নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’বিৰোধী আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ আছুৰ

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইন (কা) বাতিলৰ দাবীৰে ৰাজ্যজুৰি চলা আন্দোলনত আৰক্ষীৰ গুলীত প্রাণ হেৰুওৱা ৫ শ্বহীদক স্মৰণ কৰি দেওবাৰে শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে সদৌ গুৱাহাটী ছাত্র সন্থাই৷ শিল্পী সমাজ আৰু স্থানীয় ৰাইজৰ সহযোগত হাতীগাঁও হাইস্কুল খেলপথাৰত আয়োজন কৰা এই অনুষ্ঠানত দ্বিজেন্দ্র পাংগিং, দীপাঞ্জল দাস, ছেম ষ্টেফর্ড, ঈশ্বৰ নায়ক আৰু আব্দুল আলিমৰ প্রতিচ্ছবিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে সদৌ অসম ছাত্র সন্থা (আছু)ৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য, সভাপতি দীপাংক কুমাৰ নাথ, বিশিষ্ট অধিবক্তা নেকিবুৰ জামান, সত্যেন শর্মা, কণ্ঠশিল্পী জুবিন গার্গ, সমাজসেৱিকা মঞ্জুলা হাজৰিকাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে৷ এই অনুষ্ঠান উপলক্ষে হাইস্কুল প্রাংগণত অনুষ্ঠিত সভাত ভাষণ দি আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয় যে ক’ভিড মহামাৰী, লকডাউনৰ বাবে ‘কা’ বিৰোধী আন্দোলন কিছু পৰিমাণে স্তিমিত হৈছে৷ কিন্তু এই আন্দোলন বন্ধ হৈ যোৱা নাই৷

‘কা’ বিৰোধী আন্দোলন পূর্বেও চলিছিল, বর্তমানেও চলি আছে আৰু আগলৈও চলি থাকিব বুলি মন্তব্য কৰি ড০ ভট্টাচার্যই কয়– ‘কা’ বিৰোধী আন্দোলনৰ শ্বহীদ–নির্যাতিতৰ ত্যাগ আমি কেতিয়াও অথলে যাব নিদিওঁ৷ সংসদৰ মজিয়াত সংখ্যা আছে বুলি চৰকাৰে আমাৰ ওপৰত এখন অসাংবিধানিক আইন জাপি দিব, সেয়া কেতিয়াও আমি মানি ল’ব নোৱাৰোঁ৷ এইখন আমাৰ অসম, ইয়াত খিলঞ্জীয়াৰ ভৱিষ্যৎ সুৰক্ষিত হ’বই লাগিব৷ সর্বকালৰ বাবে ইয়াৰ নির্ণায়ক ভূমিকা আমাৰ হাতত থাকিব লাগিব৷ ছবছৰজোৰা অসম আন্দোলন চলিল৷ আঠ শতাধিক লোকে প্রাণ হেৰুওৱালে৷ অমস চুক্তিৰ ভিত্তিত ১৯৭১ চনলৈকে আমি বিদেশীৰ বোজা ল’ম বুলি ক’লোঁ৷ কিন্তু এতিয়া তেওঁলোকে ‘কা’ৰ জৰিয়তে কৈছে যে ১৯৭১ নহয়, ২০১৪ চনলৈকে অহা বিদেশী লোকৰ বোজা অসমে ল’ব লাগিব৷ বিদেশী আমাক জাপি দিব বিচৰা হৈছে, সেইকাৰণে আমি কৈছোঁ নাগৰিকত্ব সংশোধনী আইন আমি কেতিয়াও মানি নলওঁ৷ ইপিনে, কেন্দ্রই এই আন্দোলন নিয়ন্ত্রণ কৰিবলৈ ভাগ ভাগ কৰাৰ চেষ্টা চলাইছিল বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে উত্তৰ–পূর্বাঞ্চলৰ ইনাৰ লাইন পার্মিট থকা ৰাজ্যসমূহৰ লগতে ষষ্ঠ অনুসূচীৰ অন্তর্ভুক্ত অঞ্চলসমূহত এই আইন বলৱতৰ পৰা ৰেহাই দিয়া হ’ব৷ অসমৰ সাতখন জিলা ষষ্ঠ অনুসূচীৰ অন্তর্ভুক্ত৷ চৰকাৰে ক’ব বিচাৰিছে যে এই সাতখন জিলাৰ বাহিৰে আন জিলাসমূহত বিদেশী সংস্থাপন কৰিব পাৰিব৷ এয়া কেনেদৰে সম্ভৱ? চৰকাৰৰ এই ষড়যন্ত্র ওফৰাই উত্তৰ–পূর্বাঞ্চলে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে একেলগে আন্দোলন চলাই আহিছে বুলি প্রকাশ কৰি ড০ ভট্টাচার্যই কয় যে ‘কা’ গৃহীত কৰা দিনটো অর্থাৎ কালি সমগ্র উত্তৰ–পূর্বাঞ্চলবাস্ ক’লা দিন হিচাপে পালন কৰি পুনৰ এক বার্তা প্রেৰণ কৰিলে৷

