নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাতৃয়ে পেলাই যোৱা কন্যাশিশুক গোটেই নিশা পহৰা দিলে কুকুৰে

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ  সদ্যোজাত কন্যাশিশু এটিক মাতৃয়ে পেলাই থৈ গৈছিল৷ কন্যাশিশু হোৱা বাবেই মাতৃয়ে পৰিত্যাগ কৰি শিশুটিক পেলাই থৈ গৈছিল যদিও গোটেই নিশা এই শিশুটিক ৰক্ষণাবেক্ষণ দিলে অন্য এক মাতৃয়ে৷ এই ঘটনাক লৈ ছত্তিশগড়ৰ গাঁৱত সৃষ্টি হৈছে চাঞ্চল্য৷ ৰাজ্যখনৰ মুংগেলি জিলাৰ ছৰিছটাল গাঁৱত ঘটিছে এই ঘটনা৷ পুৱাৰ ভাগতে পথাৰৰ এক জাৰণিৰ কাষত শিশুটিৰ কান্দোন শুনিবলৈ পাইছিল গাঁৱৰ কেইবাজনো লোকে৷ এই কান্দোন অনুসৰণ কৰি গৈ জাৰণিৰ কাষ পাই বিস্মিত হৈ পৰে লোকসকল৷ কাৰণ সম্পূর্ণ নগ্ণ অৱস্থাত থকা শিশুটিৰ ওচৰত প্রহৰী হৈ আছিল এটি কুকুৰ৷ লগত কুকুৰটোৰ কেইবাটাও পোৱালি৷ লক্ষণীয়ভাৱে এই জাৰণিৰ কাষতেই কুকুৰটোৱে পোৱালি জন্ম দিছিল৷ নির্দয় মাতৃয়ে শিশুটিক এনেদৰে পেলাই থৈ যোৱাৰ পিছত নিজ পোৱালিকেইটাৰ সৈতে ওচৰলৈ আহি কুকুৰটোৱে মানৱ শিশুটিক গোটেই ৰাতি পহৰা দি আছিল৷ এনেদৰে শিশুটিক কুকুৰটোৱে ৰক্ষণাবেক্ষণ দি মানৱ সমাজৰ বিবেকক আঘাত হানিছে৷ আশ্চর্যকৰ কথাটো হৈছে শিশুটিৰ শৰীৰত কোনো ধৰণৰ আঁচোৰ পৰিবলৈ দিয়া নাছিল কুকুৰটোৱে৷

You might also like