নিয়মীয়া বাৰ্তা ১৩ ছেপ্টেম্বৰঃ বৰফেৰে ঢ়কা বিস্তীর্ণ অঞ্চল তাৰ মাজৰ পৰাই বৈ আহিছে তেজসদৃশ ৰক্তাভ জুলীয়া পদার্থ৷ ইয়াৰ নাম দিয়া হৈছে ব্লাড ফলছ৷ অর্থাৎ তেজৰ নিজৰা৷ পশ্চিম এণ্টার্কটিকাৰ ভিক্ট’ৰিয়া লেণ্ডত অৱস্থিত এই উপত্যকা প্রথম মানৱ সমাজৰ দৃষ্টিলৈ আহে ১৯১১ চনত৷ এই তেজৰ বন্যা আৱিষ্কাৰ কৰে অষ্ট্রেলিয়াৰ ভূতত্ত্ববিদ গ্রিফিট টেলৰে৷ ভূতত্ত্ববিদগৰাকীৰ নামেৰে পৰৱর্তী কালত এই উপত্যকাৰ নাম ৰখা হয় টেইলৰ ভেলী৷ এই উপত্যকাৰ বৰফৰ মাজৰ পৰা কেনেদৰে তেজৰ নিজৰা বয় তাক লৈ দীর্ঘদিন ধৰি চলি থাকিল ৰহস্য৷
প্রথমতে বিজ্ঞানীসকলে ধাৰণা কৰিছিল যে ৰঙা শেলুৱৈৰ বাবে এনেদৰে বৰফৰ মাজেৰে বৈ আহে লাল জুলীয়া পদার্থ৷ কিন্তু পৰৱর্তী সময়ত তাত কোনোধৰণৰ ৰঙা শেলুৱৈৰ সন্ধান পোৱা নগ’ল৷ প্রচুৰ পৰিমাণে লো মজুত হৈ এই গাঢ় লাল ৰঙৰ সৃষ্টি হোৱা বুলি বিজ্ঞানীসকলে ধাৰণা কৰিবলৈ লয়৷ প্রায় ২০ লাখ বছৰ পূর্বে এই অঞ্চলতে বিশাল এটি হূদ আছিল৷ পৰৱর্তী সময়ত হিমবাহৰ তলত বিলুপ্ত হৈ যায় এই বিশাল জলাশয়৷ এই হূদত লোত আয়ন আছে প্রচুৰ পৰিমাণে৷ অত্যধিক পৰিমাণৰ আয়ন অক্সিজেনৰ সংস্পর্শলৈ অহাৰ বাবেই ইয়াৰ জাৰণ প্রক্রিয়া আৰম্ভ হয় আৰু তেনেদৰেই ৰক্তাভ জুলীয়া পদার্থ বাহিৰলৈ ওলাই আহে৷