প্রাকৃত জীৱনৰ বিপুল বৈভৱেৰে আজি উপচি পৰিছে মানুহৰ অঞ্জলি তথাপি কিন্তু মানুহ এতিয়াও অতৃপ্ত আৰু অশান্ত শ্রীৰবিন্দৰ ভাষাতsatiated but not satisfied! বাহ্য জীৱনৰ বিপুল সদাসক্রিয়তাৰে অর্জিত এই উপকৰণ বিভূতি আৰু বাহুল্যৰ পৰিণতিস্বৰূপে মানুহৰ সামূহিক জীৱন এতিয়া যে উত্তৰায়ণ তথা মহত্ত্বৰ সফলতা আৰু সার্থকতাৰ অভিমুখে অগ্রসৰ হ’ব, তেনে সাধনাৰ আনকি বিন্দুমাত্র আভাস অথবা ইংগিত আমি জানো মানুহৰ সমষ্টি জীৱনচর্যাত প্রত্যক্ষ কৰিব পাৰিছেছা?
অথচ দেহ আৰু প্রাণৰ নিত্য বুভুক্ষাৰ সমস্ত দাবী পূৰণ কৰিও পুঞ্জিত উপকৰণৰ এই বিপুল সঞ্চয়ে সত্য–শিৱ–সুন্দৰৰ সার্থক সাধনাৰে জীৱনক উৎসাহিত আৰু অনুপ্রাণিত কৰিব পাৰিলেহেঁতেন মানুহক মহৎ আৰু সমৃদ্ধ কৰি তুলিব পাৰিলেহেঁতেন কিন্তু ইয়াৰ বিপৰীতে উপকৰণৰ এই প্রাচুর্যই সর্বত্র সম্প্রতি সৃষ্টি কৰিছে নিত্যনৱ অভিনৱ অভাৱৰ বাহুল্য মাত্র জাতি অথবা গোষ্ঠীৰ অহঙক এফালে কৰি তুলিছে স্ফীতকায় আৰু আনফালে পৰস্বলোলুপ
আচলতে মানুহৰ মনত আজি দেখা দিছে এক প্রবল বৈষম্যই৷ এফালে মানুহে লাভ কৰিছে চমকপ্রদ তথা বিস্ময়াৱহ সফলতা আৰু উৎকর্ষ, আনফালে আকৌ এই মানুহেই উৱাদিহ নাপাই আন্ধাৰতে খেপিয়াই ফুৰিছে৷ নিত্য–চঞ্চল প্রাণ–মনৰ অধীৰ তথা অস্থিৰ কিন্তু নিৰন্তৰ সক্রিয়তাই গঢ়ি তুলিছে বাহ্য জীৱনৰ এক জটিল তথা নিয়ন্ত্রণাতীত বিৰাট সভ্যতা অথচ মানুহৰ প্রাণ আৰু মনৰ সামর্থ্য এতিয়াও একেবাৰে সীমিত তথা সংকুচিত সংকীর্ণ আৰু কুণ্ঠিত মানুহৰ নীতিবোধ তথা অধ্যাত্ম–বীর্য তথাপি কিন্তু মানুহে গঢ়ি তুলিছে এক অতিকায় সভ্যতা৷ বুদ্ধি আৰু ইন্দ্রিয়ৰ বিলাস–বাসনা অথবা ৰস–চেতনা আৰু সৌন্দর্যবোধৰ পৰিতৃপ্তি হেতু মানুহে গঢ়ি তুলিছে বিপুল তথা জটিল ৰাজনৈতিক, সামাজিক, অর্থনৈতিক আৰু সাংস্কৃতিক ব্যৱস্থাৰাজি৷
