ধলপুৰৰ হিংসাত্মক ঘটনাত উচটনি দিয়াৰ অভিযোগ পঞ্চায়তৰ সভাপতিসহ আৰক্ষীৰ জালত দুজন
নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ ছিপাঝাৰৰ গৰুখুঁটি–ধলপুৰত সংঘটিত হোৱা হিংসাত্মক কার্যত উচটনি দিয়াৰ অভিযোগত আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে দুজনকৈ লোকক৷ ‘ধলপুৰ কাণ্ড’ৰ স’তে জডিত থকাৰ অভিযোগত যোৱানিশা ছিপাঝাৰৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে সানোৱা গাও পঞ্চায়তৰ সভাপতি চান মামুদ আৰু বাজনাপথাৰ গাঁও পঞ্চায়তৰ প্রাক্তন সভাপতি আচমত আলীক৷
উল্লেখ্য যে অবৈধ দখলদাৰীৰ কবলৰ পৰা চৰকাৰী ভূমি মুক্ত কৰিবলৈ যোৱা আৰক্ষীক উভতি ধৰাক লৈ বিগত ২৩ ছেপ্ঢেম্বৰত ধলপুৰত সংঘটিত হৈছিল এক হিংসাত্মক ঘটনা৷ ছিপাঝাৰৰ চৰ অঞ্চলৰ গৰুখুঁটিত অসম চৰকাৰে স্থাপন কৰা ‘গৰুখুঁটি কৃষি প্রকল্প’ৰ বাবে চৰৰ বেদখলকাৰীৰ কবলত থকা ১নং, ২নং আৰু ৩নং ধলপুৰৰ চৰকাৰী ভূমি মুক্ত কৰিবলৈ দৰং প্রশাসনে উচ্ছেদ অভিযান হাতত লৈছিল৷
সেই অনুসৰি প্রথম পর্যায়ত ২০ ছেপ্ঢেম্বৰত ধলপুৰত উচ্ছেদকার্য চলাই দৰং জিলা প্রশাসনে মুক্ত কৰিছিল প্রায় চাৰি হাজাৰ পাঁচশ বিঘা বেদখলীকৃত চৰকাৰী ভূমি৷ একেদৰে ২৩ ছেপ্ঢেম্বৰতো উচ্ছেদ অভিযানৰ কার্য ব্যৱস্থা গ্রহণ কৰি দৰং জিলা প্রশাসনে ইয়াৰ ২নং ধলপুৰ আৰু ৩নং ধলপুৰত উপস্থিত হৈছিল৷ কিন্তু ৩নং ধলপুৰত সেইদিনা একাংশ বেদখলকাৰীয়ে দৰং জিলা প্রশাসনৰ এই উচ্ছেদকার্যত বাধা দিছিল৷
আনকি এটা সময়ত বেদখলকাৰীসকলে একগোট হৈ আৰক্ষীৰ ওপৰত আক্রমণ চলাইছিল৷ কেৱল ইমানেই নহয়, সেইসকল লোকে আৰক্ষীলৈ উদ্দেশ্যি শিলগুটি, লাঠী, টোকান আদিও নিক্ষেপ কৰিছিল৷ আৰক্ষীয়েও প্রত্যাক্রমণ কৰাত আঠজন আৰক্ষী জোৱান আহত হৈছিল৷ আনহাতে তিনিজন বেদখলকাৰী নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হ’বলগীয়া হৈছিল৷ আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল ধলপুৰৰ উক্ত হিংসাত্মক ঘটনাৰ পূর্বে প্রশাসনৰে বেদখলকাৰী প্রতিবাদকাৰীৰ আলোচনাও সম্পন্ন হৈছিল৷ কিন্তু শান্তিপূর্ণ সমাধানৰ দিশে আগবাঢ়োঁতেই পৰিস্থিতিয়ে লৈছিল নাটকীয় মোৰ৷
পাছত অসম চৰকাৰে এক ন্যায়িক তদন্ত ঘোষণা কৰাৰ লগতে গৃহ বিভাগে লাভ কৰা তথ্য মতে সমগ্র কাণ্ডটোৰ মাষ্টাৰ মাইণ্ড হিচাপে আমছুৰ নেতাৰ পৰা কলেজৰ অধ্যাপককে ধৰি ছয়জনক চিনাক্ত কৰিছিল৷ আনকি উচ্ছেদ বন্ধ কৰাৰ প্রলোভনেৰে লক্ষ লক্ষ টকাও সংগ্রহ কৰিছিল বুলি চোৰাংচোৱাই লাভ কৰিছিল তথ্য৷ কিন্তু আৰক্ষীয়েও আক্রমণৰ এই ঘটনাক সহজভাৱে নলৈ নিজাকৈ আৰম্ভ কৰিছিল তদন্ত প্রক্রিয়া৷ স্থানীয় কোনো লোক এই উচটনিমূলক কাম–কাজত জডিত থাকিব পাৰে নেকি তাৰো সংগ্রহ কৰিছিল তথ্য৷ আৰু স্থানীয়ভাৱে উক্ত ঘটনাত জডিত থকাৰ অভিযোগত গ্রেপ্তাৰ কৰে আচমত আলী আৰু চান মামুদক৷ চান মামুদে কংগ্রেছ দলৰ পৰা সানোৱা পঞ্চায়তৰ সভাপতি হিচাপে কার্যনিবাহ কৰি থকাৰ লগতে আচমত আলী বাজনাপথাৰ গাঁও পঞ্চায়তত পূর্বৰ কার্যকালত ইউ ডি এফ দলৰ পৰা সভাপতি হিচাপে নির্বাচিত হৈছিল৷ আনহাতে এই ঘটনাত স্থানীয়ভাৱে আৰু পাঁচ–ছয়গৰাকী লোক জডিত থকা বুলি দাবী কৰি আৰক্ষীয়ে প্রকাশ কৰিছে৷ সহজ–সৰল লোকক উচটাই আৰক্ষীৰ বিৰুদ্ধে আক্রমণ কৰিবলৈ চেষ্টা কৰা কাকো ৰেহাই দিয়া নহ’ব বুলি প্রকাশ কৰিছে আৰক্ষীয়ে৷
ঘটনা সন্দর্ভত ছিপাঝাৰ থানাত ৭৫৮/২০২০ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১২০বি/১৪৩/১৪৭/১৪৮/১৪৯/৩৪১/৩৩৩/৩৫৩/৩২৫/৩২৬/৩০৭ ধাৰাত ৰুজু হৈছে এটা গোচৰ৷ ইফালে গৰুখুঁটি কাণ্ডৰ আজি চাৰি দিন অতিক্রম কৰাৰ পাছত আজিও স্বাভাৱিকভাৱে চলিছে কৃষি প্রকল্পৰ কাম–কাজ৷ ট্রেক্টৰেৰে মাটি চহোৱাৰ লগতে সিঁচা হৈছে বীজ৷ দৰং জিলা কৃষি বিষয়া জ্যোতিষ নাথৰ লগতে কৃষি প্রকল্পৰ ন’ডেল বিষয়া উদ্ধৱ ডেকা নিজে প্রকল্পত উপস্থিত থাকি কৃষিকার্য তদাৰক কৰি আছে৷ আনহাতে কৃষি প্রকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা, সদস্য মৃণাল শইকীয়া আৰু দিলীপ শইকীয়াই উপস্থিত থাকি সমগ্র ব্যৱস্থাৱলীৰ বুজ লয়৷
ইফালে কৃষি প্রকল্পৰ কাম–কাজৰ সহায়ক হোৱাকৈ ধলপুৰৰ মৰাসুঁতিৰ বুকুত এটা অস্থায়ী পথ নির্মাণৰ ব্যৱস্থা কৰা হৈছে৷ উক্ত পথটোৰ জৰিয়তে কাৰিকৰীগত কৌশলেৰে সুঁতিৰ পানী প্রৱাহিত হৈ থাকিব পৰা ব্যৱস্থাৰে প্রকল্পৰ সামগ্রী কঢ়িওৱা গাডী ট্রেক্টৰ আদিও সহজতে পাৰ কৰিব পৰা যাব বুলি প্রকাশ কৰিছে উক্ত কাম তদাৰক কৰি থকা খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই৷ আনহাতে ইতিমধ্যে উচ্ছেদিত হোৱা ভূমি পৰিষ্কাৰৰ কামো তীব্রগতিত চলি আছে৷ য’লৈকে সম্প্রসাৰণ হ’ব কৃষিকর্ম৷ তদুপৰি কৃষি প্রকল্পৰ বাবে প্রয়োজনীয় ভূমি মুকলি নোহোৱা পর্যন্ত উচ্ছেদকার্য চলি থাকিব বুলিও প্রকাশ কৰিছে কৃষি সমিতিৰ অধ্যক্ষ পদ্ম হাজৰিকাই৷
ধলপুৰ শিৱ মন্দিৰৰ উন্নয়নৰ কাম তীব্রগতিত ঃ ইফালে কৃষি প্রকল্পৰ সমান্তৰালকৈ চলি আছে ধলপুৰৰ শিৱ মন্দিৰৰ উন্নয়নৰ কাম৷ আজি ছিপাঝাৰৰ চক্র বিষয়া দেৱজ্যোতি গগৈ উপস্থিত থাকি মন্দিৰৰ নামত সংৰক্ষিত ১৮০ বিঘা ভূমিৰ চৌহদ নির্ধাৰণ কৰাৰ পাছত আৰম্ভ হৈছে উন্নয়নৰ আন আন কাম৷ উল্লেখ্য যে শিৱ মন্দিৰটো মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ব্যক্তিগত প্রচেষ্টাত নির্মিত হৈ থকাৰ লগতে চৰকাৰীভাৱে অতিথিশালা আৰু হেলিপেডো নির্মাণ কৰা হ’ব৷