আনহাতে, ৰাজপথৰ আন্দোলন খেলপথাৰলৈ লৈ যোৱাৰ উপৰি ‘কা’ বিৰোধী আন্দোলনটোক নাচ–গানৰ অনুষ্ঠানত পৰিণত কৰা বুলি একাংশই সময়ে সময়ে কৰি অহা অভিযোগৰ প্রত্যুত্তৰ দি আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয়– ৰাজপথৰ আন্দোলন খেলপথাৰলৈ লৈ যোৱা হ’ল বুলি আমাৰ বিৰুদ্ধে অপপ্রচাৰ কৰা হৈছে, ৰাইজক বিভ্রান্ত কৰাবলৈ চেষ্টা কৰা হৈছে৷ আমি অহিংস আন্দোলন কৰিম৷ যি সময়ত ৰাজপথত প্রয়োজন হ’ব সেই সময়ত ৰাজপথত আৰু যি সময়ত খেলপথাৰত প্রয়োজন হ’ব সেই সময়ত খেলপথাৰত আন্দোলন কৰিম৷ শোভাযাত্রা আমি ৰাজপথত কৰিম আৰু মুকলি সভা আমি খেলপথাৰত অনুষ্ঠিত কৰিম৷ বহুতে কয় নাচ–গানৰ অনুষ্ঠানলৈ ‘কা’ বিৰোধী আন্দোলনক লৈ যোৱা হ’ল৷ কিন্তু আমি ক’ব খোজোঁ অহিংস আন্দোলনৰ এটা অংশ হৈছে সংস্কৃতি৷ যিসকলে অহিংস আন্দোলন বেয়া পায় তেওঁলোকে এনেধৰণৰ অপপ্রচাৰ চলায়৷ কিন্তু ছাত্র সন্থাক অপপ্রচাৰ–বিভ্রান্তিয়্ বিচলিত কৰিব নোৱাৰে৷ এই আন্দোলন দীঘলীয়া হ’ব৷ একেদৰে অসম চুক্তি ৰূপায়ণক লৈ চৰকাৰৰে পুনৰ আলোচনা হোৱাৰ প্রসংগক লৈ একাংশই কৰা সমালোচনাত প্রতিক্রিয়া প্রকাশ কৰি ড০ ভট্টাচার্যই কয় যে আলোচনা মানে আপোচ নহয়৷ ছাত্র সন্থাই আন্দোলন নকৰে৷ ৰাজপথৰ আন্দোলৰ সমাধান ওলাব আলোচনাৰ মজিয়াত৷ আলোচনাৰ মেজত যুক্তিসমূহ মানি ল’লে সেই আন্দোলন সমাপ্ত হ’ব৷ যদি যুক্তি মানি নলয়, তেন্তে ৰাজপথৰ আন্দোলন অব্যাহত থাকিব৷ সমান্তৰালভাৱে তেওঁ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ভাষাৰ প্রশ্ণকাকত অব্যাহত ৰাখিব লাগিব বুলিও দাবী উত্থাপন কৰে৷ এই অনুষ্ঠানতে ভাষণ প্রদান কৰি সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে সকলোৱে বিৰোধিতা কৰা সত্ত্বেও ২০১৯ চনত অবৈধ বাংলাদেশী নাগৰিকক সংস্থাপন কৰিবলৈ ‘কা’ গৃহীত কৰিলে৷ ইয়াৰ বিৰুদ্ধে তীব্র আন্দোলন চলিল৷ কিন্তু অসমীয়াক গুলীয়াই হত্যা কৰি অথবা নির্যাতন চলাই পংগু কৰি আন্দোলন কেতিয়াও স্তিমিত কৰিব পৰা নাছিল আৰু আগলৈও নোৱাৰে৷ ‘কা’ বাতিল নোহোৱা পর্যন্ত ছাত্র সন্থা কেতিয়াও ক্ষান্ত নহয় বুলি উল্লেখ কৰি নাথে এইবুলিও কয় যে এই সংগ্রাম শেষ হৈ যোৱা নাই৷ অবৈধ বিদেশী জাপি দিয়া এই আইন কেতিয়াও মানি লোৱা নহ’ব৷ অনুষ্ঠানত জনপ্রিয় শিল্পী জুবিন গার্গে কয় যে ‘কা’ আন্দোলনৰ আৰম্ভণিতো তেওঁ আছিল আৰু এতিয়াও এই আন্দোলনৰ সৈতে আছে৷

