নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়াত বনজুইৰ বিধ্বংসী ৰূপ

বনজুইৰ বিধ্বংসী ৰূপ

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ  বিধ্বংসী বনজুয়ে প্রায় দুমাহ ধৰি অষ্ট্রেলিয়াৰ বিভিন্ন স্থানত সৃষ্টি কৰিছে তাণ্ডৱ৷ এই বনজুইৰ ফলত ভিক্টোৰিয়া প্রদেশত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে তাপমাত্রা৷ প্রদেশখনৰ ন ন অঞ্চললৈ জুই সম্প্রসাৰিত হোৱাৰ পিছত কেইবাহাজাৰো লোকে নিৰাপদ স্থানলৈ পলায়ন কৰিছে৷ ভিক্টোৰিয়াৰ ইষ্ট গিবছলেণ্ড পর্যটন ক্ষেত্রত অৱসৰ–বিনোদন কটাই থকা কেইবাহাজাৰো বিদেশী পর্যটকক তাৎক্ষণিকভাৱে নিৰাপদ স্থানলৈ আঁতৰি যোৱাৰ বাবে নির্দেশ জাৰি কৰিছে প্রশাসনে৷ স্মর্তব্য যে অষ্ট্রেলিয়াৰ ভিক্টোৰিয়া ছিডনীকে ধৰি বিভিন্ন স্থানত বনজুইৰ বাবে তাপমাত্রা ৪০ ডিগ্রী চেণ্টিগ্রেডলৈ বৃদ্ধি পাইছে৷