নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণ উন্মাদনা ঘটনাৰ সাক্ষ্য

যোৰহাটৰ অনিমেষ ভূঞা নামৰ নিৰপৰাধী যুৱকজনৰ গণপ্রহাৰৰ বলি হৈ মৃত্যু হোৱাৰ পিছত এই হত্যাকাণ্ডৰ সাক্ষ্য প্রদান কৰিবলৈ আৰক্ষীয়ে ৰাইজলৈ আহ্বান জনাবলগীয়া হোৱা বিষয়টোৱে বিভিন্ন প্রশ্ণৰ অৱতাৰণা কৰিছে৷ যোৱা ২৯ নৱেম্বৰত যোৰহাট চহৰৰ মাজমজিয়াত দিন–দুপৰতে অনিমেষ ভূঞা নামৰ ছাত্র সন্থাৰ নেতাজন এক গণ উন্মাদনাৰ সন্মুখীন হৈ নির্মম প্রহাৰত মৃত্যুমুখত পৰিছিল৷ এই ঘটনাই ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ লগতে বিতর্কৰো সূত্রপাত ঘটাইছিল৷ কিয়নো এই গণপ্রহাৰ চলি থকা সময়ত ঘটনাস্থলীত উপস্থিত আছিল অগণন লোক৷ এই লোকসকলে এনে গণ উন্মাদনাৰ বিৰোধিতা কৰাৰ বিপৰীতে ম’বাইলত ৰেকর্ডিং কৰাতহে ব্যস্ত থকা বুলি ব্যাপক সমালোচনা হৈছিল৷ এই গণপ্রহাৰৰ ঘটনাৰ পিছত আৰক্ষীয়ে চাৰিজনীয়া এক বিশেষ তদন্তকাৰী গোটৰ জৰিয়তে তদন্ত প্রক্রিয়া আগুৱাই নিয়াৰ লগতে হত্যাকাণ্ডৰ মূল অভিযুক্তজনৰ আৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত মৃত্যু হয়৷ যোৰহাটৰ গণপ্রহাৰৰ সৈতে জড়িত আন দুর্বৃত্তসকলৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী উঠি থকাৰ সময়তে এতিয়া তদন্তকাৰী আৰক্ষীয়ে তদন্ত প্রক্রিয়া আগুৱাই নিবৰ বাবে সাক্ষ্যদান কৰিবলৈ আহ্বান জনোৱা বিষয়টোৱে প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে যোৰহাট চহৰৰ মাজমজিয়াত দিন–দুপৰতে খেদি খেদি গণপ্রহাৰ কৰি হত্যা কৰা অনিমেষ ভূঞাৰ হত্যাকাণ্ড সন্দর্ভত এইপর্যন্ত মাত্র ৪০জন লোকেহে সাক্ষ্য দিছে বুলি আৰক্ষীয়ে প্রকাশ কৰিছে৷ ইতিমধ্যে তদন্তকাৰী গোটে লাভ কৰা ভিডি’ ফুটেজৰ আধাৰত ১৫জনকৈ অভিযুক্তক গ্রেপ্তাৰ কৰিছে যদিও তদন্তকাৰী দলে ছিদ্রবিহীন অভিযোগনামা দাখিল কৰিব নোৱাৰিলে আইনৰ সুৰুঙাৰে এই অভিযুক্তসকল সাৰি যাবলৈ সক্ষম হ’ব বুলি সন্দেহ প্রকাশ কৰা হৈছে৷
