বিশেষ লেখা : সমস্বৰে গাওঁ আহক একতা আৰু সমৃদ্ধিৰ জয়গান

অশোক সিংহল

ভাৰতৰ লৌহপুৰুষ চর্দাৰ বল্লভভাই পেটেলে কৈছিল– দেশৰ প্রথম প্রয়োজনীয়তা আছিল বাহ্যিক আৰু আভ্যন্তৰীণ সুৰক্ষা৷ সুৰক্ষা নাথাকিলে আপোনাৰ কোনো পৰিকল্পনা থাকিব নোৱাৰে৷ স্বাধীনতাৰ পাছৰে পৰা ভাৰতেও দেশৰ আভ্যন্তৰীণ বিদ্রোহ, বাহ্যিক শক্তিৰ দ্বাৰা প্রভাৱিত বিদ্রোহ আৰু উগ্রবাদ অথবা সন্ত্রাসবাদৰ মোকাবিলা কৰি আহিছে৷ দেশ বিভাজনৰ যি ৰক্তাক্ত ইতিহাস, সেই ইতিহাসৰ কৰুণ দৃশ্যাৱলী আজিও দেশবাসীৰ মানসপটত সজীৱ হৈ আছে৷ যিদৰে জাপান আৰু ৰাছিয়াৰ মাজৰ ক্ষমতাকেন্দ্রিক প্রতিযোগিতাৰ ফলত হোৱা যুদ্ধৰ বিভীষিকাই বছৰ বছৰ ধৰি একত্রিত হৈ থকা উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াক পৰস্পৰৰ শত্রু কৰি পেলালে, ঠিক সেইদৰে ‘ভাগ কৰা আৰু শাসন কৰা’ নীতিক মূলমন্ত্র হিচাপে গ্রহণ কৰি জাতি, ধর্ম, সম্প্রদায়, ভাষা আৰু প্রাদেশিকতা বিচাৰ আদিৰ ভিত্তিত ব্রিটিছে ভাৰতৰ বিভাজন সম্ভৱ কৰি তুলিলে৷
১৮৫৭ চনত হোৱা চিপাহী বিদ্রোহৰ পাছৰ পৰাই জাতীয় জাগৰণৰ ঢৌৱে ব্রিটিছ সাম্রাজ্যবাদৰ ঘাইশিপা কঁপাই তুলিছিল৷ ব্রিটিছৰাজৰ ছায়া যিমান দূৰ বিস্তাৰিত হৈ পৰিছিল, জাতীয় জাগৰণৰ ক্ষেত্রখনো ক্রমান্বয়ে সিমানে প্রসাৰিত হৈ পৰিছিল৷ যিসমূহ অঞ্চল, গোষ্ঠী ইমানদিনে ৰাজনৈতিকভাৱে বিমুখ আৰু অসচেতন হৈ আছিল, সেইসকলো ‘আজাদ হিন্দ ফৌজ’ৰ দ্বাৰা গঢ়ি উঠা আন্দোলনত উঠিপৰি লাগিছিল৷ এফালে ভাৰতীয় সামৰিক বাহিনী একত্রিত হৈ ব্রিটিছবিৰোধী যুঁজত নামি পৰিলে আৰু আনফালে দ্বিতীয় বিশ্বযুদ্ধৰ লগে লগে ব্রিটিছ শক্তিও নিঃশেষ হৈ পৰিবলৈ ধৰিলে৷ ব্রিটিছৰ ওচৰত এইটো স্পষ্ট হৈ পৰিছিল যে ব্রিটিছ কায়দাৰ শাসন আৰু বেছিদিন নচলিব৷ ব্রিটিছৰ বাবে পৰাজয় স্বীকাৰ কৰাটো যিদৰে সম্ভৱ নাছিল, ঠিক সেইদৰে গণ আন্দোলনকো দমন কৰাটো তেওঁলোকৰ বাবে সম্ভৱপৰ হৈ থকা নাছিল৷ ১৯৪৭ চনৰ ১৪–১৫ আগষ্টৰ মাজৰাতি ভাৰতৰ স্বাধীনতা ঘোষণা কৰা হয়৷ শত–সহস্র মুক্তিযোদ্ধা, স্বাধীনতাৰ অগ্নিত আত্মজাহ দিয়া শ্বহীদৰ লগতে কোটি কোটি জনতাই সপোন দেখা অখণ্ড স্বাধীন ভাৰতৰ সপোনক নস্যাৎ কৰি ১৯৪৭ চনৰ ১৪–১৫ আগষ্টৰ মাজনিশা ভাৰতক দ্বিখণ্ডিত কৰা হ’ল৷ স্বাধীনতা সংগ্রামীসকলে কল্পনা কৰা ভাৰতীয় চিন্তনৰ পৱিত্রতা, অবিনশ্বৰতা আৰু সর্বান্তকৰণৰ ওপৰত প্রতিষ্ঠিত ভাৰতৰ দৃশ্যপট নিমিষতে সলাই পেলোৱা হ’ল৷
