ভাৰতীয় সভ্যতাৰ এক গুৰুত্বপূর্ণ অংশ হৈছে আয়ুর্বেদ৷ দৰাচলতে আয়ুর্বেদ হৈছে বিশ্বৰ এক প্রাচীন চিকিৎসা ব্যৱস্থা আৰু ঔষধ–দর্শন৷ ইয়াৰ প্রধান উদ্দেশ্য হৈছে মানুহৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক দিশৰ বিকাশ আৰু সুস্থতাক নির্মাণ কৰি মানৱ কল্যাণ সাধন কৰা৷ সাধাৰণতে ‘আয়ু’ শব্দৰ অর্থ হৈছে ‘জীৱন’ আৰু ‘বেদ’ মানে ‘জ্ঞান’৷ গতিকে আয়ুর্বেদৰ প্রধান অর্থ হৈছে জীৱন বিজ্ঞান৷ এই জীৱন বিজ্ঞান ব্যৱস্থাৰ পৰম্পৰা খুবেই প্রাচীন, প্রায় পাঁচ হাজাৰ বছৰ পুৰণি এই ব্যৱস্থাটোৰ বিকাশ অত্যন্ত গুৰুত্বপূর্ণ৷ সাধাৰণতে কোৱা হয় যে অথর্ব বেদৰ যি অংশত চিকিৎসাৰ বিষয়ে বর্ণনা কৰা হৈছে সেয়াই হৈছে আয়ুর্বেদ৷ মূলতে বিভিন্ন গছ নাইবা উদ্ভিদৰ ব্যৱহাৰ, সাত্ত্বিক জীৱন ধাৰণ আৰু বিশুদ্ধ আধ্যাত্মিক চিন্তন হৈছে আয়ুর্বেদৰ মূল কেন্দ্রবিন্দু৷
আধুনিক যুগত চিকিৎসা বিজ্ঞান যথেষ্ট উন্নত হৈছে যাৰবাবে মানুহৰ জীৱন যাপন খুবেই বিজ্ঞানসন্মত হৈছে৷ সামান্য বেমাৰৰ পৰা আৰম্ভ কৰি জটিল বেমাৰলৈকে মানুহৰ বিশ্বাসৰ একমাত্র স্থল হৈছে আধুনিক বিজ্ঞানসন্মত চিকিৎসা ব্যৱস্থা৷ কিন্তু এটা সময়ত দেশৰ চিকিৎসা ব্যৱস্থাত একমাত্র আয়ুর্বেদ আছিল উপায়, যাৰ দ্বাৰা সাধাৰণ ৰাইজে নিজৰ জীৱনক সুস্থতা প্রদান কৰিছিল৷ উল্লেখ কৰিব পাৰি যে এতিয়াও গাঁও আৰু মফচলত মা–আইতাসকলে ঘৰৰ মানুহৰ বেমাৰ–আজাৰ হ’লে বিভিন্ন ঘৰুৱা দিহা নাইবা উদ্ভিদৰ পাত, শিপা, বাকলি, ফুল, ফল আদিৰ ব্যৱহাৰ কৰিছে৷ এতিয়াও ঘৰুৱা ৰূপচর্চা নাইবা স্বাস্থ্যবিধিত এনেকুৱা বনদৰব নাইবা উদ্ভিদৰ ব্যৱহাৰ খুবেই সহজলভ্য৷ তুলসী, চন্দন, নিম–পাত, হালধি, নহৰু, আদা, মৌ, গাখীৰ, দৈ, ঘিউ, জবাফুল, শেৱালিফুল, পাণপাত, আমলখি, শিলিখা , ক’লাখাৰ আদি বিভিন্ন ঘৰুৱা উপচাৰেৰে এতিয়াও আমাৰ জীৱন সমৃদ্ধ বুলি ক’লে ভুল কোৱা নহ’ব৷ ইয়াৰ উপৰি আছে কিছু দিহা, যেনে বাৰ–তিথিত কি কি খাব লাগিব নাইবা কি কি খাব নালাগিব, কিয় নিৰামিষ খাব লাগিব নাইবা কিয় আমিষ খাব লাগিব, কেতিয়া কি খাব লাগিব, কি হ’লে কি খাব লাগিব নাইবা কি নালাগিব, কেনেকুৱা পোছাক কেতিয়া কেনেকৈ পিন্ধিব লাগিব, কোন সময়ত কি