সাহিত্য–সংস্কৃতি আৰু চৰকাৰ
ৰাজ্য এখনৰ সাংস্কৃতিক দিশটোৰ বিকাশৰ বাবে ৰাজ্যখনৰ চৰকাৰৰ ভালেখিনি কৰিবলগীয়া থাকে যদিও সেই সাংস্কৃতিক কামখিনি কেনেধৰণে কৰিলে তাৰ মর্যাদা অটুট থাকে, সেই কথা বিবেচনা কৰাৰ দায়িত্ব চৰকাৰৰ, কিন্তু কামবোৰ পৰিচালনা কৰাৰ দায়িত্ব বিষয়াসকলৰ৷ সাংস্কৃতিক কাম মানেই ফাংচন আদি মূল কথা নহয়, মূল কথা হ’ল– এই কামবোৰৰ নেপথ্যত থকা দর্শন, যি দর্শনে চৰকাৰখনৰ সাংস্কৃতিক আদর্শক প্রতিফলিত কৰে৷ অসম চৰকাৰে শেহতীয়াভাৱে যিখিনি সাংস্কৃতিক কাম–কাজ কৰি আছে, তাত একেই দলৰ পূর্বৰ চৰকাৰৰ কামৰ তুলনাত পার্থক্য দেখা গৈছে আৰু সেই পার্থক্যত ভাৰতীয় সংস্কৃতিৰ পৰম্পৰাৰ প্রতিফলন দেখা গৈছে৷ অলপতে অসম চৰকাৰে সাহিত্যিক পেন্সন ঘোষণা কৰিছে৷ এই সাহিত্যিক পেন্সন দিয়া কামটো পুৰণি আৰু প্রতিবছৰে গতানুগতিক ধৰণে পেন্সন দিয়া কামটো চলি আহিছে৷ কিন্তু সাহিত্যিক পেন্সন এটা আন চৰকাৰী পেন্সনৰ দৰে চাকৰিৰ অন্তত দিয়া পেন্সন নহয়৷ ই এগৰাকী ব্যক্তিৰ জীৱনজোৰা সাধনাৰ চৰকাৰী স্বীকৃতি৷ প্রাপকগৰাকীলৈ এখন চিঠি আৰু বেংকত পইচাখিনি ভৰাই দিলে কামটো শেষ৷ কিন্তু এইবাৰ এটা বিশেষ দিৱসত চৰকাৰে বিশেষ অনুষ্ঠান পতা, আটাইকেইগৰাকী পেন্সনাৰকে আমন্ত্রণ কৰি আনি, আনকি মুখ্যমন্ত্রীৰ বিশেষ নির্দেশত বিভাগীয় উচ্চপদস্থ বিষয়াই গুৱাহাটীত থকাকেইগৰাকীক ঘৰে ঘৰে গৈ আমন্ত্রণ কৰা, ৰাজহুৱা অনুষ্ঠান এটাৰ যোগে পেন্সন দিয়া ব্যৱস্থাটোৱে সমগ্র কামটোক এটা চৰকাৰী দায়িত্বৰ পৰা তুলি নি এক বিশেষ মর্যাদাৰ আসনত বহুৱালে৷ পেন্সন দিয়াটো চৰকাৰৰ কাম, দিয়া ধৰণটোত প্রতিফলিত হৈছে চৰকাৰৰ সংস্কৃতি৷ সাহিত্যিক পেন্সন মানে অকল এটা পেন্সনেই নহয়, ই এটা সন্মান– সেই কথাটো এই চৰকাৰে গভীৰভাৱে উপলব্ধি কৰিছে বাবেই এই পৰিৱর্তন দেখা গৈছে৷ চৰকাৰে পেন্সনাৰসকলৰ কিতাপবোৰ চৰকাৰী পুথিভঁৰাললৈ কিনি লোৱাৰ ব্যৱস্থা কৰিলে লেখকসকলৰ লগতে কিতাপৰ ব্যৱসায়টোকো একেলগে উৎসাহ দিয়াও হ’লহেঁতেন৷
অসম চৰকাৰে পাঠ্যপুথিবোৰ বিনামূলীয়াকৈ দিবলৈ লোৱাৰ পিছৰে পৰা অসমৰ কিতাপৰ ব্যৱসায় বেয়া হোৱা বুলি বহুতে আলোচনা কৰা শুনা যায়৷ কিন্তু এই কাৰণটোৰ বাবেই বিনামূলীয়া পাঠ্যপুথিৰ ব্যৱস্থাটোক এৰিবলৈ কোৱাৰ যুক্তি থাকিব নোৱাৰে৷ অসমীয়া কিতাপে যদি নিজৰ সামর্থ্যৰে বজাৰত টিকি থাকিব নোৱাৰে, তেনেহ’লে ‘যোগ্য ভোগ্য বসুন্ধৰা’ৰ আদর্শ প্রমাণ কৰি অসমীয়া কিতাপ বজাৰৰ পৰা নোহোৱা হৈ যাব৷ এই কথাটোও মানি ল’ব নোৱাৰি আৰু এই সময়তেই চৰকাৰী আৰু ৰাজহুৱা প্রতিষ্ঠানৰ সহায়–সহযোগৰ কথাটো আহি পৰে৷ অসমত ব্যৱসায় কৰা অইল ইণ্ডিয়া লিমিটেড, অ’ এন জি চি আদিৰ দৰে ভালেমান প্রতিষ্ঠানে বহু লেখকক কিতাপ লিখিবলৈ অর্থসাহায্য দিয়া কথাটো শুনা যায় আৰু কিতাপ প্রকাশ হোৱাও দেখা যায়৷ এনে ধৰণৰ সাহায্যই লেখকগৰাকী আৰু ছপাশালক পোনপটীয়াভাৱে সহায় কৰিলেও তাৰ পৰা সামগ্রিকভাৱে অসমীয়া সাহিত্য বা গ্রন্থ প্রকাশন উদ্যোগৰ কি লাভ হয়, কোৱা টান৷ কিন্তু চৰকাৰে কৰা সহায়ৰ দ্বাৰা লাভ হোৱা আৰু সেই লাভৰ ভাগ সকলোৱে পোৱা উচিত৷ চৰকাৰে নিজেই প্রকাশন সংস্থা খুলিছে যদিও সেই সংস্থা আন গ্রন্থব্যৱসায়ৰ প্রতিযোগী নহয়৷ এটা সময়ত চৰকাৰে অসমৰ পুথিভঁৰালবোৰৰ বাবে কিতাপ কিনিছিল৷ শেহতীয়াভাৱে সেই কামটো নিয়মীয়াভাৱে কৰা হোৱা নাই৷ চৰকাৰে পুথিভঁৰালবোৰৰ স্বাস্থ্য উদ্ধাৰ কৰা আৰু কিতাপ কিনা কামটো পৰিকল্পিতভাৱে কৰাটো ৰাজ্যখনৰ বৌদ্ধিক জগতখনৰ বাবেই অতি প্রয়োজনীয়৷ চৰকাৰী পুথিভঁৰালকেইটাৰ বেছিভাগেই প্রৱেশ–যোগ্য৷ এই শুধৰণি প্রথম প্রয়োজনীয়ভাৱে কৰিব লাগে৷ চৰকাৰে সাহিত্য বঁটাৰে লেখকসকলৰ মাজত সৃষ্টিশীল প্রতিযোগিতাৰ যি ভাবৰ সৃষ্টি কৰিব পাৰিছে, সেয়া সাহিত্যৰ জগতত এটা উজ্জ্বল ভৱিষ্যতৰ লক্ষণ৷ সবাতোকৈ ডাঙৰ কথা হ’ল– পুৰস্কাৰৰ বাবে বিবেচিত হোৱা কিতাপখনৰ প্রকাশকৰ বাবেও সমপৰিমাণ ধনৰ পুৰস্কাৰ আগবঢ়োৱাটো৷ কিতাপ এখন প্রকাশৰ ক্ষেত্রত প্রকাশকৰ গুৰুত্ব অপৰিসীম, কিন্তু প্রকাশকক আজিলৈকে একমাত্র চলচ্চিত্র মহোৎসৱ সঞ্চালকালয়ৰ বাহিৰে আন কোনেও গুৰুত্ব দিয়া নাই, আনকি সাহিত্য অকাডেমিয়েও৷ অসম চৰকাৰে এই বিৰল কামটোৰ সূচনা কৰি গ্রন্থ প্রকাশন ইতিহাসত এটা নতুন সংযোজন ঘটালে৷ কিন্তু দুখৰ কথা, চৰকাৰৰ এই গুৰুত্বপূর্ণ সিদ্ধান্তক প্রকাশক আৰু লেখক– কোনো পক্ষৰ পৰাই উচিতভাৱে আদৰণি জনোৱা নহ’ল৷ চৰকাৰৰ পৰা ভাল কাম বিচৰাটো দায়িত্ব আৰু ভাল কামৰ স্বীকৃতি দিয়াটো ৰাজহুৱা কর্তব্য৷ কিন্তু স্বীকৃতি দানৰ সংস্কৃতিয়ে এতিয়াও আমাৰ মাজত স্থান পোৱা নাই৷ চৰকাৰৰ ধাৰাবাহিক ভাল কামে এই নতুন সংস্কৃতিৰ জন্ম দিব পাৰিব বুলি বিশ্বাস কৰিব পাৰি৷