এইপর্যন্ত এনেদৰে সীমাহীন বৈষম্য সত্ত্বেও অগ্রসৰ হোৱাৰ পাছত ঠেৰু–ছিগা বুদ্ধি আৰু জীৱনৰ নৈৰাজ্যত পতিত হৈ এই অতিকায় সভ্যতাৰ চাপ তথা আঘাতৰ বেগ চম্ভালিব নোৱাৰি সম্প্রতি আধুনিক মানুহে একপ্রকাৰে দিক্বিদিক হেৰুৱাই পেলাইছে আনকি উজুতি খাই পৰিছে৷ এই প্রক্রিয়াৰে অৱধাৰিত পৰিণতিস্বৰূপে মানুহৰ উত্তৰায়ণৰ অভিযাত্রা অৱশেষত অৱৰুদ্ধ হৈ পৰিছে আৰু মানুহ আহি উপনীত হৈছে বিৱর্তনৰ কালসন্ধিত৷ বাহ্য জীৱনৰ নিত্যনৱ অন্তহীন বুভুক্ষাৰ চাপ আৰু অভিঘাতত মানুহৰ অন্তর্জীৱন প্রৱাহ অতিসম্প্রতি লেৰেলি শুষ্কং কাষ্ঠং হৈ পৰিছে৷ এই মহাসংকটকে শ্রীৰবিন্দইThe Life Divine-ত Evolutionary Crisis ৰূপে অভিহিত কৰিছে৷ কিন্তু এই মহাসংকটৰ মাজতেই যে অৱগুণ্ঠিত আৰু অন্তর্নিহিত হৈ আছে মানুহৰ নিয়তি, অথবা মানুহে যে এতিয়া নিজৰ পথ বাছি ল’ব লাগিব, সেই কথাও মহাযোগীয়ে আমাক একে সময়তে কৈ গৈছে৷
মানুহ সেয়ে আজি পথহাৰা আৰু উত্ভ্রান্ত৷ শিৱহীন দক্ষ যজ্ঞৰ বিপ্লৱৰ উৎপ্লাৱনত জর্জৰিত আজি জগতৰ জনগণ কম্পিত আৰু কুণ্ঠিত বিশ্বৰ মন–প্রাণ৷ আনফালে আধুনিক মানস বিজ্ঞানমনস্ক আভাৰে দীপ্ত–প্রদীপ্ত বস্তুনিষ্ঠ যুগৰ যুক্তিনিষ্ঠ প্রভাৰে এই মন পৰিপূর্ণৰূপে উদ্ভাসিত৷ মানৱ জাতিৰ এই কালসন্ধিৰ সময়ত আধুনিক মানসপ্রদত্ত সমাধানৰাজিৰ মাজত কিমান সম্ভাৱনা আৰু সীমাবদ্ধতা বিদ্যমান, সেই বিষয়ে এই লেখাৰ জৰিয়তে জানিবলৈ আমি এক বিনম্র প্রয়াস কৰিছেছা৷
অপ্রবুদ্ধ চিত্তৰ অপূর্ণ আৰু কৃত্রিম সংস্কাৰ প্রাচীন কালত মানুহৰ সামূহিক জীৱনৰ বুনিয়াদ আছিল৷ দলবদ্ধ অথবা সংঘবদ্ধ বা গোষ্ঠীবদ্ধ হোৱাৰ তাগিদাত বিৰোধ তথা সংঘর্ষক জোৰা–টাপলিৰে ঢ়োকা দি মানুহে তেতিয়া সমাজ গঢ়ি তুলিছিল৷ অহং আৰু স্বার্থৰ একত্র সমাৱেশ অথবা আপোচ সেই সমাজ–সংগঠনৰ ভিত্তি আছিল৷ এই কথা কোৱাই বাহুল্য যে এনে ধৰণৰ জোৰা–টাপলি মাৰি গঢ়ি তোলা সমাজ জীৱনত একত্ব, অন্যোন্যভাব অথবা সৌষম্য–সামঞ্জস্য একোতেই প্রস্ফুটিত হ’ব নোৱাৰে কাৰণ, একমাত্র জীৱনৰ গভীৰতৰ সত্যৰ দীপ্তি আৰু ব্যাপকতৰ তথা বিস্তাৰিত চেতনাৰ আলোকচ্ছটাইহে অকৃত্রিম একত্ব, অন্যোন্যভাবনা অথবা সৌষম্যৰ প্রভাৰে সমাজক প্রদীপ্ত আৰু সমৃদ্ধ কৰি তুলিব পাৰে৷
