নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমনৱেলথ গেমছ বয়কটৰ সিদ্ধান্ত প্ৰত্যাহাৰ ভাৰতৰ

নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ ইংলেণ্ডৰ বার্মিংহামত ২০২২ত অনুষ্ঠিত হ’বলগীয়া কমনৱেল্থ গেমছত শ্বুটিং খেল অন্তর্ভুক্ত নকৰাৰ প্রতিবাদত ভাৰতে প্রতিযোগিতাখন বয়কটৰ ভাবুকি দিছিল৷ কিন্তু ভাৰতীয় অলিম্পিক সন্থাই সোমবাৰে এই সিদ্ধান্ত প্রত্যাহাৰৰ কথা ঘোষণা কৰে৷ ইয়াৰ বিপৰীতে ভাৰতে ২০২৬ অথবা ২০৩০ত কমনৱেলথ গেমছ আয়োজনৰ প্রস্তাৱ প্রেৰণ কৰিব বুলি ভাৰতীয় অলিম্পিক সন্থাৰ সচিবপ্রধান ৰাজীৱ মেহতাই প্রকাশ কৰে৷ নতুন দিল্লীত সোমবাৰে অনুষ্ঠিত ভাৰতীয় অলিম্পিক সন্থাৰ বার্ষিক সাধাৰণ সভাত এই গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়৷ মেহতাই কয় যে ভাৰতে ২০২৬ অথবা ২০৩০ত কমনৱেল্থ গেমছ আয়োজনৰ প্রস্তাৱ প্রেৰণৰ সিদ্ধান্ত লৈছে আৰু ২০২২ৰ বার্মিংহাম কমনৱেল্থ গেমছলৈ ভাৰতে দল প্রেৰণ কৰিব৷ ভাৰতৰ এই সিদ্ধান্তক আদৰণি জনাইছে কমনৱেল্থ গেমছ ফেডাৰেচনে৷ ‘ভাৰতৰ আপত্তি সন্দর্ভত যোৱা নৱেম্বৰত কমনৱেল্থ গেমছ ফেডাৰেচনৰ এটা প্রতিনিধি দলে ভাৰতীয় অলিম্পিক সন্থাৰ সৈতে আলোচনাত মিলিত হৈছিল৷ আমি নিশ্চিত আছিলোঁ যে ভাৰতে কমনৱেল্থ গেমছৰ গুৰুত্ব আৰু অৱদানৰ প্রতি সন্মান জনাই বার্মিংহাম গেমছত অংশগ্রহণ কৰিব৷ তেওঁলোকে ২০২২ৰ কমনৱেল্থ গেমছ বয়কটৰ সিদ্ধান্ত প্রত্যাহাৰ কৰাত আমি অত্যন্ত আনন্দিত৷ ভাৰতে পুনৰ কমনৱেল্থ গেমছ আয়োজন কৰিবলৈ ইচ্ছা প্রকাশ কৰাক লৈও কমনৱেল্থ গেমছ ফেডাৰেচন উল্লসিত৷’ ফেডাৰেচনৰ সভাপতি ডি লুইছ মার্টিনে এইদৰে কয়৷ উল্লেখ্য যে ভাৰতে ২০১০ত নতুন দিল্লীত কমনৱেল্থ গেমছ আয়োজন কৰিছিল৷

You might also like