নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কুশতলীত ২৯ ছেপ্টেম্বৰত সংঘটিত এক নৃশংস হত্যাকাণ্ডৰ ন্যায় বিচাৰি অঞ্চলটোৰ কেইবাশ পুৰুষ–মহিলা সোমবাৰে ৰাজপথলৈ ওলাই আহি আৰক্ষী প্রশাসনৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ কুশতলী গাঁৱৰ সিং দেউৰী নামৰ যুৱকজনক দুর্বৃত্তই হত্যা কৰি যুৱকজনৰ ঘৰৰ তাঁতশাল এখনত ডিঙিত গামোচাৰে চিপ দি ওলমাই থৈ গৈছিল৷ এই ঘটনাৰ প্রায় ১৪ দিন উকলি যোৱাৰ পাছতো আৰক্ষীয়ে যুৱকজনৰ হত্যাকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ যাৰ বাবে কুশতলীৰ ৰাইজ সোমবাৰে ৰাজপথলৈ ওলাই আহি আৰক্ষীৰ ব্যর্থতাৰ বিৰুদ্ধে উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদী কার্যসূচীৰ নেতৃত্ব দিয়ে কুশতলী আঞ্চলিক ছাত্র সন্থাই৷