সুধিবলগীয়া প্রশ্নবোৰ নিবিচৰা উত্তৰবোৰ
গুচি যাব পাৰিনে সকলো এৰি?? মানুহগৰাকীক দিব পৰা উত্তৰ মোৰ নাছিল৷ প্রবল সাহসী মানুহগৰাকীৰ দুচকুলৈ চাই থকাৰ শক্তি মোৰ নাছিল৷ উচ্চস্বৰে হাঁহি হাঁহি তেওঁ উঠি গৈছিল মোৰ কাষৰ পৰা৷ অসময়ত এনেদৰে কোনোবাই হাঁহিলে মই অসহজ হৈ পৰোঁ৷ স্থানু, অবাক মোক তেওঁ কৈ থৈ গ’ল– গুচি নাযাবা কিন্তু, মই চাহ কৰিবলৈ যাওঁ৷ এখন নামজ্বলা কলেজৰ অধ্যাপিকা ললিতা দেৱীক মই সেইদিনা অন্য ৰূপত আৱিষ্কাৰ কৰিলোঁ৷ ৰহস্যময় যেন হৈ পৰা পৰিৱেশটো এৰি থৈ উঠি আহিবলৈ মন গৈছিল যদিও তেওঁক উপেক্ষা কৰাৰ সাহসো মোৰ নাছিল৷ ললিতা দেৱীৰ সৈতে মোৰ চিনাকি হৈছিল আজিৰ পৰা এবছৰমানৰ আগতে এখন গ্রন্থ উন্মোচনী সভাত৷ সভাত মোৰ কাষতে বহা মানুহগৰাকীয়ে পাতল সেউজীয়া বৰণৰ পাটৰ কাপোৰ এযোৰ পিন্ধিছিল৷ তেওঁৰ শৰীৰৰ পৰা নিগৰি আহিছিল মিঠা সুগন্ধি৷ শান্ত–সৌম্য মানুহগৰাকীৰ দেখিবলৈ ভাল লাগি যোৱা ব্যক্তিত্ব৷ সময়তকৈ সভাখন কিছু পলমকৈ আৰম্ভ হোৱাত উপযাচি তেওঁৰ লগত চিনাকি হ’লোঁ৷ আচৰিত হ’লোঁ, ভালো লাগিল জানি যে মই সদায় অহা–যোৱা কৰাৰ পথতেই তেওঁৰ ঘৰ৷ ইতিমধ্যে তেওঁৰ কেইবাখনো কিতাপ প্রকাশ হৈছিল৷ কম সময়ৰ চিনাকিতে তেওঁ মোক নিজৰ ঘৰলৈ নিমন্ত্রণ জনালে৷ মাজে সময়ে হোৱাটছএপত আমি দুয়ো কথা পাতো৷ ব্যস্ততা, মহামাৰী আদি অজস্র অজুহাতত ললিতা দেৱীৰ ঘৰলৈ যোৱাৰ সময় মই উলিয়াব পৰা নাছিলোঁ৷ কিন্তু বাটেৰে অহা–যোৱা কৰোঁতে তেওঁৰ ঘৰলৈ এবাৰ চোৱাটো অভ্যাসত পৰিণত হৈছিল৷ ঘৰটোৰ চৌহদত কেইবাজোপাও ডাঙৰ ডাঙৰ গছ আছে৷ ডাঙৰ গেট আৰু চৌহদত ওখ দেৱালৰ বাবে বাহিৰৰ পৰা ভালদৰে একোকে নেদেখি৷ এদিন কিন্তু মোৰ অফিচৰ পৰা উভতি অহাৰ বাটত বৰষুণ আৰম্ভ হ’ল৷ হঠাতে অহা বৰষুণজাকে শাম কটাৰ নামেই নোলোৱা হ’ল৷ মই ৰিক্সাত ঘৰমুখী হৈছিলোঁ৷ কিন্তু ইতিমধ্যে পথত যথেষ্ট পানী উঠিছিল আৰু ৰিক্সাচালকজনে আগলৈ যোৱাত আপত্তি দর্শাইছিল৷ মই উপায়হীন হৈ পৰিছিলোঁ৷ হঠাতে মনত পৰিল ললিতা বাইদেউৰ কথা৷ তেওঁক ফোন কৰি ঘৰত আছেনে সুধিলোঁ৷ আছে বুলি কোৱাত মই তেওঁৰ ঘৰলৈ গৈ আছো বুলি জনালোঁ৷ পদূলিতে তেওঁ মোৰ বাবে ৰৈ আছিল৷ ডাঙৰ ছাতি এটাৰ তলত মোক