খাব লাগিব, কোন বয়সত কি খাব লাগিব, কি পিন্ধিব লাগিব আদিৰ দিহা ঘৰে ঘৰে পালন কৰি অহা হৈছে৷ ইয়াৰ বিজ্ঞান ভিত্তি কিমান শক্তিশালী নাইবা যুক্তিপূর্ণ তাক লৈ বিভিন্নভাৱে আলোচনা কৰা হৈছে৷ একপক্ষই কৈছে এয়া অবিজ্ঞান আৰু অযৌক্তিক আকৌ আন একপক্ষই কৈছে এয়া সম্পূর্ণ বিজ্ঞানভিত্তিক আৰু সুস্থ জীৱনৰ আধাৰ৷ সাধাৰণতে এই দেশীয় আৰু ঘৰুৱা উপাচাৰবোৰক আয়ুর্বেদৰ অংশ বুলি অভিহিত কৰা হৈছে আৰু ইয়াৰ এটা সবল যুক্তি হৈছে যে এই উপাচাৰবোৰ এশ শতাংশ বিশুদ্ধ আৰু বিপদমুক্ত৷ ইয়াক সেৱন কৰিলে ভাল একো নহ’লেও কেতিয়াও মন্দ নাইবা ঋণাত্মক প্রভাৱ নাথাকে৷ যুগ–যুগান্তজুৰি ইয়াক ঘৰে ঘৰে ব্যৱহাৰ কৰাৰ বাবে খুব স্বাভাৱিকভাৱেই ইয়াৰ প্রতি মানুহৰ এক আস্থা উপজিছে যাক কেতিয়াও কোনেও অস্বীকাৰ নকৰে৷ এই ‘বিশ্বাস’ হৈছে তথাকথিত আয়ুর্বেদৰ এক শক্তিশালী কৱচ৷
দেশ স্বাধীন হোৱাৰ বহু পূর্বৰে পৰা দেশৰ বজাৰত আয়ুর্বেদৰ বিপণন আৰম্ভ হৈছিল বুলি কোৱা হয়৷ কিন্তু সেয়া আছিল একেবাৰে ক্ষুদ্র গোটৰ৷ চাবনপ্রাছ, চুলিৰ তেল আৰু সৰুসুৰা কিছুমান নিত্য ব্যৱহার্য সামগ্রীত সেইবিলাক আয়ুর্বেদ দ্রব্যৰ বিপণন সীমিত আছিল৷ কিন্তু সাম্প্রতিক কালত আয়ুর্বেদ এক ব্রেণ্ডত পৰিণত হৈছে৷ যিকোনো সামগ্রী উৎপাদন কৰি তাৰ গাত এক লেবেল মাৰি দিলে হ’ল ১০০ শতাংশ হার্বল কিম্বা নেচাৰেল৷ মানুহে তাক ক্রয় কৰিব সেই যুগ–যুগান্তৰ আস্থাৰ ওপৰত ভিত্তি কৰি, কোনো বিজ্ঞান কিম্বা যৌক্তিকতাৰ বাছ–বিচাৰ নকৰাকৈ৷ সম্ভৱতঃ এনেকুৱা ব্রেণ্ডসর্বস্ব বিপণনে আয়ুর্বেদৰ সর্বনাশ কৰিছে বুলি ক’লে ভুল কোৱা নহ’ব৷ বর্তমান যুগত মহানগৰৰ ডাঙৰ শ্বপিং মলৰ পৰা গাঁৱৰ সৰু গেলামালৰ দোকানপর্যন্ত বিয়পি গৈছে বিভিন্ন ব্রেণ্ডৰ নেচাৰেল কিম্বা হালবাল সামগ্রী৷ কি আছে, কি নাই– একেবাৰে গেলামালৰ তেল–নিমখৰ পৰা ৰূপচর্চা, শিশুখাদ্য, দৰব আদি লৈকে৷ এই ১০০ শতাংশ হার্বল কিম্বা নেচাৰেল সামগ্রীৰ প্রতি সাধাৰণ গ্রাহকৰ ধাউতি খুবেই তীব্রতৰ৷ দেশ–বিদেশৰ উপভোক্তা সামগ্রী প্রস্তুতকাৰী, দৰব প্রস্তুতকাৰী আনকি ৰূপচর্চাৰ সামগ্রী প্রস্তুতকাৰী সংস্থাবোৰ আয়ুর্বেদ কিম্বা হার্বলৰ ওপৰত ব্যাপক গুৰুত্ব দিছে৷ কিয়?
