নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমিক্রনৰ বাবে প্রধানমন্ত্রী মোদীৰ ইউএই ভ্রমণ স্থগিত

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ   বিশ্বজুৰি আৰম্ভ হৈছে ক’ভিডৰ পৰিৱর্তিত প্রকৰণ অমিক্রনৰ সংক্রমণৰ সংহাৰ৷ এই অমিক্রনৰ সংহাৰৰ বাবেই প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ২০২২ চনৰ প্রথমটো বিদেশ ভ্রমণ স্থগিত ৰখা হৈছে৷ প্রধানমন্ত্রীয়ে নিজেই এই সিদ্ধান্ত গ্রহণ কৰিছে৷ জানুৱাৰীৰ প্রথম সপ্তাহত মোদীয়ে বর্ষটোৰ প্রথম বিদেশ ভ্রমণসূচী লৈ সংযুক্ত আৰব আমিৰশ্বাহী (ইউএই)লৈ যোৱাৰ কথা আছিল৷ কিন্তু অমিক্রনৰ সংহাৰৰ বাবে আগন্তুক ৬ জানুৱাৰীত হ’বলগীয়া প্রধানমন্ত্রী মোদীৰ ইউএই ভ্রমণ স্থগিত ৰখা হৈছে৷ প্রধানমন্ত্রীৰ কার্যালয়ৰ পৰা আজি এই কথা স্পষ্ট কৰি দিয়া হৈছে৷ পৰিস্থিতিৰ উন্নতি ঘটিলে আগন্তুক ফেব্রুৱাৰী মাহৰ প্রথম সপ্তাহত প্রধানমন্ত্রীগৰাকীয়্ ইউএই ভ্রমণ কৰিব পাৰে৷ স্মর্তব্য যে ক’ৰোনাৰ প্রথম আৰু দ্বিতীয় জোৱাৰৰ পিছত প্রায় দুবছৰ ধৰি বিদেশ ভ্রমণৰ পৰা বিৰত আছিল প্রধানমন্ত্রী মোদী৷

You might also like