এই আদর্শৰে সমাজক নকৈ সজাই–পৰাই লোৱাৰ এক আকূতিয়ে যে সমগ্র বিশ্বৰ প্রবুদ্ধ চিত্তক সম্প্রতি আন্দোলিত কৰে, সেই কথা সঁচা কিন্তু এই কথাও অনস্বীকার্য যে এই আধুনিক মানসে আজিও আন্ধাৰতে খেপিয়াই ফুৰিছে মাথোঁ৷ সৌষম্য আৰু সামঞ্জস্যৰ এই জীৱনাদর্শৰ সফল ৰূপায়ণৰ ওপৰতেই যে সমাজৰ অস্তিত্ব নির্ভৰশীল, সেই বিষয়েও আধুনিক চিত্ত লাহে লাহে সচেতন হৈ উঠিছে৷ কিন্তু প্রাণ–বাসনাৰ আয়তনৰ মাজত ক্রিয়াশীল মানস শক্তিৰ ক্রমিক উন্মেষে আজি মানুহৰ প্রবৃত্তিক ইমান দূৰলৈকে সংহত আৰু ভৌতিক শক্তিৰ উপযোগিতা তথা প্রয়োগে জীৱনক ইমান দূৰলৈকে প্রসাৰিত কৰি পেলাইছে যে অন্তৰত এক আমূল পৰিৱর্তন অবিহনে আপোন ক্ষমতাৰে মানুহে এই অভিনৱ ঋদ্ধিক এতিয়া আৰু চম্ভালিব পৰাটো প্রায় অসম্ভৱ হৈ পৰিছে৷
কৃত্রিম উপায় অৱলম্বন কৰি মানুহ দলবদ্ধ হৈছে সঁচা তথাপি কিন্তু এনেদৰে গোষ্ঠীবদ্ধ হ’লেও মানুহৰ অহং অথবা অহং কেন্দ্রাভিমুখী মানৱ–ব্যক্তিত্বই একোতেই যেন লোপ পাব নোখোজে৷ আনফালে একত্ব, অন্যোন্যভাবনা অথবা সৌষম্য–সামঞ্জস্যৰ নামত মানুহৰ মাজত ক্রমশঃ প্রবলতৰ হৈ উঠিছে যূথ ধর্মৰ দাবী৷ পৰস্পৰবিৰোধী এই দুই সংস্কাৰৰ মাজত সমন্বয় সুনিশ্চিত কৰিব নোৱাৰিলে ব্যষ্টি তথা সমাজ জীৱন উভয়েই বিকল হৈ পৰিব৷ সেই বাবেই ব্যষ্টি আৰু সমষ্টি জীৱনৰ মাজত সু–সমন্বয় স্থাপন সম্প্রতি অপৰিহার্য হৈ পৰিছে৷
অতিসম্প্রতি আধুনিক মনত এই সমন্বয় স্থাপনৰ দায় যেন এক বিৰাট বোজা ৰূপে অনুভূত হৈছে৷ কিয়নো আজিও মানুহৰ ব্যক্তি–সত্তা প্রসাৰিত হোৱা নাই আজিও মানুহৰ সংকীর্ণ মনৰ খোঁটালিত আদিম তুচ্ছ প্রাণ–প্রবৃত্তি অথবা জৈৱ–সংস্কাৰৰ ক্ষুদ্রতা প্রবলতম ৰূপে বিৰাজমান৷ অভীপ্সা অথবা আকাংক্ষা আছে সঁচা তথাপি কিন্তু মানুহৰ আন্তৰ ৰূপান্তৰ সেই বাবেই এতিয়ালৈকে সম্ভৱপৰ হৈ উঠা নাই৷ আৰু এই বাবেই আজিও মানুহে প্রজ্ঞাহীন তথা চিন্তাহীন মূঢ়তাৰে পূর্বৰ দৰে মাথোঁ প্রাণ–বাসনাৰ চৰিতার্থতেই এই অভিনৱ ঋদ্ধিক ব্যৱহাৰ তথা প্রয়োগ কৰিছে৷
