষকসকলৰ মাজত পৰিলক্ষিত নোহোৱা সঠিক ভূমি ব্যৱস্থাপনা৷ উন্নত কৃষি ব্যৱস্থাৰ বাবে ভূমি ব্যৱস্থাপনাটো গুৰুত্বপূর্ণ দিশৰূপে বিবেচিত হৈ আহিছে৷ অসমৰ কৃষকসকলৰ ভূমি ব্যৱস্থাপনা পূর্বৰে পৰা চলি অহাৰ দৰেই এতিয়াও চলি আছে৷ আমাৰ গাঁওসমূহত এজন কৃষকৰ এবিঘা মাটি যদি এঠাইত থাকে, আন দুবিঘা মাটি দুই কিলোমিটাৰ দূৰৰ পথাৰ এখনত থাকে৷ ফলস্বৰূপে তিনি বিঘা মাটি একত্রিত ৰূপত যি কৃষি উৎপাদন হ’ব লাগিছিল, সেয়া হৈ নুঠেগৈ কৃষিভূমিসমূহ দূৰে দূৰে থকা বাবে৷ এজন কৃষকৰ যদি ৫ বিঘা মাটি ৫ স্থানত নাথাকি একত্রিতভাৱে থাকে, সেই একত্রিত ভূমিত কৃষি উৎপাদন বৃদ্ধি পোৱাৰ লগতে উৎপাদন ব্যয়ো হ্রাস পায়৷ এনে একত্রিত ভূমিত কৃষি ব্যৱস্থাৰ আধুনিকীকৰণ আৰু জলসিঞ্চন ব্যৱস্থাৰ বাবেও সুবিধাজনক হৈ পৰে৷
এনে একত্রিত কৃষিভূমিত এবছৰত কেইবাটাও খেতি কৰাৰো সুবিধা থাকে৷ পঞ্জাব আৰু হাৰিয়ানাত কৃষি অর্থনীতি সবল কৰাৰ অর্থে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্রহণ কৰাৰ সময়ত প্রথমে একত্রিত ভূমি ব্যৱস্থাপনাৰ আৰম্ভণি ঘটাইছিল৷ এখন গাঁৱৰ এজন কৃষকৰ বিভিন্ন স্থানত থকা কৃষিভূমি চুবুৰীয়া কৃষকৰ কৃষিভূমিৰ সৈতে সালসলনি কৰি একত্রিত কৰাৰ এক প্রয়াস কৃষি উন্নত ৰাজ্যসমূহত চৰকাৰী–বেচৰকাৰী দুয়োটা পর্যায়তে সম্ভৱ হৈ উঠাৰ পাছতহে এনে ৰাজ্যসমূহত প্রকৃত সেউজ বিপ্লৱৰ আৰম্ভণি হৈছিল৷ এতিয়া অসমৰ কৃষি অর্থনীতিত গুৰুত্ব দিয়াৰ সময়ত আমি ভূমি ব্যৱস্থাপনাৰ ওপৰতো গুৰুত্ব প্রদান কৰাৰ প্রয়োজনীয়তা আহি পৰিছে৷ অসমৰ খিলঞ্জীয়া গাঁওসমূহতকৈ চৰ–চাপৰিত ভূমি ব্যৱস্থাপনা কিন্তু যথেষ্ট উন্নত পৰিলক্ষিত হয়৷ চৰ–চাপৰিৰ মাটিৰ পট্টা নথকা বাবে বা এইসমূহ মাটি বিভিন্ন সময়ত কৃষকসকলে দখল কৰি লোৱা মাটি হোৱা বাবেই চৰ–চাপৰিৰ এজন কৃষকৰ হাতত একত্রিত ৰূপত ১০–২০ বিঘাকৈ মাটি থাকে৷ ফলস্বৰূপে এনে একত্রিত ভূমিত উৎপাদন বৃদ্ধি হোৱাৰ লগতে এটা বছৰতে কৃষকজনে দুই বা ততোধিক খেতি কৰাৰ সুবিধা লাভ কৰে৷ একত্রিত কৃষিভূমিৰ এই বিষয়টো এতিয়া ৰাজ্যৰ গ্রামাঞ্চলৰ কৃষকসকলে উপলব্ধি কৰা প্রয়োজন হৈ পৰিছে৷ একোখন গাঁৱৰ কৃষকে যদি নিজাববীয়াকৈও মাটিৰ সালসলনি কৰি কৃষিকার্য সম্পাদন কৰাৰ আৰম্ভণি কৰে, সেয়া অসমৰ কৃষি ব্যৱস্থাৰ বাবে এক শুভ আৰম্ভণিৰূপে চিহ্ণিত হ’ব৷ এনে ব্যৱস্থাই অসমৰ কৃষি অর্থনীতিৰ উন্নয়নৰ অন্যতম হেঙাৰ আঁতৰাই এক নতুন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’ব৷

You might also like