অসম চুক্তি সম্পন্ন হোৱাৰ পাছত এতিয়ালৈ চৰকাৰে অসমবাসীক বিভ্রান্ত কৰি ৰাখিছে বুলি উল্লেখ কৰি তেওঁ কয়– ড০ সমুজ্জ্বল ভট্টাচার্যকে ধৰি ছাত্র সন্থাই এই সন্দর্ভত আলোচনা কৰি আছে, কিন্তু আমি ফল পোৱা নাই৷ ৰাজ্যত নতুন চৰকাৰে দায়িত্ব গ্রহণ কৰিছে, আশা ৰাখিছোঁ তেওঁলোকে আমাৰ যুক্তি মানি ল’ব৷ নতুন চৰকাৰে কেন্দ্রীয় চৰকাৰক জনাওক আৰু আলোচনা অনুষ্ঠিত কৰক৷ আমাক ফলাফল লাগে৷ তদুপৰি বিশিষ্ট অধিবক্তা নেকিবুৰ জামানে কয় যে অসম চুক্তিৰ বাহিৰত গৈ ‘কা’ বলৱৎ কৰিব বিচাৰিছে৷ ৰাষ্ট্রযন্ত্রই আজিলৈকে ৫জন শ্বহীদক দুর্বৃত্ত সজাই থৈছে৷ কোনো ক্ষতিপূৰণ প্রদান নকৰিলে৷ সেয়েহে এই ঘটনাৰ এক তদন্ত বিচাৰি আৰু ক্ষতিপূৰণ দিয়াৰ নির্দেশনাৰ প্রার্থনাৰে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈও পৰামর্শ দিয়ে নেকিবুৰ জামানে৷ দেওবাৰৰ অনুষ্ঠানতে ‘কা’ বিৰোধী আন্দোলনৰ সময়ত আৰক্ষীৰ গুলীত চিৰদিনৰ বাবে পংগু হোৱা হাতীগাঁও অঞ্চলৰ ৰাজেন মেধি নামৰ লোকজনক ছাত্র নেতা নুৰুল হক আৰু আজনুৰ আলীয়ে ৫০ হাজাৰ টকাৰ সাহায্য আগবঢ়ায়৷ মুখ্য উপদেষ্টাই এই ধনৰাশি মেধিক প্রদান কৰে৷

You might also like