নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হত্যাকাৰীক গ্রেপ্তাৰৰ দাবীত উত্তাল লাহৰীঘাটৰ কুশতলী

নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ  মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কুশতলীত ২৯ ছেপ্টেম্বৰত সংঘটিত এক নৃশংস হত্যাকাণ্ডৰ ন্যায় বিচাৰি অঞ্চলটোৰ কেইবাশ পুৰুষ–মহিলা সোমবাৰে ৰাজপথলৈ ওলাই আহি আৰক্ষী প্রশাসনৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ কুশতলী গাঁৱৰ সিং দেউৰী নামৰ যুৱকজনক দুর্বৃত্তই হত্যা কৰি যুৱকজনৰ ঘৰৰ তাঁতশাল এখনত ডিঙিত গামোচাৰে চিপ দি ওলমাই থৈ গৈছিল৷ এই ঘটনাৰ প্রায় ১৪ দিন উকলি যোৱাৰ পাছতো আৰক্ষীয়ে যুৱকজনৰ হত্যাকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ যাৰ বাবে কুশতলীৰ ৰাইজ সোমবাৰে ৰাজপথলৈ ওলাই আহি আৰক্ষীৰ ব্যর্থতাৰ বিৰুদ্ধে উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদী কার্যসূচীৰ নেতৃত্ব দিয়ে কুশতলী আঞ্চলিক ছাত্র সন্থাই৷

You might also like