মৰিয়নিত কিংশুক মহিলা চ’ৰাৰ সভা সম্পন্ন

বিশেষ বাৰ্তা, ১১ আগষ্টঃ মৰিয়নিৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কিংশুক ক্ৰীড়া-সাংস্কৃতিক চ’ৰাৰ ভগ্নী সংগঠন কিংশুক মহিলা চ’ৰাৰ এখনি গুৰুত্বপূৰ্ণ সভা আজি কিংশুক ভৱনত অনুষ্ঠিত হৈ যায়। কিংশুকৰ সভাপতি, বিশিষ্ট শিল্পী তৰুণ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে মহিলা চ’ৰাৰ সম্পাদিকা ৰূপামনি বৰাই। সভাখনত কিংশুকৰ প্ৰতিষ্ঠাপক সম্পাদক তথা বৰ্তমানৰ উপদেষ্টা, শিক্ষাবিদ ৰঞ্জিত গোহাঁইবৰুৱা, প্ৰতিষ্ঠাপক সদস্য তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অৰূপ চেতিয়া ( সুৰেন ) আদিয়ে পৰামৰ্শমূলক বক্তব্য প্ৰদান কৰে। আনহাতে, মহিলা চ’ৰাৰ ন – সদস্যা নিৰু গোহাঁই গগৈ, বিনীতা শইকীয়া বৰা, মনমী বৰুৱা শইকীয়া, বন্তি হাজৰিকা দত্ত আদিয়েও বক্তব্য প্ৰদান কৰি অনুষ্ঠানটো আগুৱাই নিয়াৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে। কিংশুকৰ প্ৰাক্তন সম্পাদক দিলীপ চাহু, তপন চক্ৰৱৰ্তী, ৰাজীৱ ভূঞা, প্ৰণীত বৰ্মন, কিংশুক মহিলা চ’ৰাৰ সভানেত্ৰী উষা পাওগাম, দিব্যজ্যোতি শইকীয়া আদি উপস্থিত থকা সভাখনত কেবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আনহাতে, ২৯ আগষ্টত শ্ৰী শ্ৰী শংকৰদেৱৰ তিথি কিংশুক মহিলা চ’ৰাৰ উদ্যোগত অনুষ্ঠিত কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

Featured