আসুৰিক বীর্যৰ প্রণোদনাৰে উন্মত্ত মানুহৰ উদ্দাম প্রাণপুৰুষে সম্প্রতি বিজ্ঞান–তন্ত্র তথা যন্ত্র–আৰূঢ় জীৱনায়নৰ যি বৈপুল্যক কুক্ষিগত কৰিছে, তাক চম্ভালিব পৰাকৈ মানুহৰ মাজত যুক্তি–বুদ্ধি অথবা সংকল্পৰ তীব্রতা আমি কিন্তু এতিয়ালৈকে দেখিবলৈ পোৱা নাই৷ এই প্রক্রিয়াৰে অৱধাৰিত পৰিণতিস্বৰূপে সমগ্র মানৱ জাতি আজি যেন নিয়তিৰ অন্ধ তাডনাত অনিচ্ছা সত্ত্বেও এক যুগব্যাপী বিপদ আৰু দুর্যোগৰ মাজত পতিত হৈছে আৰু তাৰেই ফলস্বৰূপে সর্বনাশী সংকটাৱর্ত আৰু উত্তাল অনিশ্চয়তাৰ এক অন্ধ তমসাৰ অভিমুখে মানুহ সম্প্রতি দ্রুত তথা প্রমত্ত গতিৰে ধাৱিত হৈছে৷
সর্বনাশৰ অভিমুখে এই কৰাল সম্ভাৱনা এক সাময়িক অথবা আপাত–প্রতীয়মাণ অৱস্থা ৰূপে প্রতিভাত অথবা এই প্রক্রিয়াক ঢ়োকা দি অথবা ইয়াৰ চণ্ড তথা দুৰন্ত বেগক স্তিমিত কৰি ৰখাৰ এক সাময়িক উপায় আৱিষৃকত হ’লেও অৱশেষত এনেদৰে যে শংকাকুল নিয়তিৰ হাতৰ পৰা মানুহক উদ্ধাৰ কৰাটো সম্ভৱপৰ হৈ উঠিব, সেই কথাত কিন্তু সন্দেহৰ অৱকাশ অনস্বীকার্য৷
প্রকৃতপক্ষে আধুনিক জগতৰ এই সমস্যা প্রকৃতি–পৰিণাম অথবা যাক আমি বিৱর্তন ৰূপে অভিহিত কৰোঁ, সেই বিৱর্তনৰ এক বুনিয়াদী প্রশ্ণ এক মৌলিক সমস্যা৷ এই সমস্যাৰ যথার্থ সমাধানৰ ওপৰতে সমগ্র মানৱ জাতিৰ ভৱিষ্যৎ সিদ্ধি তথা সফলতা, আনকি ইয়াৰ উদ্বর্তনৰ সম্ভাৱনাও নির্ভৰশীল আৰু বিজডিত হৈ আছে৷ মহাপ্রকৃতিৰ অৱন্ধ্য অথবা সার্থক বিৱর্তনৰ অন্তঃপ্রবৃত্তি অথবা ক’ব পাৰি ইয়াৰ তপস্যাই মাটিৰ পৃথিৱীত এই পার্থিৱ জীৱনতেই বিচাৰিছে বিশ্বশক্তিৰ এক অভূতপূর্ব বিকাশ৷ এক বৃহত্তৰ প্রাণময় তথা মনোময় সত্তা, দিব্যমননময় এক বিপুল বীর্য, জৈৱ–সংস্কাৰমুক্ত এক চিন্ময় প্রাণপুৰুষৰ উদাৰ মহিমা এই বিকাশৰ বুনিয়াদ তথা ভিত্তি হ’ব৷ এই সাধনাৰ সিদ্ধিৰ বাবেই মহাপ্রকৃতিয়ে এই মর্ত্য চেতনাতেই বিচাৰিছে চিন্ময় আধাৰ–পুৰুষ আৰু অন্তর্যামী অধ্যাত্মপুৰুষৰ এক নিৰাৱৰণ প্রকাশ অথবা উদ্ভাস৷