আধুনিক বজাৰ বিপণন ব্যৱস্থাত আয়ুর্বেদক লৈ যি প্রচাৰ চলোৱা হৈছে সেয়া কিমানখিনি বিজ্ঞানসন্মত সেই বিষয়ে সন্দেহৰ অৱকাশ থাকি যায়৷ টেলিভিছনত দেখুওৱা আয়ুর্বেদৰ লেবেল লগোৱা আঁঠুৰ বিষৰ তেল আনি দিনে–ৰাতি সানি থাকিও কাৰোবাৰ আঁঠুৰ বিষ তিলৰ সমান কম হোৱা নাই, হার্বল ছেম্পু চুলিত লগাই অৱশিষ্ট চুলিখিনিও হেৰুৱাইছে– এনেকুৱা বাস্তৱিক উদাহৰণ চাৰিওফালে বহু আছে৷ আকৌ অমুক ব্রেণ্ডৰ তমুক সামগ্রীৰ গুণাগুণ ইমানেই যে মাল্টিনেচনেল কোম্পানীৰ সামগ্রীয়ে তাৰ ফেৰ মাৰিব পৰা নাই৷ দৰাচলতে বজাৰ চলে কিছুমান ড্রেণ্ডৰ দ্বাৰা আৰু যেতিয়া যি ড্রেণ্ডৰ তীব্রতা বাঢ়ি যায় তেতিয়া বাণিজ্যিক গোষ্ঠীয়ে তাকেই উৎপাদন কৰিবলৈ তৎপৰ হয়৷ বিগত সময়ত বিভিন্ন গৱেষণাই প্রমাণ কৰিছে যে আধুনিকতাৰ নামত মানুহে কেৱল বিহ পান কৰিছে৷ যাৰবাবে মানুহে অকালতে বিভিন্ন বেমাৰৰ দ্বাৰা আক্রান্ত হৈছে৷ তেনেহ’লে কি খাম, কি ব্যৱহাৰ কৰিম– ইয়াৰ উত্তৰ খুব সহজে যদিও দিয়া নাযায় কিন্তু সেই যুগ–যুগান্তৰ আস্থাই আমাক ১০০ শতাংশ হার্বল কিম্বা নেচাৰেল সামগ্রীৰ প্রতি সামান্য হ’লেও আগ্রহী কৰি তোলে৷ কোনেবাই যদি কয়– ইমান দিন যি চাবোন ব্যৱহাৰ কৰিছে সেয়া আছিল কৃত্রিম ৰাসায়নিক পদার্থৰে বনোৱা, এই লওক শুদ্ধ মৌ, গাখীৰ ক্রীম, চন্দন আৰু গোলাপ ফুলৰ ৰসেৰে বনোৱা ১০০ শতাংশ হার্বল কিম্বা নেচাৰেল চাবোন৷ এইখিনি কথাই যথেষ্ট সেই সামগ্রীবিধ ক্রয়ৰ বাবে৷ কেতিয়াবা চিন্তা কৰা হয়নে বাৰু মৌ, গাখীৰ, চন্দন কিম্বা গোলাপ ফুলৰ কিবা প্রাকৃতিক গুণাগুণ তাত সামান্যতম আছেনে সেইবোৰৰ ৰাসায়নিক কৃত্রিমতাকহে ব্যৱহাৰ কৰা হৈছে৷ বর্তমান কালত আয়ুর্বেদৰ ড্রেণ্ড ইমানেই জনপ্রিয় হৈছে যে কাপোৰৰ ৰং হৈ পৰিছে ১০০ শতাংশ হার্বল কিম্বা নেচাৰেল, ঘৰৰ দেৱালৰ ৰং হৈ পৰিছে ১০০ শতাংশ হার্বল কিম্বা নেচাৰেল আদি৷ কিন্তু আধুনিক বজাৰ বিপণনৰ দ্বাৰা গ্রাহকৰ হাতত ১০০ শতাংশ হার্বল কিম্বা নেচাৰেল সামগ্রী দিয়াৰ নামত সঁচাকৈ এশ শতাংশ প্রাকৃতিক সামগ্রী দিয়া হৈছেনে নাই তাক নিশ্চিতভাৱে কোৱা টান৷ একেবাৰে বিশুদ্ধ সামগ্রী পাই যিদৰে গ্রাহক সন্তুষ্ট সেইদৰে কোম্পানীও নগদ ধন পাই সন্তুষ্ট৷