ব্রিটিছে অনুমান কৰিছিল যে ভাৰতীয় জাতিৰ অন্তর্নিহিত প্রেৰণাই ব্রাহ্মণ–শূদ্র, হিন্দু–মুছলমান সকলোকে একত্রিত কৰি স্বাধীনতাৰ পতাকাৰ তলত একগোট হৈ ব্রিটিছৰ বিৰুদ্ধে থিয় দিয়াব পাৰে৷ ব্রিটিছে ১৯৪৮ চনৰ জুন মাহত ভাৰত ত্যাগ কৰিব বুলি ১৯৪৭ চনৰ ২০ ফেব্রুৱাৰীত ঘোষণা কৰি হিন্দু–মুছলমানৰ সহমতৰ ওপৰত এখন চুক্তি হ’লেই স্বাধীনতা দিব পাৰি বুলি কয় যদিও পিছলৈ সেই মত প্রত্যাহাৰ কৰি কংগ্রেছ আৰু মুছলিম লীগৰ চুক্তিৰ অবিহনেও তেওঁলোকে ভাৰত ত্যাগ কৰিব বুলি মত প্রকাশ কৰে৷ ব্রিটিছেও নিজৰ ৰাজনৈতিক আৰু অর্থনৈতিক স্বার্থ ৰক্ষার্থে কাম কৰিবলৈ আগবাঢ়িল৷ মুছলিম লীগৰ নেতা জিন্নায়ো ব্রিটিছৰ ইংগিতমর্মে ৰাজনৈতিক খেলবোৰ খেলিবলৈ ল’লে৷ ইয়াৰ উপৰি ১৯৪০ চনলৈ লীগৰ প্রতি ২৫ শতাংশ সাধাৰণ মুছলমান লোকৰো সমর্থন নাছিল৷ সেয়ে লীগে কংগ্রেছৰ ওপৰত গুৰুতৰ চর্ত আৰোপ কৰিব পৰা অৱস্থাত নাছিল৷
১৯৪৫ চনৰ নির্বাচনৰ ফলাফলেও ইয়াক প্রমাণ কৰে৷ ১৯৪৬ চনত হুছেইন ত্যবাজীয়ে পাকিস্তানৰ দাবী যুক্তিহীন বুলি মন্তব্য কৰিছিল৷ দিল্লীৰ মুছলমানসকলেও কংগ্রেছে লীগৰ প্রতি কঠোৰ স্থিতি গ্রহণ কৰিলেহে লীগ দুর্বল হৈ পৰিব আৰু কংগ্রেছৰ প্রতি অধিকাংশ মুছলমান লোক আগ্রহী হ’ব বুলি বল্লভভাই পেটেলক জানিবলৈ দিছিল৷ কিন্তু কংগ্রেছৰ দ্বিধাগ্রস্ত মনোভাব আৰু লীগৰ প্রতি প্রদান কৰা অতিমাত্রা প্রাধান্যতাই পাকিস্তান দাবীক সবল কৰি তুলিবলৈ ইন্ধন যোগায়৷ সেইসময়ত যদি কংগ্রেছে দ্বিধাহীনভাৱে ভাৰতৰ অখণ্ডতাৰ কথা দাঙি ধৰি বিভাজন কোনো পক্ষৰে কাম্য নহয়বুলি দৃঢ় স্থিতি গ্রহণ কৰিলেহেঁতেন, তেতিয়া লীগেও বিভাজনৰ প্রশ্নটো এবাৰ চিন্তা কৰিবলৈ বাধ্য হৈ পৰিলেহেঁতেন৷ আমাৰ নেতাসকলে যদি বিভাজনৰ বিপক্ষে দৃঢ়তাৰে থিয় দি ব্রিটিছ আৰু লীগৰ যুটীয়া শক্তিক প্রত্যাহ্বান জনাই জনসাধাৰণৰ ওচৰ চাপিলহেঁতেন, জাতিটোৰ শেষৰজন ব্যক্তিপর্যন্ত সকলোৱে কংগ্রেছৰ নেতাসকলৰ পিছত থিয় দি যিকোনো মূল্যৰ বিনিময়ত বিভাজন বন্ধ কৰিবলৈ আগবাঢ়ি আহিলহেঁতেন৷ কিন্তু স্বৰাজৰ প্রাথমিক আদর্শ আৰু বিশ্বাসক কংগ্রেছে পৰিত্যাগ কৰিলে৷ কি ধৰণে আৰু কাৰ হাতত ক্ষমতা হস্তান্তৰ কৰা হ’ব সেই সম্পর্কে হিন্দু–মুছলমান একমত হোৱাত ব্যর্থ হ’ল আৰু এই ব্যর্থতাৰেই দুর্ভাগ্যজনক পৰিণতি হ’ল ভাৰত বিভাজন৷
১৯৪৭ চনত ভাৰতৰ স্বাধীনতা আন্দোলনৰ সমাপ্তিয়ে ৰাষ্ট্রৰ বাবে এক নতুন যুগৰ আৰম্ভণি কৰিলে৷ অসমেও ৰাষ্ট্র নির্মাণ প্রক্রিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে৷ গোপীনাথ বৰদলৈ, তৰুণ ৰাম ফুকন আৰু অম্বিকাগিৰী ৰায়চৌধুৰীৰ দৰে নেতাসকলে অত্যাচাৰী নীতি আৰু স্থানীয় সম্পদৰ শোষণৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলনৰ নেতৃত্ব দিছিল৷ এই নেতাসকলৰ প্রচেষ্টাই এক বৃহত্তৰ আন্দোলনৰ ভেটি স্থাপন কৰিছিল৷ ভাৰতৰ স্বাধীনতাৰ পাছত ১৯৫২ চনৰ পৰা অসমত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি আৰু অসমৰ শৈক্ষিক প্রতিষ্ঠানত শিক্ষণৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ বাবে