এই সংকটকালত আধুনিক মানসে বৈজ্ঞানিক যুক্তি নিয়ন্ত্রিত তথা পৰিচালিত বস্তুবাদ আৰু প্রাণবাদ অথবা কামনা–বাসনাৰ পৰিতৃপ্তিৰ (শ্রীৰবিন্দৰ ভাষাতA rational and scientific formula of the vitalistic and materialistic human being and his life) আলোকচ্ছটা জীৱন–সমস্যাৰ সমাধান ৰূপে আমাৰ সন্মুখত উপস্থাপন কৰিছে৷ এক নিখুঁত বৃত্তি–সংস্থানযুক্ত সমাজতন্ত্র অথবা পূর্ণতাপ্রাপ্ত এখন অর্থনৈতিক সমাজৰ অন্বেষণ আৰু জনতাৰ উপযোগী গণতন্ত্রই (মহাঋষিৰ নিজৰ ভাষাত ক’বলৈ গ’লেa perfected economic society and the democratic cultus of the average man) মানৱ জাতিক এই আসন্ন সর্বনাশৰ পৰা উদ্ধাৰ কৰিব, এয়াই আধুনিক মনৰ ভাৰসা তথা বিশ্বাস৷
এই সমাধান–সূত্রৰ মাজত যি সত্যই নাথাকক কিয়, মানুহৰ ঈপ্সিত প্রগতিৰ বাবে ইয়াকেই কিন্তু যথেষ্ট অথবা পর্যাপ্ত বুলি জ্ঞান কৰিব নোৱাৰি কাৰণ মানুহে বর্তমানৰ দৰে চিৰদিনলৈকে জড তথা প্রাণকেই মাথোঁ খামোচ মাৰি ধৰি নাথাকে৷ দিব্য নিয়তিয়ে নিত্য মানুহক লোকোত্তৰ চিন্ময় সার্থকতাৰ অভিমুখে আকর্ষণ কৰিছে৷ এই বাবেই জগতৰ সর্বত্র এক বিপ্লৱ তথা আন্দোলনে দেখা দিছে৷ জাতিৰ প্রাণ–চেতনা আনকি সর্বসাধাৰণৰ মনতো সম্প্রতি সেয়ে দেখা দিছে এক অতৃপ্তিয়ে৷ জনতাৰ মনেও আজি অতীত আদর্শৰ পৰিৱর্তন বিচাৰি নৱ মূল্য আৰু আদর্শৰ অন্বেষণ কৰিছে৷ এই নতুন আদর্শৰ ভিত্তিত তেওঁলোকে জীৱনক গঢ়ি তুলিব বিচাৰিছে নতুনকৈ৷ সমাজ জীৱনত তেওঁলোক আজি একত্বৰ অভিসাৰী, সৌষম্য আৰু অন্যোন্যভাবনাৰ অন্বেষী৷ কিন্তু কি হ’ব এই সাধনাৰ উপায় অথবা ক’ত বিদ্যমান এই সিদ্ধিৰ সেই উপায়?
এই বিষয়ে আৰু অলপ বিশদভাৱে আমি আলোচনা কৰিম এই লেখাৰ পৰৱর্তী তথা দ্বিতীয়টো অংশত৷
(বিঃদ্রঃ লেখক শ্রীৰবিন্দ চৈতন্যৰ দীপ্তিৰে আলোকিত৷ এই ৰচনাত অভিব্যক্ত চিন্তন–মনন লেখকৰ মৌলিক কৃতি নহয় এই ৰচনা শ্রীৰবিন্দ চৈতন্যৰে পূর্ণৰূপে আলোকিত৷)