গো–সুৰক্ষা আইন
অসম বিধানসভাত শুকুৰবাৰে ৰাজ্যত প্রযোজ্য হোৱাকৈ গো–সুৰক্ষা বিধেয়কখন গৃহীত হয়৷ বিধানসভাৰ মজিয়াত এই বিধেয়কখন গৃহীত হোৱাটো অসমৰ ৰাজনীতিৰ এক বলিষ্ঠ পদক্ষেপ হিচাপে চিহ্ণিত হৈছে৷ এইক্ষেত্রত ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনৰ অনমনীয় স্থিতি গো–সুৰক্ষা আইনৰ জৰিয়তে প্রতিফলিত হৈছে৷ উল্লেখ্য যে গো–সুৰক্ষাৰ বিষয়টো ৰাজ্যৰ ৰাজনীতিত দীর্ঘদিন ধৰি চর্চিত বিষয়ৰূপে পৰিগণিত হৈ আহিছিল৷ বিগত সময়ত শাসকীয় কংগ্রেছ দলে একমাত্র ভোটবেংকৰ স্বার্থতেই সংখ্যালঘু তথা মুছলমান লোকসকলক তোষণ কৰাৰ বাবে গো–সুৰক্ষাৰ বিষয়টো একাষৰীয়া কৰি ৰাখিছিল৷ ১৯৫০ চনতে ৰাজ্যৰ প্রথমজন মুখ্যমন্ত্রী ভাৰতৰত্ন গোপীনাথ বৰদলৈয়ে অসমত গো–সুৰক্ষাৰ বিষয়টো প্রাধান্য দি আইন প্রণয়ন কৰিছিল৷ কিন্তু একমাত্র সংখ্যালঘুপ্রীতিৰ বাবেই গো–সুৰক্ষাৰ ক্ষেত্রত কোনোদিনে গুৰুত্ব প্রদান কৰা নাছিল কংগ্রেছ নেতৃত্বাধীন ৰাজ্যৰ চৰকাৰসমূহে৷ ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰখনৰ প্রথমখন বাজেট অধিৱেশনতে বিধানসভাৰ মজিয়াত গো–সুৰক্ষা বিধেয়ক উত্থাপন কৰি চৰকাৰখনে গো–সুৰক্ষাৰ ক্ষেত্রত থকা নিজৰ অটল স্থিতি প্রকাশ কৰিছিল৷ এই বিধেয়কখন গৃহীত কৰাৰ পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই গো–সুৰক্ষাৰ বিষয়ে আৰু এই আইনখনৰ সপক্ষে যি ভাষণ আগবঢ়ালে, সেই ভাষণত গো–সুৰক্ষাৰ বিষয়টো ধর্মীয় দৃষ্টিকোণৰ পৰা অৱলোকন নকৰি সম্প্রীতিৰ দৃষ্টিৰে গ্রহণ কৰিবলৈ আহ্বান জনাইছে৷ গো–সুৰক্ষাৰ বিষয়টো ভাৰতীয় সভ্যতা–সংস্কৃতিৰ পৰম্পৰা হিচাপে উল্লেখ কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ তেওঁ কয় যে গো–মাতাক পূজা কৰা দেশত গো–হত্যা কৰিবলৈ অনুমতি দিবলৈ দেশৰ সভ্যতা–সংস্কৃতিয়ে কেতিয়াও অনুমোদন নিদিয়ে৷ তেওঁ আইনখনত অনুমতিসাপেক্ষে মুছলমান ধর্মৰ বাহিৰে আন ধর্মৰ উপাসনাস্থলীৰ পৰা পাঁচ কিলোমিটাৰ দূৰত্বৰ ভিতৰত গো–হত্যা নিষিদ্ধ কৰাৰ বিষয়ে আইনখনত থকা বাধ্যবাধকতাই ধর্মীয় আৱেগ–নুভূতিৰ প্রতি সন্মান জনোৱাটোহে প্রতিফলিত কৰিব বুলি উল্লেখ কৰে৷ তেওঁ লগতে এই আইনখনৰ সমর্থন জনাবলৈ মুছলমান বিধায়কসকলক আহ্বান জনায়৷