সুমুৱাই তেওঁ নিজৰ ঘৰলৈ লৈ গ’ল৷ গেটৰ পৰা তেওঁলোকৰ ঘৰৰ প্রধান দুৱাৰলৈকে এটা দীঘলীয়া পকী সৰু পথ৷ পথটোৰ দুয়োকাষে ফুলি আছে কামিনী কাঞ্চন ফুল৷ মই কোনোবাই কোৱা শুনিছিলোঁ যে এই ফুলপাহ ফুলিলেই বৰষুণ দিয়ে৷ ফুলৰ সুবাসে চাৰিওদিশ আমোলমোলাই আছিল৷ কোনো কথা নপতাকৈ আমি দুয়ো তেওঁলোকৰ চ’ৰাঘৰ পালোঁগৈ৷ চ’ৰাঘৰটোত দেখিলোঁ কেইবাখনো বিখ্যাত পেইণ্টিং আৰু কিতাপৰ সুবৃহৎ আলমিৰা৷ মনটো ভাল লাগি গ’ল এনে এক পৰিৱেশলৈ আহিবলৈ পাই৷ কিন্তু হঠাতেই ভিতৰৰ পৰা কোনো যুৱকে আর্তনাদ কৰাৰ দৰে শব্দ ভাহি আহিল৷ মই উচপ খাই উঠিলোঁ৷ বাইদেৱে মোলৈ চাই ক’লে– চিন্তা নকৰিবা, মই তোমাক সকলো কথা ক’ম বুলি ভাবিয়েই আছিলোঁ৷ তুমি মুখ–হাত মোহাৰিবলৈ মই এখন গামোচা লৈ আনো ৰ’বা৷ বাইদেৱে ভিতৰলৈ গৈ কাৰোবাক নিচুকোৱাৰ সুৰত শুই থাকা বুলি কোৱা শুনিলোঁ৷ ক্ষন্তেকতে হাতত গামোচা এখন লৈ বাইদেউ উভতি আহিল৷ তেতিয়ালৈকে মই নাজানিছিলো বাইদেউ বিবাহিত নে অবিবাহিত৷ অৱশ্যে ব্যক্তিগত কথা নিজে নক’লে মানুহক পেৰি পেৰি সোধাৰ স্বভাৱ মোৰ নাই৷ মোৰ কাষতে বহি থকা বাইদেৱে হয়তো বুজি পাইছিল যে মোৰ মনত অজস্র প্রশ্ণৰ ঢ়ৌ উঠিছে৷ গল খেকাৰি মাৰি তেওঁ কথা ক’বলৈ প্রস্তুত হ’ল৷ বাইদেৱে মোৰ দুহাত নিজৰ হাতত সামৰি ল’লে আৰু কৈ গ’ল তেওঁৰ জীৱনৰ গোপন কিছু কথা৷ চাহ খেতিয়ক দেউতাকৰ তিনিটা সন্তানৰ ভিতৰত বাইদেউ আছিল মাজু৷ এজন ককায়েক আৰু এজন ভায়েকৰ মাজত বাইদেউ সকলোৰে বৰ মৰমৰ আছিল৷ তেওঁলোকৰ প্রকৃত ঘৰ আছিল গোলাঘাটত৷ কিন্তু দেউতাকে গুৱাহাটীত ঘৰ কৰিছিল নিজৰ সন্তানক ভালৰো ভাল বিদ্যালয়ত পঢ়ুওৱাৰ আশাৰে৷ সন্তানৰ প্রতি মৰমিয়াল যদিও তেওঁলোকৰ দেউতাক আছিল একাচেকা বিধৰ৷ বাইদেউৰ মতে দেউতাকৰ স্বভাৱ–চৰিত্র ইংৰাজৰ দিনৰ বাগানৰ মেনেজাৰবোৰৰ দৰেহে আছিল৷ ঘৰৰ লগুৱা–লিকচৌসকলে তেওঁলৈ যথেষ্ট ভয় কৰিছিল৷ বাইদেউৰ মাক অৱশ্যে সু শিক্ষিতা সাদৰী নাৰী আছিল৷ তেওঁলোকৰ ঘৰত ৰমলা নামৰ এগৰাকী মহিলাই কাম কৰিছিল৷ বিধৱা ৰমলাৰ এজনী বাইদেউতকৈ সৰু মৰমলগা ছোৱালী আছিল৷ পঢ়া–শুনাত বাইদেউহঁত মেধাৱী আছিল৷ কিন্তু ঘৰখনত কঠোৰ অনুশাসনত চলা তিনিওটা সন্তানে ঘৰৰ বাহিৰ হোৱাৰ সুযোগ পালেই মন খুলি জীৱন উপভোগৰ চেষ্টা চলাইছিল৷ ৰমলাই ললিতা বাইদেউৰ লগতে তেওঁৰ ককায়েক আৰু ভায়েকক যথেষ্ট মৰম কৰিছিল৷ বাইদেউহঁতৰ দেউতাক কেইবাদিনৰ বাবে মাজে মাজে গোলাঘাটত থাকিবলৈ গৈছিল বাগানৰ কামত৷ সেইকেইদিনত ৰমলাৰ বাৰীৰ আম, কঁঠালৰ জুতি ল’বলৈ বাইদেউহঁত ৰমলাৰ ঘৰৰ আলহী হৈছিলগৈ৷ ৰমলাৰ কিশোৰী কন্যা আৰু ললিতা বাইদেউৰ ককায়েকৰ মাজত এক অজান আকর্ষণে গা কৰি উঠিছিল৷ সেই কথা ললিতা বাইদেউৰ মাকৰ চকুত পৰিছিল আৰু দুয়োকে সতর্কও কৰি দিছিল যে দেউতাকে গম পালে কথা বিষম হ’ব৷ কিন্তু ললিতাৰ ককায়েক বিনোদ আছিল স্পষ্টবাদী৷ উচ্চতৰ মাধ্যমিক পঢ়ি থকা বিনোদে মাকক কৈছিল যে ৰমলাৰ জীয়েক সোণমণি আৰু তাৰ মাজত গঢ় লৈ উঠা আত্মীয়তাত কোনো পাপ নাই৷ সি তাইক ভাল পায়৷ ভয়াতুৰ মাকে বিনোদক অনুৰোধ কৰিছিল প্রেমৰ কথা পাহৰি পঢ়া–শুনাত মন দিবলৈ৷ মেধাৱী বিনোদে জীৱনৰ লক্ষ্য স্থিৰ কৰি লৈছিল৷ চিকিৎসক হোৱাৰ সপোন দেখা বিনোদে কঠোৰ পৰিশ্রম কৰি মেডিকেল কলেজত ছীট পাবলৈ সক্ষম হৈছিল৷ সোণমণি আৰু বিনোদৰ প্রেমো গাঢ় হৈছিল৷ এদিন বিনোদৰ দেউতাকে দুয়োৰে মাজৰ এই সম্পর্কৰ কথা জানিবলৈ পালে৷ ক্রুদ্ধ হৈ পৰা দেউতাকে ৰমলাক তেওঁলোকৰ ঘৰত আৰু বন কৰিবলৈ আহিব নালাগে বুলি পাবলগীয়া ধনখিনি দি বিদায় দিলে৷ কিন্তু বিনোদৰ মনৰ পৰা সোণমণিৰ স্মৃতি মোহাৰিবলৈ তেওঁ সক্ষম নহ’ল৷ চিকিৎসক হৈ ওলাই আহি বিনোদে সোণমণিক নিজৰ কৰি ল’বলৈ দেউতাকৰ ওচৰত অনুমতি বিচাৰিলে৷ দেউতাকে বিনোদৰ প্রস্তাৱ মানি লোৱাতো বাদেই, গোলাঘাটৰে এজন বন্ধুৰ জীয়ৰীৰ লগত বিনোদৰ বিয়াহে ঠিক কৰিলে৷ বিনোদে জোৰোণৰ আগদিনা সোণমণিক মন্দিৰত বিয়া কৰালে৷ খবৰটো পোৱাৰ লগে লগে বিনোদৰ দেউতাক হতভম্ব হৈ পৰিল৷ তেওঁ বিনোদক ত্যাজ্যপুত্র ঘোষণা কৰিলে৷ ইতিমধ্যে ললিতা বাইদেৱে সুখ্যাতিৰে স্নাতক উত্তীর্ণ হোৱাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ত নামভর্তি কৰিছিল৷ তেওঁ আছিল পদার্থ বিজ্ঞানৰ ছাত্রী৷ বাইদেউৰ মন–মগজুত দেউতাকে সুমুৱাই দিছিল যে দেউতাকে পছন্দ কৰা যুৱকৰ বাহিৰে ললিতা বাইদেৱে আন কোনো যুৱকক জীৱনসংগী কৰিব নোৱাৰিব৷ ইতিমধ্যে ককায়েকৰ সিদ্ধান্তৰ বাবে ঘৰৰ সলনি হোৱা পৰিৱেশ দেখিয়েই ললিতা বাইদেৱেও দেউতাকৰ কথা মতেই জীৱনৰ সিদ্ধান্ত ল’ব বুলি মনস্থ কৰিছিল৷ কিন্তু বিশ্ববিদ্যালয়ত সুন্দৰী প্রতিভাশালী বাইদেউৰ প্রেমত পৰিল এজন ইছলামধর্মী যুৱক৷ মনক যিমানেই নিয়ন্ত্রণ নকৰক কিয়, নিজৰ লগত যিমানেই যুদ্ধ নকৰক কিয়, হূদয়ৰ তাগিদাৰ ওচৰত অজানিতেই বাইদেৱেও শিৰনত কৰিলে৷ ভয়, শংকাৰে বাইদেউ আৰু সেই যুৱকৰ প্রেমৰ সম্পর্ক আগবাঢ়িল৷ বাইদেউৰ ভায়েক আছিল উদাৰ মনৰ প্রগতিশীল যুৱক৷ বাইদেউ আৰু সেই যুৱকজনৰ সম্পর্কৰ কথা তেওঁ জানিছিল আৰু দুয়োকে সমর্থন কৰিছিল৷ কিন্তু দুর্ভাগ্যক্রমে এক পথ দুর্ঘটনাত চিৰদিনৰ বাবে বাইদেউৰ ভায়েক পংগু হৈ পৰিল৷ খোজকঢ়া বাদেই, তেওঁ কথা কোৱাৰ শক্তিও হেৰুৱাই পেলালে৷ ঘৰখনলৈ অহা সমস্যাবোৰৰ কথা গম পাই বিনোদে সকলো মান–ভিমান এৰি ঘৰলৈ ঢ়পলিয়াই আহিছিল৷ কিন্তু মিছা অহংকাৰত ওফন্দি থকা দেউতাকে বিনোদক ঘৰত সোমাবলৈকে নিদিলে৷ ভায়েকৰ চিকিৎসাত বহু টকা ব্যয় হ’ল যদিও ভায়েক সুস্থ হৈ নুঠিল৷ দেউতাকে ললিতা বাইদেউৰ সম্পর্কটোৰ কথাও জানিবলৈ পালে আৰু সেই যুৱকজনৰ লগত বাইদেউ বিয়া হ’লে তেওঁকো বিনোদৰ দৰেই ত্যাজ্যপুত্রী কৰিব বুলি ঘোষণা কৰিলে৷ লাহে লাহে দেউতাকৰ শৰীৰটো বিভিন্ন ৰোগৰ বাহ হৈ পৰিল৷ আচৰিতভাৱে দেউতাকে ললিতা বাইদেউৰ বিয়াৰ প্রসংগ কোনোবাই উলিয়ালেই বিষয়টো গাপ দি থ’বলৈ চেষ্টা কৰাহে সকলোৱে দেখিবলৈ পালে৷ ললিতাৰ প্রেমাস্পদে লাহে লাহে অনুভৱ কৰিলে যে ললিতাৰ লগত আৰু কেতিয়াও তেওঁৰ বিবাহ নহয়৷ তেওঁ বিদেশলৈ গৱেষণাৰ বাবে গুচি গ’ল৷ লাহে লাহে বাইদেউৰ বিয়াৰ বয়সে মেলানি মাগিলে৷ চহৰৰ নামজ্বলা কলেজত অধ্যাপিকা বাইদেউৰ পৃথিৱীখন চলিবলৈ ধৰিলে অসুস্থ মাক–দেউতাক আৰু ভায়েকক লৈ৷ এই তিনিওজন মানুহৰ যেন আশা–ভৰসাৰ থল ললিতা বাইদেউ৷ তেওঁ নিজৰ সকলো সপোন, আকাংক্ষাক কবৰ দি দিনে–ৰাতিয়ে তিনিজন মানুহৰ শুশ্রূষা আৰু টকা ঘটাত ব্যস্ত হৈ থাকিল৷ মনৰ কথা খুলি ক’বলৈও লগ এটা নোহোৱা বাইদেউ হৈ পৰিল এগৰাকী বিষণ্ণ নাৰী৷ এসময়ত দেউতাকৰ মৃত্যু হ’ল৷ বাইদেউৰ মাক আৰু ভায়েক এতিয়াও জীয়াই আছে৷ বাইদেৱে নিজৰ দুখবোৰক