নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰোধীৰ প্রতিবাদৰ মাজতে গৃহীত কৃষি আইন প্রত্যাহাৰ বিধেয়ক

লোকসভা–ৰাজ্যসভাত বিধেয়ক উত্থাপন কেন্দ্রীয় কৃষিমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ  মৌখিক ভোটত সদনত গৃহীত হ’ল কৃষি আইন প্রত্যাহাৰ বিধেয়ক–২০২১৷ লোকসভা আৰু ৰাজ্যসভাত উত্থাপিত বিধেয়কখনক লৈ বিতর্কৰ বাবে কংগ্রেছসহ বিৰোধীয়ে সদনৰ মজিয়াত প্রতিবাদ–হুলস্থূলীয়্ পৰিস্থিতি সৃষ্টি কৰাৰ মাজতে দুয়ো সদনত মৌখিক ভোটত গৃহীত হয় কৃষি আইন প্রত্যাহাৰ বিধেয়কখন৷ সংসদৰ শীতকালীন অধিৱেশনৰ প্রথম দিনাই বহুবিতর্কিত তিনি কৃষি আইন প্রত্যাহাৰৰ বাবে কৃষি আইন প্রত্যাহাৰ বিধেয়ক–২০২১ দুয়ো সদনত উত্থাপন কৰে কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰে৷ বিতর্কিত তিনি কৃষি আইন প্রত্যাহাৰক লৈ দেশজুৰি চলোৱা কৃষক আন্দোলনৰ ফলত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে যোৱা গুৰুনানক জয়ন্তীৰ দিনা এই আইন তিনিখন প্রত্যাহাৰৰ সিদ্ধান্ত ঘোষণা কৰাৰ লগতে শীতকালীন অধিৱেশনত সাংবিধানিক প্রক্রিয়া আৰম্ভ হ’ব বুলি দেশবাসীক দিয়া প্রতিশ্রুতি মতেই আজি শীতকালীন অধিৱেশনৰ প্রথমে লোকসভাত কৃষি আইন প্রত্যাহাৰ বিধেয়ক–২০২১ উত্থাপন কৰে কেন্দ্রীয় কৃষিমন্ত্রী টোমৰে৷ দিনৰ ১২.০৬ বজাত বিধেয়কখন মন্ত্রীগৰাকীয়ে উত্থাপন কৰাৰ চাৰি মিনিট পাছত অর্থাৎ ১২.১০ বজাত বিধেয়কখন মৌখিক ভোটত গৃহীত কৰা হয়৷ কৃষিমন্ত্রীগৰাকীয়ে প্রত্যাহাৰ বিধেয়কখন উত্থাপন কৰাৰ লগে লগে কংগ্রেছৰ দলপতি অধিৰ ৰঞ্জন চৌধুৰীয়ে বিধেয়কখনক লৈ বিতর্কৰ দাবী জনায়৷ কিন্তু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সদনৰ নির্দেশমর্মে বিতর্কৰ বাবে সাজু বুলি প্রকাশ কৰিলেও বিৰোধী দলসমূহে অধ্যক্ষৰ ওচৰলৈ আহি শ্লোগান দিবলৈ ধৰে৷ তদুপৰি বিৰোধীৰ সাংসদসকলে হাতত বেনাৰ লৈ অধ্যক্ষৰ ওচৰলৈ আহি হুলস্থূলীয়া পৰিস্থিতি সৃষ্টি কৰাৰ লগতে বিতর্ক অবিহনে বিধেয়কখন গৃহীত কৰাত আপত্তি দর্শায়৷ বিৰোধী দলৰ সাংসদৰ প্রতিবাদৰ মাজতে লোকসভাত কৃষি আইন প্রত্যাহাৰ বিধেয়কখন মৌখিক ভোটত গৃহীত কৰা হয়৷ ইপিনে লোকসভাত গৃহীত হোৱাৰ পাছত ৰাজ্যসভাতো কৃষি আইন প্রত্যাহাৰ বিধেয়কখন মন্ত্রী টোমৰে উত্থাপন কৰে৷ বিধেয়কখন উত্থাপন কৰাৰ লগে লগে বিৰোধী দলসমূহে বিধেয়কখনক লৈ বিতর্কৰ দাবীৰে প্রতিবাদ সাব্যস্ত কৰিবলৈ ধৰে৷ উচ্চ সদনত বিধেয়কখনক লৈ অতি চমুকৈ বিতর্ক হয় যদিও বিৰোধী সাংসদসকল ইয়াক লৈ অসন্তুষ্টি ব্যক্ত কৰি হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰে৷ বিৰোধী সাংসদসকলে কেন্দ্রীয় চৰকাৰে শস্যৰ এম এছ পিকে ধৰি বিভিন্ন বিষয়ক লৈ আলোচনা নকৰাকৈ প্রত্যাহাৰ বিধেয়ক গৃহীত কৰিব খোজাক লৈ আপত্তি দর্শাই প্রতিবাদ কৰে যদিও হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে ৰাজ্যসভাত কৃষি আইন প্রত্যাহাৰ বিধেয়কখন গৃহীত হয়৷ কার্যতঃ অধিৱেশনৰ প্রথম দিনাই বিৰোধীৰ হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে বহুবিতর্কিত তিনি কৃষি আইন প্রত্যাহাৰক লৈ কেন্দ্রীয় চৰকাৰে উত্থাপন কৰা কৃষি আইন প্রত্যাহাৰ বিধেয়কখন গৃহীত হয়৷ উল্লেখ্য যে ৰাজ্যসভাত চুটি বিতর্কৰ অন্তত প্রত্যাহাৰ বিধেয়কখন গৃহীত হোৱাৰ পাছত উচ্চ সদনত কংগ্রেছৰ দলপতি মল্লিকার্জুন খার্গেই সকলো দল প্রত্যাহাৰ বিধেয়কক লৈ সন্মত বুলি প্রকাশ কৰে৷ ইপিনে ৰাজ্য সভাৰ মজিয়াত কৃষি আইন প্রত্যাহাৰ বিধেয়কখনৰ বিতর্কক লৈ অধ্যক্ষৰ ওচৰলৈ আহি অভাৱনীয় অভব্য আচৰণ, সংবিধান অৱমাননা, হিংসাত্মক অশালীন ব্যৱহাৰ কৰাৰ বাবে বিৰোধীৰ ১২ সাংসদক সমগ্র শীতকালীন অধিৱেশনৰ কার্যসূচীৰ বাবে নিলম্বিত কৰে৷ ৰাজ্যসভাৰ পৰা নিলম্বিত সাংসদ ১২গৰাকীৰ ভিতৰত কংগ্রেছৰ ৬জন, টি এম চিৰ ২জন, শিৱসেনাৰ ২জন আৰু চি পি এম–চি পি আইৰ এজনকৈ আছে৷ ৰাজ্যসভাৰ পৰা নিলম্বিত কংগ্রেছৰ সাংসদকেইগৰাকী হৈছে ফুলদেৱী নেতাম, ছায়া বার্মা, আৰ বৰা, ৰাজামণি পেটেল, চৈয়দ নাছিৰ হুছেইন, অখিলেশ প্রসাদ সিং৷ টি এম চিৰ দুজন হৈছে দোলা সেন আৰু শান্তা ছেত্রী৷ শিৱসেনাৰ দুজন হৈছে প্রিয়ংকা চতুর্বেদী আৰু অনিল দেশাই৷ চি পি আইৰ সাংসদ হৈছে বিনয় বিশ্বম আৰু চি পি এমৰ সাংসদগৰাকী হৈছে এলামৰম কৰিম৷ বিৰোধীৰ ১২জনকৈ সাংসদক নিলম্বিত কৰা সন্দর্ভত ইতিমধ্যে বিৰোধী দলসমূহে বৈঠক অনুষ্ঠিত কৰিছে৷ বৈঠকত কি সিদ্ধান্ত গ্রহণ কৰা হৈছে, বাতৰি যুগুতোৱাৰ পৰলৈকে জানিব পৰা হোৱা নাই৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে তিনি কৃষি আইন বলৱতৰ ১৪ মাহ পাছত আইন তিনিখন প্রত্যাহাৰৰ বাবে সদনত বিধেয়ক গৃহীত কৰে৷
এমএছপিকে ধৰি বিভিন্ন বিষয়ক লৈ আলোচনা নোহোৱালৈকে প্রতিবাদস্থলী নেৰে কৃষকে
সংসদৰ শীতকালীন অধিৱেশনৰ প্রথম দিনাই তিনি কৃষি আইন প্রত্যাহাৰৰ বিধেয়ক গৃহীত হোৱাক লৈ সন্তুষ্টি ব্যক্ত কৰিলেও এম এছ পিকে ধৰি কৃষকৰ বিভিন্ন সমস্যাক লৈ আলোচনা নোহোৱালৈকে কৃষকে প্রতিবাদস্থলী এৰি নাযায় বুলি দৃঢ়তাৰে মন্তব্য কৰিছে ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকেইতে৷ লোকসভা আৰু ৰাজ্যসভাত কৃষি আইন প্রত্যাহাৰ বিধেয়ক–২০২১ গৃহীত হোৱাৰ পাছত সাংবাদিকৰ আগত বি কে ইউৰ নেতা ৰাকেশ টিকেইতে কয়– কৃষক আন্দোলনৰ সময়ত জীৱন হেৰুওৱা ৭৫০ কৃষকলৈ এয়া এক শ্রদ্ধাঞ্জলি৷ এম এছ পি আৰু কৃষকৰ বিভিন্ন সমস্যাক লৈ আন্দোলন অব্যাহত থাকিব৷ কেন্দ্রীয় চৰকাৰৰ সৈতে এম এছ পিকে ধৰি আন সমস্যাসমূহক লৈ আলোচনা নোহোৱালৈকে কৃষকসকলে প্রতিবাদস্থলী এৰি নাযায় বুলি দৃঢ়তাৰে কয় ৰাকেশ টিকেইতেই৷ উল্লেখ্য যে যোৱা বর্ষৰ ২৬ নৱেম্বৰৰ পৰা নতুন দিল্লীৰ সীমান্তত তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত কৃষকসকলে চলাই যোৱা আমৰণ আন্দোলনক নতুন গতি দিবলৈ সক্ষম হয় নেতা ৰাকেশ টিকেইত৷ তেওঁৰ নেতৃত্বতে নতুন দিল্লীৰ সীমান্তত কৃষকৰ আন্দোলন সঠিক দিশেৰে আগবাঢ়ি গৈ থকাৰ লগতে দেশৰ প্রান্তে প্রান্তে কিষাণ মহাপঞ্চায়ত অনুষ্ঠিত হৈ আছে৷

You might also like