অসমত গো–হত্যা আৰু গো–ধনৰ চোৰাং ব্যৱসায়ৰ বিষয়টোৱে দীর্ঘদিন ধৰি বিতর্কৰ সৃষ্টি কৰি আহিছে৷ বিশেষকৈ অসমৰ সীমান্তৰ সৈতে যুক্ত হৈ থকা বাংলাদেশ সীমান্তৰে চুবুৰীয়া ৰাষ্ট্রখনলৈ নিয়মিত গো–ধনৰ চোৰাং ব্যৱসায় চলি থকাটো সংবাদ মাধ্যমত দীর্ঘদিন ধৰি প্রকাশ পাই আহিছে৷ আনকি উত্তৰপ্রদেশ, বিহাৰ, পশ্চিমবংগ আদি ৰাজ্যৰ একাংশ চোৰাং গো–ধন ব্যৱসায়ীৰ বাবে অসম বাংলাদেশলৈ গৰুৰ চোৰাং ৰপ্তানিৰ সুৰক্ষিত কৰিড’ৰ ৰূপে বিবেচিত হৈ আহিছে৷ অসমত গো–ধনক কৃষিজীৱী সমাজখনৰ মূল চালিকা শক্তি আৰু কৃষিভিত্তিক অর্থনীতিৰ অন্যতম উপাদান ৰূপে বিবেচনা কৰা হয়৷ তেনে অৱস্থাত গো–ধনৰ চোৰাং ব্যৱসায়ে কৃষিজীৱী অসমীয়া লোকসকলৰ মনত দীর্ঘদিন ধৰি দুখ দি আহিছে৷ নিজৰ খেতি–বাতিৰ বাবে ব্যৱহূত গো–ধনৰ হত্যা আৰু চোৰাং ব্যৱসায় অসমৰ খিলঞ্জীয়া লোকসকলে কোনো কাৰণতে সমর্থন নকৰে৷ আনহাতে হিন্দুসকলৰ বাবে গো–ধন সদায় পৱিত্র ৰূপে বিবেচিত হৈ আহিছে৷ এনে এক ঐতিহ্য আৰু সংস্কৃতিৰ আধাৰতে ৰাজ্যখনত গো–হত্যা আৰু গৰুৰ চোৰাং সৰবৰাহৰ ক্ষেত্রত বাধ্যবাধকতা আহি পৰাটো অতি ইতিবাচক বিষয়ৰূপে পৰিগণিত হৈছে৷ আপাতঃ দৃষ্টিত এই আইনখন ধর্মীয় দৃষ্টিভংগীৰে গৃহীত কৰা আইন যেন লাগিলেও ইয়াৰ আঁৰত লুকাই থকা সাংস্কৃতিক তথা ঐতিহ্য জড়িত বিষয়সমূহে আইনখনক সার্বজনীন মান্যতা প্রদান কৰিছে৷ এই আইনৰ জৰিয়তে হিন্দুসকলৰ ধর্মীয় বিশ্বাস সুৰক্ষিত হোৱাতকৈয়ো ভাৰতীয় সভ্যতা–সংস্কৃতি সুৰক্ষিত হোৱাটোহে সবাতোকৈ গুৰুত্বপূর্ণ বিবেচিত হৈছে৷ কাৰণ সনাতন ভাৰতীয় সংস্কৃতিয়ে সকলো ধর্মৰ প্রতি সমদৃষ্টিৰ পোষকতা কৰি আহিছে৷ বহল দৃষ্টিকোণৰ পৰা গো–সুৰক্ষা আইনখন বিশ্লেষণ কৰিলে সমধর্মৰ প্রতি সমদৃষ্টিৰ এই দর্শনেই প্রতিফলিত হয়৷ সেইবাবেই এই আইনখন কি দৃষ্টিভংগীৰে বিশ্লেষণ কৰা হয়, তাৰ ওপৰতে ইয়াৰ গুৰুত্ব নির্ভৰ কৰিছে৷