সমল হিচাপে লৈ লিখি উলিয়ালে উপন্যাস৷ তেওঁৰ কবিতা বৌদ্ধিক মহলৰ আলোচনাৰ বিষয়৷ দেউতাকে মৃত্যুৰ সময়ত বাইদেউৰ পৰা প্রতিশ্রুতি ল’লে যে তেওঁ যেন আমৃত্যু ভায়েকৰ শুশ্রূষা কৰিব৷ ইতিমধ্যে বিবাহৰ চিন্তা মনৰ পৰা বাদ দিয়া বাইদেৱে ভায়েকৰ বাবেই জীয়াই থকাৰ সংকল্প লৈছিল৷ কিন্তু কেতিয়াবা জীৱনৰ পৰা তেওঁ কি পালে সেই কথা হিচাপ কৰিলে হতাশাত ভুগি আত্মহননৰ দৰে চিন্তাও মনলৈ আহে বুলিও বাইদেৱে মোক নিঃসংকোচে ক’লে৷ যন্ত্রণাত কাতৰ ভায়েকৰ লগত উজাগৰী নিশা কটোৱা বাইদেৱেও বিচাৰে কাৰোবাৰ এষাৰ মৰমৰ মাত, স্নেহৰ স্পর্শ৷ দৰবৰ গোন্ধ আৰু মাক–ভায়েকৰ যন্ত্রণাৰ চিঞৰবোৰে বাইদেউক কেতিয়াবা জীৱনৰ প্রতি বীতশ্রদ্ধ কৰি তোলে৷ কিন্তু পুনৰ তেওঁ নিজক বুজাই–বঢ়াই দেউতাকক দিয়া প্রতিশ্রুতিৰ কথা মনলৈ আনি খোজবোৰ আগলৈ দিয়াৰ চেষ্টা চলায়৷
বাইদেউক সাত্ব্ন্না দিবলৈ কোনো শব্দ মই বিচাৰি নাপালোঁ বা সাত্ব্ন্নাৰ বাণীৰে তেওঁৰ স্বাভিমানক আঘাত কৰাৰ সাহসো মোৰ নাছিল৷ মোক কথাবোৰ কৈ বাইদেৱে দীঘলকৈ হুমুনিয়াহ কাঢ়িছিল৷ চাহ কৰিবলৈ ভিতৰলৈ উঠি যোৱা বাইদেউৰ যন্ত্রণাকাতৰ জীৱনৰ কাহিনীয়ে মোৰ অন্তৰাত্মা কঁপাই তুলিলে৷ কেইবাবিধো খোৱাবস্তুৰে প্লেট সজাই আনি বাইদেৱে মোক চাহ দিলে৷ সাদৰী মাতেৰে কৈ থাকিল– ‘দিনত বা কি খালা, অফিচৰ পৰা উভতি অহালৈ চাগে তোমাৰ বহুত ভোক লাগে৷ সকলোৱে কয় মই বোলে ভাল ৰান্ধো৷ কিন্তু দুজন অসুখীয়া মানুহৰ বাবে ৰন্ধা সিজোৱা খাদ্যৰ বাহিৰে আজিকালি নিজৰ বাবে একোকে ৰন্ধা নহয়৷ এদিন আহিবা মনৰ হেঁপাহেৰে দুয়ো এসাঁজ খাম৷’ মোৰ দুচকু চলচলীয়া হৈ পৰিছিল৷ বাইদেৱে হয়তো বুজি পাইছিল৷ তেওঁ মাথোঁ কৈছিল যে এতিয়া আৰু চকুপানী টুকি তেওঁ নিজক দুর্বল নকৰে৷ বৰষুণ শাম কাটিছিল৷ মই ঘৰলৈ আহি বাইদেউৰ কথাকে ভাবি আছিলোঁ৷ মনত পৰিল হোমেন বৰগোহাঞি ছাৰে কোৱা এষাৰ কথা– ‘জীৱনটো এটা নির্দিষ্ট ৰূপত গঢ় লৈ উঠে– যেতিয়া আমি কিছুমান প্রশ্ণৰ উত্তৰ নিবিচৰা হওঁ, আৰু যেতিয়া আমাৰ জীৱনৰ লগত আমাক মুখামুখি কৰি দিব পৰাকৈ আমি কিছুমান প্রশ্ন সুধিবলৈ শিকোঁ৷’ বাইদেৱে হয়তো সেই প্রশ্ণবোৰ সুধিবলৈ ইতিমধ্যেই শিকিলে৷