ধনকুবেৰ এচিএছ বিষয়া
ৰাজ্যৰ প্রশাসন ব্যৱস্থাক দুর্নীতি–নিয়মৰ কৰাল গ্রাসৰ পৰা উদ্ধাৰ কৰাটো সহজসাধ্য নহয়৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে কার্যভাৰ গ্রহণ কৰাৰ পাছতেই দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্রহণ কৰিছে যদিও ৰাজ্যৰ প্রশাসন ব্যৱস্থাত চলি থকা দুর্নীতিৰ দৈত্যটোপ্রতিহত কৰিবলৈ সম্পূর্ণৰূপে সক্ষম হোৱা নাই৷ প্রশাসনীয় বিষয়া–কর্মচাৰীৰ মাজত চলি থকা দুর্নীতি–নিয়ম প্রতিৰোধ অবিহনে সর্বসাধাৰণ ৰাইজে কোনো কাৰণতে স্বচ্ছ আৰু নিকা চৰকাৰ লাভ কৰিব বুলি আশা কৰিব নোৱাৰি৷ চৰকাৰে ঘোষণা কৰা আঁচনিসমূহৰ সফলতা নির্ভৰ কৰে প্রশাসনীয় বিষয়া–কর্মচাৰীৰ ওপৰত৷ দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীৰ জৰিয়তে চৰকাৰে যিমানেই অভিলাষী আঁচনি ৰূপায়ণ নকৰক কিয়, তাৰ সুফল সর্বসাধাৰণ ৰাইজে লাভ কৰিব বুলি আশা কৰিব নোৱাৰি৷ প্রশাসন ব্যৱস্থাক স্বচ্ছ আৰু নিকা কৰিবলৈ চৰকাৰৰ বৰমূৰীয়াসকলে প্রতিশ্রুতি দি থকাৰ সময়তে যোৱা ২৪ আগষ্টত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাৰ জালত পৰিছে অসম আৰক্ষী সেৱা (এ চি এছ)ৰ বিষয়া ছইবুৰ ৰহমান৷ ৰাজ্য চৰকাৰৰ সংখ্যালঘু পৰিক্রমা বিভাগৰ উপ–সচিব পদত কার্যনির্বাহ কৰা ছইবুৰ ৰহমানক গ্রেপ্তাৰ কৰা হৈছে আয়তকৈ অধিক পৰিমাণৰ সম্পত্তি আহৰণৰ গোচৰত৷ ইতিমধ্যে মুখ্যমন্ত্রী তদাৰকী শাখাই গুৱাহাটীত দুটা প্রাসাদোপম অট্টালিকাকে ধৰি বুজন পৰিমাণৰ স্থাৱৰ–স্থাৱৰ সম্পত্তিৰ তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ জব্দ কৰা হৈছে বুজন পৰিমাণৰ হীৰা, সোণৰ অলংকাৰ তথা নগদ ধন৷ গুৱাহাটীৰ ২৮ স্থানত মাটি ক্রয়ৰ তথ্যও লাভ কৰিছে মুখ্যমন্ত্রী তদাৰকী শাখাই৷ গৃহ জিলা বৰপেটাত ধনকুবেৰ বিষয়াগৰাকীয়ে ক্রয় কৰিছে ৪১ স্থানত কেইবাশ বিঘা ভূমি৷ কলগাছিয়াত বৃহৎ অট্টালিকা, বাণিজ্যিক ভৱনকে ধৰি তেল ডিপোও আছে বিষয়াগৰাকীৰ৷ ইয়াৰ উপৰি কামৰূপ জিলাত কেইবাঠাইতো কেইবাশ বিঘা মাটি ক্রয় কৰিছে বহু বিতর্কিত ছইবুৰ ৰহমানে৷ এজন চৰকাৰী বিষয়াই এইদৰে অগাধ সম্পত্তি কিদৰে আহৰণ কৰিলে, তাক লৈ ৰাজ্যখনৰ সর্বসাধাৰণ ৰাইজেই নহয়, চৰকাৰী বিষয়া–কর্মচাৰীসক মাজতো প্রশ্ণৰ উদয় হৈছে৷ ২০০২ চনত এ চি এছ বিষয়া ৰূপে ডিমা হাছাও জিলাত কর্মজীৱন আৰম্ভ কৰা ছইবুৰ ৰহমানে বিগত ১৯ বছৰত মৰিগাঁও আৰু ধুবুৰী জিলাত অতিৰিক্ত উপায়ুক্ত পদত কার্যনির্বাহ কৰিছিল৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ সংখ্যালঘু পৰিক্রমা বিভাগৰ উপ–সচিব পদত কার্যনির্বাহ কৰা বিষয়াজনে আহৰণ কৰা পর্বতসম সম্পত্তিৰ অন্তৰালত যে চৰকাৰী আঁচনিৰ পুঁজি শৰাধৰ ঘটনাত জড়িত নাই, সেয়া নুই কৰিব নোৱাৰি৷
