অত্যধিক কামৰ বোজা! উপায়ুক্তৰ সভাকক্ষতেই ঢ়লি পৰি অকাল মৃত্যু শোণিতপুৰৰ বিদ্যালয় পৰিদর্শক তৰুণ চন্দ্র বৰাৰ
নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ শোণিতপুৰ জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদর্শক তৰুণ চন্দ্র বৰাৰ আকস্মিক বিয়োগত তেজপুৰ তথা শোণিতপুৰ আৰু বিশ্বনাথ জিলাত শোকৰ ছাঁ পৰাৰ সমান্তৰালভাৱে দুয়োখন জিলাৰ শিক্ষকসকলক ম্রিয়মাণ কৰি তুলিছে৷ অতি পাৰদশ্ তথা দক্ষ শিক্ষা বিষয়া হিচাপে বিগত এটা বছৰতেই প্রতিপন্ন কৰি সকলোৰে আপোন হৈ পৰা ডেকাৰ অকাল মৃত্যুত ম্রিয়মাণ শিক্ষকসকলে বিভাগীয় কামৰ বোজাৰ বাবেই এনে অঘটন ঘটিল বুলি উত্থাপন কৰা অভিযোগে সকলোকে উদ্বিগ্ণ কৰি তুলিছে৷ উল্লেখ্য যে শিক্ষা বিভাগৰ নির্দেশনা অনুসৰি আগন্তুক শীতকালীন শৈক্ষিক যাত্রাৰ কার্যসূচীৰ বাবে কালি জিলা উপায়ুক্তৰ কার্যালয়ৰ সন্মিলন কক্ষত কেইবাজনো জ্যেষ্ঠ প্রশাসনিক বিষয়াৰ লগতে শোণিতপুৰৰ আৰক্ষী অধীক্ষক, যুটীয়া স্বাস্থ্য সঞ্চালক আদিৰ সৈতে বৈঠকত অংশগ্রহণ কৰি থকাৰ মাজতেই হঠাৎ ঢ়লি পৰে শিক্ষা বিষয়া তৰুণ চন্দ্র বৰা৷ আকস্মিকভাৱে এনেদৰে ঢ়লি পৰি সংজ্ঞাহীন হৈ পৰাৰ পাছত তেওঁক ততাতৈয়াকৈ তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও শৰীৰৰ দ্রুত অৱনতি ঘটাত টাইমছ হাস্পতালত ভর্তি কৰোৱা হয়৷ তাৰ পাছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ জি এন আৰ চি হাস্পতাললৈ স্থানান্তৰ কৰা হয় যদিও আজি পুৱা তিনি বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ শোণিতপুৰ জিলাৰ লগতে বিশ্বনাথ জিলা সংমণ্ডলৰো বিদ্যালয়সমূহৰ পৰিদর্শকৰ দায়িত্বত থকা বৰাই জিলা প্রাথমিক শিক্ষা বিষয়া, ৰাষ্ট্রীয় মাধ্যমিক শিক্ষা অভিযানৰ জিলা সমন্বয়ক, উপ–পৰিদর্শক, জিলা প্রাপ্তবয়স্ক শিক্ষা বিষয়া, শোণিতপুৰ জিলাৰ পর্যটন বিভাগৰ অতিৰিক্ত দায়িত্ব, জিলাখনৰ দুখনকৈ আদর্শ বিদ্যালয়ৰ মুৰব্বীৰ দৰে সাত–আঠটাকৈ অতিৰিক্ত দায়িত্বত থাকি অত্যধিক মানসিক চাপত চৰকাৰী কাম কৰিব লগা হৈছিল বুলি সতীর্থ বিষয়া–কর্মচাৰী আৰু একাংশ শিক্ষক–শিক্ষয়িত্রীয়ে সদৰী কৰিছে৷ পূর্বে কোনো ধৰণৰ ৰক্তচাপজনিত ৰোগ আৰু মধুমেহজনিত ৰোগ নথকা সপ্রতিভ, কর্ম তৎপৰ শিক্ষা বিষয়াজনে এহ অত্যধিক দায়িত্বৰ মানসিক চাপৰ বাবেহ এনেদৰে অকাল মৃত্যুক আঁকোৱালি ল’ব লগা হ’ল বুলি আজি জিলাখনৰ একাংশ শিক্ষা বিষয়া, বিদ্যালয়সমূহৰ অধ্যক্ষ–প্রধানৰ লগতে তেওঁৰ সহধর্মিণীয়েও অভিযোগ উত্থাপন কৰিছে৷ বিভাগীয়ভাৱে লাভ কৰা কামৰ বোজাত ভাৰাক্রান্ত হৈ পৰাৰ কথা তেওঁ সময়ে সময়ে অৱগত কৰিছিল আৰু ঘনিষ্ঠ একাংশ শিক্ষকৰ আগত মন্তব্য কৰিছিল– ‘ওপৰৱালাৰ হেঁচা বহুত, এটা বা দুটা দিনতে কাম কৰি দিব লাগে, নমৰালৈকে কৰি যাব লাগিব৷’ আনকি পত্নীকো তেওঁ নিজৰ অত্যধিক কামৰ বোজাৰ কথা সঘনাই অৱগত কৰি আহিছিল৷ নগাঁও পলাশনিৰ স্থায়ী বাসিন্দা আৰু শেহতীয়াকৈ গুৱাহাটীত থাকিবলৈ লোৱা বৰাই মৃত্যুৰ সময়ত পত্নীৰ লগতে স্নাতক বর্ষত অধ্যয়ন কৰি থকা এগৰাকী কন্যা আৰু উচ্চতৰ মাধ্যমিক প্রথম বর্ষত অধ্যয়নৰত পুত্রক এৰি যায়৷ বৰাৰ অকাল মৃত্যুত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰৰ উপায়ুক্ত ভূপেশ চন্দ্র দাস, শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত দ্যোতিভা বৰা, শোণিতপুৰ জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক বিজয় কাণ্ডুলনা, তেজপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কর্মচাৰী সন্থাৰ লগতে বিভিন্ন শিক্ষক সংগঠনে গভীৰ শোক প্রকাশ কৰিছে৷ আনহাতে আজি শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত দ্যোতিভা বৰা বিদ্যালয়সমূহৰ পৰিদর্শকৰ কার্যালয়ত পুৱাই উপস্থিত হৈ কার্যালয়টোৰ বিষয়া–কর্মচাৰীসক সৈতে শোকসভা অনুষ্ঠিত কৰাৰ পাছত নগাঁৱৰ বাসগৃহত উপস্থিত হৈ নশ্বৰ দেহত শোণিতপুৰ জিলা প্রশাসনৰ হৈ শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ সেইদৰে উপায়ুক্তৰ কার্যালয়তো আজি জিলা উন্নয়ন আয়ুক্তৰ পৌৰোহিত্যত এখন শোকসভা অনুষ্ঠিত কৰি এক শোক প্রস্তাৱ গ্রহণ কৰা হয়৷