নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীৱন ৰক্ষাৰ বাবে এৰি চলক সমাগমঃ অমিক্রনৰ আশংকা: বৰদিন–নৱবর্ষৰ উৎসৱ বাতিলৰ আহ্বান ‘হু’ৰ

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ বৰদিন–নৱবর্ষৰ উৎসৱত অধিক জনসমাগম এৰাই চলিবলৈ জনসাধাৰণক পৰামর্শ আগবঢ়াইছে বিশ্ব স্বাস্থ্য সংস্থা (হু)ই৷ লক্ষণীয়ভাৱে বৰদিনৰ সময় চমু চাপি অহাৰ সময়তে বিশ্বৰ বিভিন্ন দেশত ক’ৰোনাৰ অমিক্রন প্রকৰণৰ সংক্রমণ দ্রুত হাৰত বৃদ্ধি পাইছে৷ ইউৰোপীয় দেশসমূহত এই সংক্রমণৰ হাৰ আৰু অধিক৷ বর্তমানো অমিক্রনৰ মাৰণ ক্ষমতা ডেল্টা প্রকৰণৰ তুলনাত বেছি নে কম, সেয়া নিশ্চিত কৰিব পৰা নাই বিশ্ব স্বাস্থ্য সংস্থাই৷

ইয়াৰ পৰিপ্রেক্ষিতত মানুহক সতর্ক হৈ থকাৰ আহ্বান জনাইছে সংস্থাটোৰ মুৰব্বী টেড্র’ছ আধানম ঘেব্রিয়েছাছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্রধান ঘেব্রিয়েছাছে উল্লেখ কৰিছে যে জীৱনটোক বাতিল কৰি দিয়াতকৈ সমাগম বাতিল কৰাটো এই সময়ত বিশ্ববাসীৰ বাবে উৎকৃষ্ট হ’ব৷ স্মর্তব্য যে বৰদিনৰ সময়ত অৱসৰ বিনোদনৰ বাবে বহু লোকে বিভিন্ন স্থানলৈ ভ্রমণ কৰিবলৈ যায়৷ এই সময়ছোৱাত বিভিন্ন স্থানত বিশাল জনসমাগমো সৃষ্টি হয়৷ এনে জনসমাগমে অমিক্রনৰ সংক্রমণ অধিক ভয়াৱহ কৰিব পাৰে বুলি আংশকা কৰিছে সংস্থাটোৱে৷

You might also like