আটকাধীন ছইবুৰ ৰহমানে আহৰণ কৰা অগাধ সম্পত্তিৰ তথ্য উদ্ধাৰ কৰিবলৈ মুখ্যমন্ত্রী তদাৰকী শাখা সফল হ’লেও বিষয়াজনে কিদৰে ধনকুবেৰত পৰিণত হ’ল, তাৰ সত্যতা এতিয়াও পোহৰলৈ অহা নাই৷ প্রশাসন ব্যৱস্থাত চলি থকা একাংশ বিষয়া–কর্মচাৰীৰ কমিছনৰাজ নতুন কথা নহয়৷ সেয়া এতিয়াও কম–বেছি পৰিমাণে বিৰাজমান৷ কিন্তু এনে কমিছনৰ টকাৰে ছইবুৰ ৰহমানে ইমান অগাধ সম্পত্তি আহৰণ কৰাটো কোনো পৰিস্থিতিতেই সম্ভৱ নহয়৷ হয়তো কেতবোৰ আঁচনিৰ সমূদায় পুঁজি ছইবুৰ ৰহমানে বক্রপথেৰে আত্মসাৎ কৰাৰ আশংকা আছে৷ এনে অশুভ পন্থা গ্রহণৰ ক্ষেত্রত ধৃত বিষয়াজনক নিশ্চিতভাৱে সহায় কৰিব লাগিব ৰাজ্য চৰকাৰৰে একাংশ বিষয়া–কর্মচাৰীয়ে৷ সেয়ে ছইবুৰ ৰহমানৰ অগাধ সম্পত্তি আহৰণৰ উৎস নিৰূপণৰ বাবে তেওঁ কার্যনির্বাহ কৰা ডিমা হাছাও, মৰিগাঁও আৰু ধুবুৰী জিলাৰ আঁচনিসমূহ পুনৰ পর্যালোচনা কৰাৰ অতিকৈ প্রয়োজন৷ বিশেষকৈ ছইবুৰ ৰহমানে দায়িত্বত থকা সকলোবোৰ আঁচনি আৰু ফাইল শীঘ্রে পুনৰীক্ষণ কৰাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্রহণ কৰা উচিত৷ কিয়নো চৰকাৰ তথা ৰাজ্যৰ প্রশাসন ব্যৱস্থাত ধূলি দি ছইবুৰ ৰহমানে কিদৰে অগাধ সম্পত্তি আহৰণ কৰিলে, তাৰ তথ্যও নিশ্চিতভাৱে এনে তদন্তৰ জৰিয়তেহে পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷ ইয়াৰ লগে লগে ধৃত ছইবুৰ ৰহমানক সংগ দিয়া চক্রটো পোহৰলৈ আহিব৷ কিয়নো এই চক্রটোক চিনাক্ত নকৰিলে প্রশাসন ব্যৱস্থা নিকা নহয়৷ এই চক্রটোক কঠোৰ শাস্তি প্রদান কৰিবলৈ হ’লে বিষয়াজনৰ অগাধ সম্পত্তিৰ মূল উৎস যথাশীঘ্রে উদ্ধাৰ কৰিবই লাগিব৷ অন্যথা দুর্নীতি নির্মূলকৰণৰ অভিযান ফলপ্রসূ হ’ব বুলি আশা কৰিব নোৱাৰি৷ এই কথা ঠিক যে ৰাজ্যখনৰ সর্বসাধাৰণ ৰাইজেই নহয়, সিংহভাগ বিষয়া–কর্মচাৰীয়েও ছইবুৰ ৰহমান আৰু তেওঁৰ সংগীসকলক কঠোৰ শাস্তি দিয়াটো মনে–প্রাণে বিচাৰে৷ কিয়নো ছইবুৰ ৰহমানৰ দৰে কেইজনমান বিষয়া–কর্মচাৰীৰ বাবে ৰাজ্যৰ প্রশাসন ব্যৱস্থা কলুষিত হৈছে৷ যিসকল বিষয়া–কর্মচাৰীয়ে সততাৰে কাম–কাজ চলাই আছে, সেইসকলৰ মনোবল বহু পৰিমাণে ভাঙি দিছে দুর্নীতিগ্রস্ত চক্রটোৱে৷ এনে পৰিস্থিতিত ছইবুৰ ৰহমান আৰু তেওঁৰ সহযোগী বিষয়া–কর্মচাৰীসক কঠোৰ শাস্তি প্রদান কৰা উচিত৷