নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইবাহীত পথ সুৰক্ষা সজাগতাৰ উপৰত বাটৰ নাট প্ৰদৰ্শন চৰাইবাহী মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰীৰ

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ ৰাজ্যত দূৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাই অহাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে পৰিৱহণ বিভাগৰ লগতে আন আন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ জৰিয়তে বিভিন্ন মাধ্যমৰ জৰিয়তে পথ সুৰক্ষাৰ সজাগতা বৃদ্ধি কৰি আহিছে ৷ এই ক্ষেত্ৰত আজি পথ সুৰক্ষা সজাগতা বৃদ্ধিৰ উদ্দেশ্যে মৰিগাঁও জিলাৰ চৰাইবাহী মহাবিদ্যালয় অসমীয়া বিভাগৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ অংশকালিন সহকাৰী অধ্যাপক লক্ষ্যজ্যোতি হাজৰিকাৰ পৰিচালনাত চৰাইবাহী অঞ্চলৰ তিনি স্থানত এখনি বাটৰ নাট প্ৰদৰ্শন কৰা হয় ৷ চৰাইবাহী অঞ্চলৰ তেতেলীতল তিনিআলি , চন্দ্ৰপুৰ চাৰিআলি আৰু বৰভগীয়া বকুলতল তিনিআলিত ছাত্ৰছাত্ৰী সকলে প্ৰদৰ্শন কৰা বাটৰ নাট খনৰ জৰিয়তে সকলোৱে যাতে পথ সুৰক্ষা আইনৰ সকলো নীতি নিয়ম মানি চলে তাৰ বাবে আহ্বান জনাই ৷

You might also like