বিশ্ববিখ্যাত ‘জুৰাছিক পার্ক’ৰ লেখক মাইকেল ক্রিকটনে গভীৰ যন্ত্রণাৰে লিখিছিল– ‘বিংশ শতিকাৰ শেষ প্রান্তত আহি এক বিস্ময়কৰ ব্যাপকতাত এক ধৰণৰScientific gold rush প্রত্যক্ষ কৰিছেছা৷ কি তৎপৰতাত, কি উন্মত হঠকাৰিতাত জিন প্রযুক্তিক বাণিজ্যিকীকৰণ কৰা হৈছে৷ সাধাৰণ মানুহৰ অজ্ঞতাৰ সুযোগত, তেওঁলোকক সচেতন নকৰি কি ভয়ংকৰ দ্রুততাৰ লগতে এই ব্যৱসায় বিস্তাৰিত হৈছে, যাৰ মাত্রা আৰু প্রভাৱ সম্পর্কে কোনো ধাৰণাই মানুহৰ নাই’৷ ক্রিকটনে এই কথাষাৰ জৈৱ–প্রযুক্তিৰ সন্দর্ভত ক’লেও ইয়াৰ দ্বাৰা বুজিব পৰা যায় যে আধুনিক বাণিজ্যত যিকোনো ধাৰণাক বিকটভাৱে বিপণন কৰা হৈছে আৰু আয়ুর্বেদৰ ক্ষেত্রতো ইয়াক ব্যৱহাৰ কৰিব পাৰি৷ মানৱ সভ্যতাত যুগ–যুগান্তজুৰি আয়ুর্বেদৰ বিকাশ হৈছিল বিজ্ঞানভিত্তিক চিন্তাচর্চাক কেন্দ্র কৰি, যাৰ মূলতে আছিল মানৱ কল্যাণৰ অংগীকাৰ অথচ আজিৰ অ–বিজ্ঞানে সেই আয়ুর্বেদ আৰু মানৱ কল্যাণৰ মাজত সৃষ্টি কৰিছে এক আতংকময় পৰিস্থিতিৰ৷ অতি সম্প্রতি যেতিয়া বিশ্বব্যাপী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ হৈছে তেতিয়া ইয়াৰ উৎস বিচাৰি এক ভয়ংকৰ তথ্য সন্মুখত আহিছিল৷ সম্ভৱতঃ আধুনিক যুগৰ অধিকাংশ গৱেষণাই যে কোনো নৈতিকতাৰ সীমাৰেখা মানি নচলে, সেয়া এতিয়া স্পষ্ট৷ এই বিশাল মানৱ সমাজত কত কি গৱেষণা কৰা হৈছে তাৰ ওপৰত কোনো নিয়ন্ত্রণ নাই৷ আয়ুর্বেদ কেন্দ্রিক গৱেষণাগাৰ সম্ভৱতঃ মানুহৰ ঘৰে ঘৰে গঢ়ি উঠিছে৷ গতিকে তেনেকুৱা গৱেষণাৰ পৰা কি বিচিত্র সামগ্রী নাইবা পদ্ধতি উদ্ভাৱন কৰা হৈছে তাক নিশ্চিতভাৱে কোৱা টান আৰু সেইবাবেই আমাৰ পৰম্পৰা আজি তেনেকুৱা গৱেষণাৰ চক্রত পৰি এক বিপজ্জনক ৰূপ ধাৰণ কৰিছে৷ এক দম্পতীয়ে কেঁচুৱাক লৈ চিকিৎসকৰ ওচৰলৈ গৈ ক’লে শিশুটিৰ পেট বাৰে বাৰে বেয়া হৈছে অথচ আমি পানী সিজাই ফিল্টাৰ কৰি খাওঁ৷ চিকিৎসকে ক’লে–‘বাৰু শিশুটিক বিশুদ্ধ পানী খুৱাইছে ঠিকেই কিন্তু সেই বিশুদ্ধ পানী ৰাখিছে, খাইছে যিবিলাক পাত্রত, তাক ধুইছে গেলা পানীৰে৷ গতিকে লাভ কি হ’ল?’ সেইদৰে আমি আয়ুর্বেদ লেবেল লগোৱা সামগ্রী ব্যৱহাৰ কৰিছেছা ঠিকেই, পিছে তাক কেনেকৈ প্রস্তুত কৰা হৈছে সেই বিষয়ে অৱগত হৈছেছানে? আয়ুর্বেদ মানে জৰা–ফুঁকা কিম্বা বেজৰ জৰী–বটীৰ অবিজ্ঞানসন্মত চিকিৎসা ব্যৱস্থা যে নহয় তাক সর্বসন্মতভাৱে প্রতিষ্ঠা কৰাটো আজিৰ সময়ত খুবেই বিতর্কমূলক৷ অথচ বজাৰে কোনোৰকমেই আয়ুর্বেদক উপেক্ষা কৰিব পৰা নাই৷ বৰং দিনে–প্রতিদিনে বজাৰ উভৈনদী হৈছে বিভিন্ন আয়ুর্বেদিক আৰু প্রাকৃতিক গুণসমৃদ্ধ সামগ্রীৰে আৰু এই বিকট বিপণনেই সম্ভৱতঃ দেশৰ এক প্রাচীন বিজ্ঞানভিত্তিক চিকিৎসা ব্যৱস্থা কিম্বা জীৱনশৈলীক অবিশ্বাসৰ ফালে আগুৱাই লৈ গৈছে৷