ঘড়ীৰ কাঁটাৰ বিপৰীতে ঘূৰিছিল শ্ল’ভাকিয়াৰ প্রস্তৰ যুগৰ ৰহস্যময় গাঁও
নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ প্রস্তৰ যুগত এনে এক ৰহস্যময় ঘটনা ঘটিছিল, যাক সমাধান কৰিবলৈ পাঁচ হাজাৰ বছৰৰ প্রয়োজন হ’ল বিজ্ঞানীসকলৰ৷ যিখন গাঁৱক লৈ এই ঘটনা ঘটিছিল সেই গাঁওখন এতিয়া শ্ল’ভাকিয়া৷ পাঁচ হাজাৰ বছৰ পূর্বৰ ‘ঘূৰি থকা’ গাঁৱৰ সন্ধান লাভ কৰিছিল বিজ্ঞানীসকলে৷
এনেধৰণে গাঁওখন প্রস্তুত কৰা হৈছিল, যাক দেখিলে ধাৰণা হ’ব যে ঘড়ীৰ কাঁটাৰ ওলোটা দিশত ঘূৰি আছে গাঁওখন৷ সেই ঘূৰন্ত বা চলমান গাঁৱৰ ৰহস্যৰ সমাধান হ’ল শেহতীয়াকৈ৷ ‘প্লছ ৱান’ নামৰ পত্রিকাত প্রকাশিত হৈছে এই সমস্ত খবৰ৷ শ্ল’ভাকিয়াৰ ভ্রাবেল প্রস্তৰ যুগত এই গাঁওখনৰ অদ্ভুত কিছুমান বৈশিষ্ট্য আছে৷ গাঁওখনৰ প্রতিটো ঘৰ সমান্তৰালভাৱে নির্মাণ নকৰি এটাৰ পাছত এটা ক্রমাৎ বাঁও দিশে আগবাঢ়ি গৈ নির্মাণ কৰা হৈছে৷
ইয়াৰ কাৰণ অনুসন্ধান কৰিবলৈ গৈ বিজ্ঞানীসকলে বিভিন্ন মতবাদ প্রকাশ কৰিছে৷ বিশেষকৈ ধুমুহাৰ পৰা ৰক্ষা পৰিবলৈ এনেদৰে গাঁৱৰ ঘৰ নির্মাণ কৰা বুলি একাংশই ধাৰণা কৰিছে৷ একাংশৰ মতে সূর্যৰ পোহৰ পাবলৈ এনেদৰে ঘৰবোৰ নির্মাণ কৰা হৈছিল৷ মূল কথাটো অৱশ্যে অন্যধৰণৰ৷ বিজ্ঞানীসকলৰ মতে বেছিভাগ মানুহে কোনো লাইনৰ মাজভাগ চিহ্ণিত কৰিবলৈ দিলে তেওঁলোকে যি বিন্দু নির্দিষ্ট কৰে সেয়া সামান্য বাঁও দিশে আগবাঢ়ি যায়৷ জীৱ বিদ্যাত ব্যৱহূত ছিউডনেগলেট শব্দটো এইক্ষেত্রত ব্যৱহাৰ কৰিছে বিজ্ঞানীসকলে৷ প্রস্তৰ যুগত গঢ়ি উঠা গাঁওবোৰত এই ধাৰণাক গুৰুত্ব প্রদান কৰা হৈছিল৷ কাৰণ তেতিয়া প্রযুক্তিৰ ব্যৱহাৰ আছিল শূন্য৷