ৰাজ্যসভাত মন্ত্ৰী অনুপস্থিত থকাৰ বাবে সমালোচনা নাইডুৰ

নিয়মীয়া বাৰ্তা ৯ ডিচেম্বৰঃ ৰাজ্যসভাত কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত নথকাৰ বাবে সৰৱ হল ৰাজ্যসভাৰ সভাপতি ভেংকায়া নাইডু। সোমাবাৰে পুনৰ ৰাজ্যসভাত মোডীৰ মন্ত্ৰী সভাৰ মন্ত্ৰীৰ উপস্থিতি একেবাৰে নগন্য আছিল। ইয়াৰ আগতেও সভাপতি নাইডুৱে সদনত অনুপস্থিত থকাৰ বাবে সদস্যসকলক সমালোচনা কৰিছিল। সভাপতি নাইডুৱে মন্ত্ৰী সকলক সদনত উপস্থিত থাকিবলৈ জাননী প্ৰেৰণ কৰিছিল। যদিও ইয়াৰ পিছতো মন্ত্ৰী উপস্থিত নথকাৰ বাবে ক্ষুণ্ণ হৈ পৰে ৰাজ্যসভাৰ সভাপতি ভেংকায়া নাইডু। উল্লেখ্য যে সোমবাৰে ৰাজ্যসভাৰ কাৰ্যসূচীত বিভিন্ন মন্ত্ৰীৰ ১২ টা সূচী অন্তৰ্ভুক্ত আছিল, কিন্তু তাৰে কেইজনমান মন্ত্ৰী উপস্থিত নাছিল।

Comments (0)
Add Comment