নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০২ লাখ কোটিৰ আন্তঃগাঁথনিৰ পৰিকল্পনা ঘোষণা কেন্দ্রীয় বিত্তমন্ত্রীৰ

কেন্দ্রীয় বিত্তমন্ত্রীৰ নতুন পৰিকল্পনা

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ পৰৱর্তী পাঁচ বছৰৰ বাবে ১০২ লাখ কোটি টকাৰ পৰিকল্পনা প্রকল্প আজি ঘোষণা কৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে৷ ৰাজধানীত আয়োজিত এক সংবাদ মেলত বিত্তমন্ত্রী সীতাৰমণে দেশৰ অর্থনীতি ৫ ত্রিলিয়ন মার্কিন ডলাৰৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ১০২ লাখ কোটি টকাৰ আন্তঃগাঁথনিৰ প্রকল্প মুকলি কৰা হৈছে৷ নেচনেল ইনফ্রাষ্ট্রাকচাৰ পাইপলাইন (এনআইপি) কো–ৰডিনেচন মেকানিজমৰ জৰিয়তে কেন্দ্র ৰাজ্য আৰু ব্যক্তিগত খণ্ডই এই প্রকল্পৰ কাম ৰূপায়ণ কৰিব৷ এনআইপিৰ অধীনত ২৫ লাখ কোটি টকা বিদ্যুৎ প্রকল্পত, ২০ লাখ কোটি টকা পথ আৰু ৰে’লৱে প্রকল্পত ১৪ লাখ কোটি টকা৷ লক্ষণীয় যে ব্যক্তিগত খণ্ডৰ এনআইপিত ২২–২৫ শতাংশ অংশীদাৰিত্ব থাকিব৷