নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাত মাটি চাকিৰে পোহৰ বিলোৱা মৃৎ শিল্পীৰ নিজৰ জীৱনেই অন্ধকাৰাচ্ছন্ন

সমাগত দিপান্বিতাৰ বাবে মাটি চাকি বনোৱাত ব্যস্ত পুৰুষ-মহিলা

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ যোৱা দুবছৰে ক’ৰোনা মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে ঘোষণা কৰা লকডাউনত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছিল ক্ষুদ্ৰ ব্যৱসায়ী, দিনহাজিৰা কৰি জীৱন নিৰ্বাহ কৰা লোকৰ লগতে ক্ষুদ্ৰ ক্ষুদ্ৰ শিল্পৰ লগত জড়িত হৈ থকা পৰিয়াল সমুহ। নিজহাতেৰে মাটিৰে বিভিন্ন প্ৰকাৰৰ দৈনন্দিন জীৱনৰ ব্যৱহাৰ কৰা সামগ্ৰী প্ৰস্তুত কৰা গোৱালপাৰা জিলাৰ শিমলীতোলাৰ সমীপৱৰ্তী পালপাৰা, দোমনাপাৰা আৰু কামৰূপ গ্ৰাম্য জিলাৰ চেনীমাৰাত মৃত শিল্পীৰে জড়িত একাংশ পৰিয়ালৰ পানীত হাঁহ নচৰা অৱস্থা হোৱা পৰিলক্ষিত হৈছে।

অৰ্থনৈতিক ভাৱে পিছপৰা ৰাজ্যখনত মৃৎ শিল্পীৰে জড়িয়তে বহু সংখ্যক পৰিয়ালে জীৱন নিৰ্বাহ কৰাৰ লগতে ইয়াৰ লগত জড়িত হৈ বহু সংখ্যক লোকে আৰ্থিক ভাৱে লাভবান হ’বলৈ সক্ষম হৈছে। সম্পুৰ্ণ একক প্ৰচেষ্টাৰে সমগ্ৰ দেশকে প্লাষ্টিক মুক্ত কৰাৰ যি পৰিকল্পনা সেই পৰিকল্পনাক বাস্তৱায়িত ৰূপ দিয়াৰ বাবে মাটিৰে প্ৰস্তুত কৰা বিভিন্ন পাত্ৰ ব্যৱহাৰ কৰি এখন প্ৰদূষণমুক্ত পৃথিৱী গঢ়িবলৈ বহু সম্ভাৱনীয়তা আছে।

দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা নিত্য প্ৰযোজনীয় প্লাষ্টিকেৰে নিৰ্মিত সামগ্ৰীৰ বিকল্প সা-সৰঞ্জাম হিচাপে ব্যৱহাৰ কৰা হয় মাটিৰে নিৰ্মিত সামগ্ৰী সমুহ। সেয়েহে এই সুযোগ আৰু সুবিধা গ্ৰহণ কৰাৰ বাবে চৰকাৰে এই শিল্পৰ লগত জড়িত পৰিয়াল সমুহক আগ্ৰহী কৰি তুলিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মৃৎ শিল্পৰে সুকিয়া পৰিচয় লাভ কৰা গোৱালপাৰা জিলাৰ ৰংজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত শিমলীতোলা – পালপাৰা গাওঁ আৰু কামৰূপ গ্ৰাম্য জিলাৰ নগৰবেৰা ৰাজহ চক্ৰৰ বিদ্যানগৰ চেনীমাৰা পালপাৰাত সীমাহীন ব্যস্ততাৰে একাংশ পৰিয়ালে মাটিৰে নিৰ্মিত বিভিন্ন সামগ্ৰীৰ লগতে সমাগত দিপান্বিতাত জ্বলাবলৈ মাটি চাকি বনোৱাৰ লগতে এই সামগ্ৰীসমূহ ৰাজ্যখনৰ বিভিন্ন স্থানলৈ ৰপ্তানি কৰাৰ বাবে মৃৎ শিল্পী সকলৰ লগতে এই ব্যৱসায়ীৰ লগত জড়িত ব্যৱসায়ী, মৃৎ শিল্পীৰ পৰিয়াল সমুহ ব্যস্ত হৈ পৰিছে।

আধুনিকতাৰ নামত বজাৰত যিমানেই চকুত লগা বিভিন্ন চাকিৰ প্ৰচলন নহওঁক কিয় ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ লগতে চহৰাঞ্চলতো মাটিৰে নিৰ্মিত মাটি চাকিৰ সমাদৰ সুকীয়া তথা অন্যান্য বুলি মৃত শিল্পী সকলে দাবী কৰি আহিছে । একাংশ মৃতশিল্পয়ে সংবাদ মাধ্যমৰ জানিবলৈ দি কয় যে বছৰ বছৰ ধৰি জিলা দুখনৰ পাল সম্প্ৰদায়ৰ লোকৰ বসতি অঞ্চল দুটাৰ মৃৎ শিল্পী সকলে নিজে হাতে বনোৱা বিভিন্ন সামগ্ৰী দেশৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰি সমগ্ৰ অঞ্চলটোকে এক ব্যৱসায়িক ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে যদিও সম্প্ৰতি মাটিৰে নিৰ্মিত সামগ্ৰী বনোৱাত বহুতো বাধা আহি পৰা পৰিলক্ষিত হৈছে । সামগ্ৰী তৈয়াৰ কৰিবলৈ প্ৰয়োজনীয় হীৰা মাটিৰ অভাৱ, তৈয়াৰ কৰা সা-সামগ্ৰী পুৰিবলৈ আৱশ্যকীয় খেৰ-খৰিৰ নাটনি, উপযুক্ত বজাৰ আৰু প্ৰতিকুল বতৰ, যাতায়াত ব্যৱস্থা উন্নত নোহোৱাত এই শিল্পৰ প্ৰতি ভাবুকি আহি পৰিছে । অনাগত দিনত এই শিল্প কৰ্মৰে কিমান দিনলৈ পৰিয়াল পোহ পাল দিব পাৰিব ইয়াক লৈয়ো চিন্তিত হৈ পৰিছে মৃৎ শিল্পকজীৱন ধাৰণৰ প্ৰধান অৱলম্বন হিচাপে লোৱা একাংশ মৎশিল্পীয়ে। যাৰ বাবে পোহৰৰ উৎসৱ দীপাৱলীত নিজ হাতে বনোৱা মাটি চাকিৰে উজ্বলাই তোলা পৰিয়াল সমুহৰ নিজৰে জীৱনলৈ ঘোৰ অমানিশা নামি আহিছে।

Input: জ্যোতিষ নাথ, টিপলাই

You might also like