এক আন্দোলনৰ সূচনা হৈছিল৷ ভাষিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভাৰতৰ ‘ৰাজ্য পুনৰ গঠন আইন, ১৯৫৬’ বলৱৎ হোৱাত এই আন্দোলনে আৰু বল পায়৷ ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য গঠন হোৱা দেখি অসম সাহিত্য সভায়ো অসমীয়া ভাষাক অসমৰ একমাত্র চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈ দাবী জনায়৷ ড০ শ্যামা প্রসাদ মুখার্জীৰ তত্ত্বাৱধানতেই তেতিয়া কলিকতা বিশ্ববিদ্যালয়ত পোনপ্রথমবাৰৰ বাবে অসমীয়া ভাষা প্রৱর্তন কৰাৰ লগতে কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষাক এটা বিষয় হিচাপে প্রতিষ্ঠা কৰা হৈছিল৷ ড০ শ্যামাপ্রসাদ মুখার্জীয়ে অসমৰ মৰিয়নিকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্রান্ত ঘূৰি অসমত অসমীয়া ভাষা ৰাজ্যিক ভাষা হোৱাটো উচিত বুলি মত পোষণ কৰিছিল৷
হিন্দু মানুহক মুছলমানৰ শত্রু আৰু মুছলমান মানুহক হিন্দু মানুহৰ শত্রু হিচাপে গঢ়ি তোলাৰ মানসিকতা আৰু হিন্দু ধর্মৰ মানুহৰ মাজত জাত–পাত কিম্বা ভাষাৰ ভিত্তিত বিভেদৰ বীজ ৰোপণ কৰি ক্ষমতা দখল কৰাটো যে অতি সুবিধাজনক সেই কথা ১৯৪৭ চনতেই প্রকট হৈ পৰিছিল৷ জন্মকালৰ পৰা বিজেপি দলে ‘এক দেশ, এক নিচান, এক বিধান’ নীতিৰে ভাৰতক এখন শক্তিশালী দেশ হিচাপে বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰাৰ বাবে অহৰহ চেষ্টা কৰি আহিছে৷ অৱশ্যে তাৰ বিপৰীতে বিৰোধী দলৰ একাংশ বিভেদকামী নেতাৰ মাজত উদ্ভৱ হোৱা বিভাজনৰ মানসিকতাই দেশক দুর্বল কৰাৰ কু–অভিসন্ধি ক’ৰবাত নহয় ক’ৰবাত আজিও উদঙাই দি আছে৷
ভাৰতৰ স্বাধীনতা সংগ্রাম আছিল কঠিন যুদ্ধৰ মাজেৰে প্রাণ আহুতি দি, আত্মত্যাগ কৰা অগণন মানুহে অনেক কষ্ট সহ্য কৰি জয়লাভ কৰা এক সংগ্রাম৷ ভাৰতৰ সন্মানীয় প্রধানমন্ত্রী নৰেন্দ্র মোদী ডাঙৰীয়া নেতৃত্বাধীন বিজেপি চৰকাৰে বিভাজনৰ সময়ত সংঘটিত হোৱা অমানৱীয় ঘটনাৰ ফলত প্রাণ হেৰুওৱা ভাৰতী আইৰ ভাতৃ–ভগ্নীসকলক শ্রদ্ধাঞ্জলি আৰু স্মৃতি ৰোমন্থন কৰাৰ কাৰণে ২০২১ চনৰ পৰাই ১৪ আগষ্টৰ দিনটোক ‘আজাদী কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে ‘বিভাজন বিভীষিকা স্মৃতি দিৱস’ ৰূপে পালন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ দেশ মাতৃক শ্রদ্ধা কৰা আৰু দেশৰ হকে সমর্পিত এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে দেশ মাতৃৰ ৰক্ষার্থে প্রাণ আহুতি দিয়া ভাতৃ–ভগ্নীলৈ ময়ো জনাইছো সশ্রদ্ধ প্রণিপাত আৰু শ্রদ্ধাঞ্জলি৷ স্বাধীনতা দিৱসৰ প্রাক্ক্ষণত মোৰ এয়াই নিৰন্তন প্রচেষ্টা, দেশৰ একতা আৰু সমৃদ্ধিৰ জয়গান গাবলৈ যেন মই সদায় সমর্থ হওঁ– ভাৰত মাতা কী জয়৷

(লেখক অসম চৰকাৰৰ কেবিনেট মন্ত্রী)