অসমত শেহতীয়াকৈ গণ উন্মাদনাৰ ফলত হোৱা হত্যাকাণ্ডৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে৷ এনে পৰিপ্রেক্ষিতত এনে ঘটনাৰ সৈতে জড়িত অপৰাধীয়ে যদি দৃষ্টান্তমূলক শাস্তি নাপায়, তেনেহ’লে এই গণ উন্মাদনাৰ ঘটনা নিয়ন্ত্রণ কৰাটো অতিকৈ কঠিন হৈ পৰাটো স্বাভাৱিক৷ দোষীয়ে তাৎক্ষণিকভাৱে কঠোৰ শাস্তি লাভ কৰিলেহে জনসাধাৰণৰ মাজত অপৰাধপ্রৱণতা হ্রাস পোৱাটো পৰিলক্ষিত হয়৷ ইয়াৰ বিপৰীতে জঘন্য অপৰাধত জড়িত দোষীয়েও যদি আইনৰ সুৰুঙাৰে মুকলি আকাশৰ তলত সগৌৰৱে ঘূৰি থাকিবলৈ সক্ষম হয়, তেন্তে সমাজত অপৰাধ নিয়ন্ত্রণ কৰাটো কঠোৰ হৈ পৰে৷ যোৰহাটৰ গণ উন্মাদনাৰ এই ঘটনাৰ পিছত ৰাজ্যজুৰি দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপিত হৈছিল যদিও এতিয়া এই হত্যাকাণ্ডৰ ক্ষেত্রত সাক্ষ্যদানৰ প্রতি সেই সময়ত ঘটনাস্থলীত উপস্থিত লোকৰ অনীহাই বিপৰীত চিত্র এখনহে প্রতিফলিত কৰিছে৷ চৰকাৰ তথা প্রশাসনে যোৰহাটৰ অনিমেষ ভূঞা হত্যাকাণ্ডৰ পৰৱর্তী সময়ত তাৎক্ষণিকভাৱে কঠোৰ স্থিতি গ্রহণ কৰি সকলো ধৰণৰ পদক্ষেপ গ্রহণ কৰিছে৷ সুকীয়া তদন্তকাৰী গোট গঠনকে ধৰি বিশেষ আৰক্ষী সঞ্চালকপ্রধানক তদন্ত প্রক্রিয়া তদাৰক কৰিবলৈ দায়িত্ব অর্পণ কৰাৰ পিছত পৰৱর্তী প্রক্রিয়াসমূহত কিন্তু সচেতন নাগৰিকৰ সহযোগ নিতান্তই বাঞ্ছনীয়৷ গণ উন্মাদনা এক সামাজিক ব্যাধি হিচাপে চিহ্ণিত হৈ আছে৷ সমাজত যেতিয়া অপৰাধপ্রৱণতা আৰু অপৰাধীৰ সংখ্যা বৃদ্ধি পায়, তেতিয়াই অসহিষ্ণুতা, গণ উন্মাদনা আদিৰ সৃষ্টি হয়৷ এনে ব্যাধি নির্মূলৰ বাবে চৰকাৰ–প্রশাসন–আ লগতে জনসাধাৰণৰ সহযোগিতাও অতিকৈ জৰুৰী৷ প্রতিজন সচেতন নাগৰিকেই এনে উন্মাদনা আৰু অসহিষ্ণুতা আদিৰ বিৰুদ্ধে মাৰবান্ধি থিয় হ’ব লাগিব৷ এনে ঘটনা সংঘটিত হ’লে আৱেগিকভাৱে ইয়াৰ বিৰোধিতা কৰাই নহয়, ইয়াৰ সৈতে প্রকৃত দোষীয়ে যাতে শাস্তি লাভ কৰে সেয়া সচেতন নাগৰিকসকলে নিশ্চিত কৰিব লাগিব৷ তাৰ বাবে তেওঁলোকে এনে ঘটনাৰ তদন্তত সহযোগিতা কৰাৰ লগতে সাক্ষ্য প্রদানৰ দৰে ন্যায়িক দায়বদ্ধতাৰো পৰিচয় দিব লাগিব৷ তেতিয়াহে আমি গণ উন্মাদনা–গণপ্রহাৰ দৰে সামাজিক ব্যাধি নির্মূল কৰিবলৈ সক্ষম হ’ব পাৰিম৷

You might also like