বৰাগাঁৱত চৰকাৰী ভূমি বেদখল ভূ–মাফিয়াৰ

মহানগৰ জিলা উপায়ুক্ত, তদাৰকী–দুর্নীতি নিবাৰক শাখাত অভিযোগ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ গুৱাহাটী মহানগৰীত একাংশ ভূ–মাফিয়াই চৰকাৰী মাটি দখল কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ শেহতীয়াকৈ মহানগৰীৰ বৰাগাঁৱৰ নিজৰাপাৰাত হাজোৰ আনোৱাৰ হুছেইন নামৰ এজন ভূ–মাফিয়াই ১০ বিঘা চৰকাৰী ভূমি দখল কৰি অসামাজিক কার্যকলাপ চলাই অহাৰ অভিযোগ উঠিছে৷ চৰকাৰী ভূমি দখল কৰি আনোৱাৰ হুছেইন নামৰ লোকজনে অঞ্চলটোত বে–আইনী কার্যকলাপ চলাই থকাৰ লগতে গছ–গছনি কাটি অবৈধ অট্টালিকা নির্মাণ কৰিছে৷ প্রশাসনৰ অনুমতি অবিহনে নির্মাণ কৰা বাসগৃহ একাংশ সন্দেহজনক লোকক ভাৰাত দিছে আনোৱাৰ হুছেইন আৰু তেওঁৰ পত্নী মঞ্জু বিবিয়ে৷ চৰকাৰী ভূমি বেদখল কৰা আনোৱাৰ হুছেইন আৰু পত্নী মঞ্জু বিবিৰ বিৰুদ্ধে ১২নং ৱার্ড নাগৰিক সুৰক্ষা মঞ্চই জিলা উপায়ুক্তক বিগত বর্ষত অভিযোগ দাখিল কৰিছিল৷ জিলা প্রশাসন আৰু বিভাগীয় কর্তৃপক্ষই এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা নাছিল৷ ৰাইজৰ অভিযোগৰ প্রতিলিপি মুখ্যমন্ত্রী, মুখ্য সচিব আৰু জিএমচিৰ আয়ুক্তলৈও প্রেৰণ কৰিছিল৷ চৰকাৰী ভূমি বেদখল কৰি নামে–বেনামে সম্পত্তিৰ পাহাৰ গঢ়া আনোৱাৰ হুছেইন আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে যোৱা ৭ জানুৱাৰীত তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাত হাজোৰ মোহাজাৰ আলী নামৰ লোকজনে এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাই যোৱা ১৪ জানুৱাৰীত এসপ্তাহৰ ভিতৰত মঞ্জু বিবিক অভিযোগৰ সত্যাসত্য আৰু সম্পত্তিৰ তথ্যপাতি দাখিল কৰিবলৈ নির্দেশ দিছে৷

Comments (0)
Add Comment